ডিজিটেল ডেস্কঃ পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হোৱা পশ্চিমবংগত পুনৰ ৩ জনকৈ লোক গুলীবিদ্ধ হৈছে। বংগৰ দিনহাটাৰ কালমাটিত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে, বৃহস্পতিবাৰে নিৰ্বাচনী হিংসাত উত্তপ্ত হৈ পৰে দিনহাটাৰ কালমাটি অঞ্চল। খণ্ডযুদ্ধত লিপ্ত হয় বিজেপি আৰু তৃণমূল কংগ্ৰেছ কৰ্মী। তাৰ মাজতে সংঘটিত হয় গুলীচালনাৰ ঘটনা।
সূত্ৰত প্ৰকাশিত খবৰ অনুসৰি শেষ মুহূৰ্তৰ প্ৰচাৰ সামৰি ঘৰলৈ উভতি আহিছিল গেৰুৱা শিৱিৰৰ লোক। অভিযোগ অনুসৰি তেতিয়াই তেওঁৰ ওপৰত আক্ৰমণ হয়। এই ঘটনাৰ অন্তত তিনিজন লোক গুলীবিদ্ধ হয়।
অৱশ্যে সাধাৰণ জনতাই আক্ৰমণকাৰীক আটক কৰে। উল্লেখ্য যে, পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি বংগত এই পৰ্যন্ত ১৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ইফালে বৃহস্পতিবাৰেই দক্ষিণ ২৪ পৰগনাৰ কুলপিৰ দৌলতপুৰত মৃত্যু হৈছে এজন কংগ্ৰেছ কৰ্মীৰ।
যোৱা সোমবাৰে তেওঁৰ ওপৰত চলিছিল আক্ৰমণ। তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে। অৱশ্যে তৃ্ণমূল কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰিছে।
অভিযোগ অনুসৰি তৃণমূল কংগ্ৰেছৰ কৰ্মীয়ে তেওঁক আক্ৰমণ কৰিছিল। সেই আক্ৰমণত গুৰুতৰ ভাৱে আহত হৈছিল এই কংগ্ৰেছ কৰ্মীজন। আক্ৰমণৰ পাছতে তেওঁক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।
অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত উন্নত চিকিৎসাৰ বাবে কলকাতালৈ প্ৰেৰণ কৰিছিল। কলকাতাতেই তেওঁৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হয়।
Also Read: অভিনেতা, পৰিচালক, নাট্যকৰ্মী বিজয় শংকৰ শইকীয়া আৰু নাই...