চলিত বৰ্ষত ভাৰত ভ্ৰমণৰ বাবে আহিছে ৭.২ মিলিয়ন বিদেশী পৰ্যটক

সোমবাৰে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা জনায়।

author-image
Asomiya Pratidin
New Update
চলিত বৰ্ষত ভাৰত ভ্ৰমণৰ বাবে আহিছে ৭.২ মিলিয়ন বিদেশী পৰ্যটক

ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ অক্টোবৰ মাহলৈ প্ৰায় ৭২ লাখ বিদেশী পৰ্যটক আহিছে ভাৰতলৈ। সোমবাৰে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত এই কথা জনায়।

তেওঁক লগতে এয়াও প্ৰশ্ন কৰা হৈছিল যে, চৰকাৰে পৰ্যটনৰ প্ৰচাৰৰ বাবে আৰু বিদেশী পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে পৰ্যটন স্থল বিকশিত কৰি আছে নেকি?

তাৰপাছতে ৰেড্ডীয়ে ২০১৮ চনৰ পৰা পাঁচ বছৰত বিদেশী পৰ্যটকৰ আগমনৰ তথ্য শ্বেয়াৰ কৰিছিল। তথ্য অনুসৰি বিদেশী পৰ্যটকৰ আগমন ক্ৰমে ১০.৫৬ মিলিয়ন(২০১৮), ১০.৯৩মিলিয়ন (২০১৯), ২.৭৩ মিলিয়ন(২০২০), ১.৫২ মিলয়ন (২০২১), ৬.৪৪ মিলিয়ন(২০২২) আছিল। ইয়াৰ পাছতে ২০২৩ চনত ইয়াৰ পৰিমাণ বৃদ্ধি পাইছিল। ২০২৩ চনত ৭.২৪ মিলিয়ন বিদেশী পৰ্যটক আহে ভাৰতলৈ।

ৰেড্ডীয়ে লগতে কয়, (কেন্দ্ৰীয়) খনি মন্ত্ৰালয়ে পূৰ্বৰ ভাৰত গোল্ড মাইনছ লিমিটেডৰ আন্তঃগাঁথনি/সুবিধাসমূহ পৰ্যটন মন্ত্ৰালয়ৰ সৈতে পৰ্যটন স্থললৈ বিকশিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। ইয়াৰোপৰি পৰ্যটন ক্ষেত্ৰত বিকশিত কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁ কয়।

আনহাতে পৰ্যটন মন্ত্ৰালয়ে দেশত মুঠ ৫,২৯৪.১১ কোটি টকা ব্যয় সাপক্ষে ৭৬ টা প্ৰকল্পত মঞ্জুৰ প্ৰদান কৰিছে।

Also Read: কাক দিব নেতৃত্ব, কোনে পাব কেইখন আসন! আজি দিল্লীত বিৰোধী মৰ্চা ইণ্ডিয়াৰ বৈঠক

tourist