ডিজিটেল ডেস্কঃ মণিপুৰক কেন্দ্ৰ কৰি সংসদৰ বৰ্ষাকালীন অধিৱেশন উত্তপ্ত হৈ আছে। আজিও তাৰ ব্যতিক্ৰম নহ'ল। লোকসভা আৰু ৰাজ্যসভাত বিৰোধী ৰাজনৈতিক দলসমূহে মণিপুৰক কেন্দ্ৰ কৰি সদন উত্তপ্ত কৰি তোলাৰ লগতে প্ৰধানমন্ত্ৰী মোডীৰ বিবৃতি দাবী কৰে।
ইয়াৰ মাজতে সংসদৰ উভয় সদনকে ২৫ জুলাই মংগলবাৰৰ পুৱা ১১ বজালৈ স্থগিত ৰখা হৈছে। ইফালে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়ৰ সৈতে মণিপুৰ সন্দৰ্ভত তৰ্কত লিপ্ত হোৱাৰ বাবে আম আদমি পাৰ্টীৰ সাংসদ সঞ্জয় সিঙক চলিত বৰ্ষাকালীন অধিৱেশনৰ পৰা বহিষ্কাৰ কৰা হৈছে। বিৰোধী সাংসদসকলে অধ্যক্ষৰ এই সিদ্ধান্তৰো বিৰোধিতা কৰিছে।
মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে গোটৰ নেতা সঞ্জয় ৰাউতে দাবী কৰি কয়, বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবৰ ৰাজ্যত চলি থকা হিংসাত্মক ঘটনা সন্দৰ্ভত এক বিতং বিবৃতি দিয়াটো বিচাৰে । তেওঁ কয়, মণিপুৰত মহিলাসকলক হত্যা, ধৰ্ষণ আৰু উলংগ কৰি সমদল কৰাৰ পাছত বিৰোধীয়ে মাত মাতি সংসদত চৰকাৰক প্ৰশ্ন কৰিব নোৱাৰে নেকি ? আমি জানিব বিচাৰো চৰকাৰে কি কৰিছে আৰু প্ৰধানমন্ত্ৰীৰ ভূমিকা কি ?
সমাজবাদী পাৰ্টিৰ সাংসদ জয়া বচ্চনেও মণিপুৰ ঘটনা সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয়, মণিপুৰৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰা হৈছে কিন্তু ভাৰতত কৰা হোৱা নাই। এয়া লাজৰ বিষয়।
এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে আজি বিৰোধী দলসমূহৰ নৱগঠিত ঐক্যমঞ্চ INDIA ই সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীৰ বিবৃতি দাবী কৰিছে। বিৰোধী সাংসদসকলে হাতত বেনাৰ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে শ্ল'গান দিয়ে।
ইফালে মণিপুৰ ঘটনাক লৈ বিৰোধীয়ে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ মাজতে সংসদত বিজেপিয়েও প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হ'ল। মণিপুৰ ঘটনাৰ সন্দৰ্ভত প্ৰতিবাদ কৰা বিৰোধীক প্ৰত্যুত্তৰ দিবলৈ বিজেপি সাংসদসকলে ৰাজস্থান, পশ্চিমবংগ আদিৰ দৰে কংগ্ৰেছকে ধৰি অবিজেপি শাসিত ৰাজ্যত মহিলাৰ ওপৰত হোৱা অত্যাচাৰ বাবে সংসদ চৌহদত গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। তাৰ মাজতে গৃহমন্ত্ৰী অমিত শ্বাহে কয়, মই সদনত মণিপুৰ বিষয়ক লৈ আলোচনা কৰিবলৈ সাজু আছো।
#WATCH | AAP Rajya Sabha MP Sanjay Singh speaks on his suspension from the current Monsoon session of Parliament
"Why is the PM not speaking on violence in Manipur in Parliament? The PM is not ready to speak on this in the Parliament. The government is not ready to discuss this… pic.twitter.com/GpWNnmnQ1W— ANI (@ANI) July 24, 2023
#WATCH | Delhi: On BJP's protest against rising atrocities & crime against women in Rajasthan, BJP MP Ravi Kishan says, "We demand the resignation of Rajasthan CM Ashok Gehlot. The atrocities on Dalits (women) need to be stopped. The atrocities have tremendously increased and so… pic.twitter.com/bLrZPf6ADf
— ANI (@ANI) July 24, 2023
#WATCH | Opposition parties (I.N.D.I.A) protest in Parliament demanding PM Modi's statement on Manipur in both houses. pic.twitter.com/zhX9ZKMtal
— ANI (@ANI) July 24, 2023
Also Read: কচুৱাত আৰক্ষীৰ অভিযানঃ জব্দ হেৰ'ইন, আটক...