ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে বংগত অব্যাহত আছে হিংসাত্মক ঘটনা। এনে হিংসাত্মক ঘটনাৰ মাজতে বংগত পুনৰ হেৰুৱালে এজনে প্ৰাণ। অভিযোগ অনুসৰি তৃণমূল কংগ্ৰেছৰ সমৰ্থকৰূপী এগৰাকী ছাত্ৰ বাওঁদল আৰু আই এছ এফৰ বোমা আক্ৰমণত মৃত্যু হৈছে।
এই ঘটনাক কেন্দ্ৰ কৰি ব্যাপক চাঞ্চল্য অব্যাহত আছে। ঘটনা সন্দৰ্ভত ৩ জনক আটক কৰা হৈছে। উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছে পশ্চিমবংগ। ৰাজ্যখনত বোমা, বাৰুদৰ আক্ৰমণ ঘটনা সাধাৰণ যেন হৈ পৰিছে।
প্ৰায় প্ৰতিদিনেই ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ পৰা হিংসাত্মক ঘটনাৰ খবৰ আহিছে। প্ৰাণহানি হৈছে বহুজনৰ। মঙ্গলবাৰে নিশাও বংগৰ ডগানাগাত তেনে এক হিংসাত্মক ঘটনাত প্ৰাণ গ’ল এজন শিক্ষাৰ্থীৰ।
জানিব পৰা মতে নিশা প্ৰায় ১১ বজাত এক ৰেলী সামৰি তৃণমূল কংগ্ৰেছৰ কৰ্মী, সমৰ্থকসকলে গাঁৱলৈ ঘূৰি আহিছিল। এই লোকসকলৰ মাজত আছিল একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰও।
ঠিকে একে সময়তে বাওঁপন্থী আৰু আই এছ এফেও ৰেলী কৰি আছিল। বাওঁপন্থীৰ এই ৰেলীৰ মাজৰ পৰাই কোনোবাই তৃণমূলৰ সমৰ্থকৰ ফালে লক্ষ্য কৰি বোমা নিক্ষেপ কৰে।
এই বোমাৰ আক্ৰমণত একাদশ শ্ৰেণীৰ ছাত্ৰগৰাকী আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পাছতে তেওঁক ততাতৈয়াকৈ বিশ্বনাথপুৰ গ্ৰাম্য চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
ইফালে নিহত ছাত্ৰগৰাকীৰ পৰিয়ালটোৱে অভিযোগ কৰা মতে কেৱল বোমা নহয় গুলী চালনাও কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি নিশা ঘটনাস্থলী যুদ্ধক্ষেত্ৰলৈ পৰিণত হয়। তৃণমূল কংগ্ৰেছৰ কৰ্মী আৰু সমৰ্থকসকলে বোমা নিক্ষেপ কৰা বুলি অভিযোগ উঠা ব্যক্তিজনৰ ঘৰত আক্ৰমণ চলাই অগ্নি সংযোগ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰিছে।
Also Read: পথত বহি থকা আদিবাসী লোকৰ মুখত প্ৰসাব কৰিলে বিজেপি নেতাই...