পেৰিছৰ পৰা আহিল ভাল খবৰ...

পেৰিছৰ পৰা আহিল ভাল খবৰ...

author-image
Asomiya Pratidin
New Update
পেৰিছৰ পৰা আহিল ভাল খবৰ...

ডিজিটেল ডেস্কঃ ভাল খবৰটো আহিল পেৰিছ অলিম্পিকৰ পৰা। দেওবাৰে মহিলাৰ একক বেডমিন্টনৰ প্রথমখন খেলত পিভি সিন্ধুৰ হাতত ধৰাসয়ী হ'ল সালদ্বীপৰ ফাতিমাথ নবাহা আব্দুল ৰজ্জক। গ্ৰুপ এমত ভাৰতৰ পি ভি সিন্ধুৱে মালদ্বীপৰ ফাতিমাথ নবাহা আব্দুল ৰজ্জকক ২১-৯, ২১-৬ ছেটত পৰাস্ত কৰে।

উল্লেখযোগ্য যে ২০১৬ চনত ৰিঅ’ অলিম্পিকত ৰূপ পদক আৰু ২০২০ চনৰ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰিছিল পি ভি সিন্ধুৱে। গ্ৰুপ এমৰ দ্বিতীয়খন খেলত বুধবাৰে ইষ্ট’নিয়াৰ ক্ৰীষ্টিন কুবাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব পি ভি সিন্ধু।

প্ৰাণিধানযোগ্য যে ২৬জুলাইৰ পৰা আৰম্ভ হোৱা ২০২৪বৰ্ষৰ পেৰিছ অলিম্পিকত এতিয়ালৈকে অষ্ট্ৰেলিয়াই ৩টা সোণ আৰু ২টা ৰূপেৰে মুঠ ৫টা পদক লাভ কৰিছে। আনহাতে চীনে ৩টা সোণ আৰু এটা ব্ৰঞ্জৰেৰে ৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। আমেৰিকাই এটা সোণ, দুটা ৰূপ আৰু দুটা ব্ৰঞ্জৰ পদকেৰে মুঠ ৫টা পদক লাভ কৰিছে। ইয়াৰোপৰি ফ্ৰান্সে এটা সোণ, ২টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদকেৰে ৪টা পদক লাভ কৰিবলৈ সক্ষম হৈছে।

উল্লেখ্য যে পেৰিছ অলিম্পিকত মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টলত মানু ভাকেৰে অৰ্হতাত ৩য় স্থান দখল কৰি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিছে। আজি বিয়লি ৩.৩০বজাৰ পৰা আৰম্ভ হ'ব এই খেল। ভাৰতৰ পুৰুষ হকী দলটোৱেও শনিবাৰে নিশা ইভছ-ডু-মেনোয়াৰ ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী পুল-বি মেচত নিউজিলেণ্ডৰ বিৰুদ্ধে ৩-২ গ'লত জয়লাভ কৰি অভিযান আৰম্ভ কৰে।

Also Read: অসমৰ নতুন ৰাজ্যপাল...

Paris Olympics p v sindhu