অক্টোবৰত পাকিস্তানলৈ নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

ইছলামাবাদৰ পৰা প্ৰেৰণ কৰিছে পত্ৰ

author-image
Asomiya Pratidin
New Update
অক্টোবৰত পাকিস্তানলৈ নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

অক্টোবৰত পাকিস্তানলৈ নিমন্ত্ৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী...

ডিজিটেল ডেস্কঃ ২০২৫ ৰ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ'বলগীয়া আই চি চিৰ চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰিবলৈ ভাৰতীয় দল বি চি চি আইয়ে প্ৰেৰণ কৰিব নে নকৰিব তাক লৈ চৰ্চা আৰু উৎসুকতা অব্যাহত আছে। ভাৰত-পাকিস্তানৰ মাজৰ কূটনৈতিক সম্পৰ্ক বৰ্তমানৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বি চি চি আইয়ে ভাৰতীয় দল প্ৰেৰণ নকৰিব বুলিয়েই একাংশই অনুমান কৰিছে। ক্ৰিকেটক কেন্দ্ৰ কৰি এই চৰ্চা আৰু উৎসুকতা অব্যাহত থকাৰ মাজতেই এইবাৰ ভাৰত-পাকিস্তানৰ কূটনৈতিক সম্পৰ্কলৈ আহিল নতন টুইষ্ট।

চেম্পিয়নছ ট্ৰফীৰ পূৰ্বেই হয়তো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পাকিস্তান ভ্ৰমণলৈ যাব পাৰে। সকলো ঠিকেই থাকিলে অহা অক্টোবৰ মাহৰ ঠিক মাজ ভাগতেই অন্ততঃ দুদিনীয় ভ্ৰমণৰ বাবে ইছলামাবাদত উপস্থিত হ'বগৈ পাৰে নৰেন্দ্ৰ মোডী।

অৱশ্যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় অথবা বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ ফালৰ পৰা এই ইংগিত দিয়া নাই। প্ৰধানমন্ত্ৰীৰ মোডীৰ পাকিস্তান ভ্ৰমণৰ বিষয়ে চৰ্চা হৈছে এখন চিঠিক কেন্দ্ৰ কৰি।

শেহতীয়াতৈ ইছলামাবাদৰ পৰা ভাৰত চৰকাৰলৈ প্ৰেৰণ কৰিছে এখন বিশেষ পত্ৰ। এই পত্ৰখন আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ। পত্ৰখনৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীক অক্টোবৰৰ ১৫ আৰু ১৬ তাৰিখে পাকিস্তান ভ্ৰমণৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছে।

অৱশ্যে এই পত্ৰ কেৱল নৰেন্দ্ৰ মোডীলৈকে অহা নাই। এইধৰণৰ নিমন্ত্ৰণী পত্ৰ আন কেইবাখনো ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানলৈ প্ৰেৰণ কৰিছে ইছলামাবাদে। কিয়নো দেশখনত অনুষ্ঠিত হ'বলৈ গৈ আছে ছাংহাই সহযোগী সংস্থা (Shanghai Cooperation Organisation চমুকৈ SCO)ৰ বৈঠক।

অক্টোবৰৰ ১৫ আৰু ১৬ তাৰিখে ইছলামাবাদত অনুষ্ঠিত হ'ব এই আন্তৰ্জাতিক সংস্থাৰ বৈঠক। এই বৈঠকত অংশগ্ৰহণ কৰিবলৈকে নৰেন্দ্ৰ মোডীক নিমন্ত্ৰণ জনাইছে পাকিস্তানে।

ইছলামাবাদৰ পৰা প্ৰেৰণ কৰা এই পত্ৰৰ বিষয়ে অৱগত কৰিছে ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে। বৈদেশিক পৰিক্ৰমা বিভাগৰ সপ্তাহিক সংবাদ মেল সম্বোধন কৰাৰ সময়ত আজি সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰন্ধীৰ জয়ছোৱালে কয়- হয়, আমি ছাংহাই সহযোগী সংস্থাৰ ৰাষ্ট্ৰসমূহৰ মুৰব্বীৰ বৈঠকলৈ নিমন্ত্ৰণ জনাই প্ৰেৰণ কৰা পাকিস্তানৰ এখন পত্ৰ লাভ কৰিছো। এই বিষয়ে আমাৰ হাতত আন তথ্য একো নাই। পৰৱৰ্তী সময়ত এই বিষয়টোক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই বিষয়ে অৱগত কৰিম।

মন কৰিবলগীয়া যে, ছাংহাই সহযোগী সংস্থাৰ বৈঠক অনুষ্ঠিত কৰাৰ দায়িত্ব লাভ কৰিছে পাকিস্তানে। এই বৈঠক সফলতাৰে অনুষ্ঠিত কৰিবলৈ পাকিস্তানে সকলো প্ৰস্তুতি চলাইছে। সেই অনুসৰিয়েই সংস্থাৰ আটাইবোৰ সদস্য ৰাষ্ট্ৰৰ মুৰব্বীৰ লগতে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈয়ো নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰিছে ইছলামাবাদে।

স্মৰ্তব্য যে, ২০০১ চনৰ ১৫ জুনত ছাংহাইত কাজাখিস্তান, চীন, কিৰগিস্তান, ৰাছিয়া, তাজাকিস্তান, উজবেকিস্তানৰ দ্বাৰা এই সংস্থা গঠন কৰা হৈছিল। এই ছাংহাই সহযোগী সংস্থা হৈছে এক স্থায়ী আন্তঃচৰকাৰী আন্তৰ্জাতিক অনুষ্ঠান। ভাৰত, ইৰাণো বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰ। তাৰোপৰি আফগানিস্তান, মঙ্গোলিয়া আৰু বেলাৰুছ ইয়াৰ পৰ্যবেক্ষক ৰাষ্ট্ৰ।

Also Read: ছাত্ৰী নিৱাসৰ বাথৰুমত গোপন কেমেৰা: ৰেকৰ্ড কৰিলে ৩০০ ৰো অধিক ভিডিঅ'...

নৰেন্দ্ৰ মোডী পাকিস্তান