ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰিলে পতঞ্জলিয়ে ১ কোটি টকা পৰ্যন্ত জৰিমণা ভৰিব লাগিব বুলি এক ৰায় প্ৰদান কৰাৰ পাছতে পতঞ্জলি আয়ুৰ্বেদ লিমিটেড (Patanjali Ayurved Limited)ৰ ফালৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি তেওঁলোকে ভুৱা বিজ্ঞাপন প্ৰচাৰ নকৰে বুলি দাবী কৰিছে। ইয়াৰোপৰি চিকিৎসাখণ্ডৰ একাংশ হতাশ চিকিৎকে আয়ুৰ্বেদৰ বিৰোধিতা কৰে বুলিও দাবী কৰিছে।
বুধবাৰে ৰামদেৱ (Ramdev)ৰ এই সংস্থাটোৰ পৰা জাৰি কৰা এক প্ৰেছ বিজ্ঞপত্তিত কয়, তেওঁলোকৰ প্ৰতিষ্ঠানত উৎপাদিত সামগ্ৰীৰ কোনো ভুৱা বিজ্ঞাপন প্ৰচাৰ নকৰে। যদিহে তেওঁলোকৰ এই দাবী ভুৱা হয় তেন্তে উচ্চতম ন্যায়ালয়ে জৰিমণা বিহিলেও বা ফাঁচী প্ৰদান কৰিলেও কোনো আপত্তি নাথাকিব।
ইণ্ডিয়ান মেডিকেল এছোচিয়েচনে (INDIAn Medical Association) উচ্চতম ন্যায়ালয়ত ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিয়ে আধুনিক ঔষধ তথা চিকিৎসা পদ্ধতিৰ বিৰোধিতা কৰি বিজ্ঞাপন প্ৰচাৰ কৰাৰ অভিযোগেৰে এক আৱেদন দাখিল কৰিছিল। এই আৱেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে পতঞ্জলিয়ে ৰোগীৰ চিকিৎসাৰ বাবে ঔষধৰ যিসমূহ বিজ্ঞাপন প্ৰকাশ কৰে সেই বিজ্ঞাপনত ভুৱা আৰু ভ্ৰান্ত দাবী কৰা হৈছে।
ভৱিষ্যতে এনে কৰিলে ১ কোটি টকা পৰ্যন্ত জৰিমণা ভৰিব লাগিব। উচ্চতম ন্যায়ালয় (Supreme court of India)ৰ এই ৰায়ৰ পাছতে বিপদত পৰে পতঞ্জলি আয়ুৰ্বেদ লিমিটেড। প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। তাৰ মাজতে ২২ নৱেম্বৰ, বুধবাৰে প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে সংস্থাটোৱে তেওঁলোকৰ স্থিতি সন্দৰ্ভত স্পষ্টিকৰণ প্ৰকাশ কৰিছে।
ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যুত্তৰ দি পতঞ্জলি আয়ুৰ্বেদ লিমিটিডে প্ৰেছ বিজ্ঞপ্তিত কয়, আমাৰ হাতত এক কোটিৰো অধিক লোকৰ তথ্য আছে যাৰ ভিতৰত আছে প্ৰাক নিদানিক, নিদানিক প্ৰমাণৰ বাস্তৱিক ব্যৱহাৰৰ তথ্য। আমি হাজাৰ হাজাৰ লোকৰ ব্লাড প্ৰেছাৰ, চুগাৰ, থাইৰয়ড, হাপানি, আৰ্থ্ৰাইটিছ, মেদবহুলতা, যকৃত আৰু বৃক্ক জনিত ৰোগ, কৰ্কট ৰোগৰ পৰা মুক্ত কৰিছে।
ইয়াৰোপৰি উল্লেখ কৰিছে, আমাৰ লগত বিশ্বৰ ভিতৰতে আয়ুৰ্বেদৰ শ্ৰেষ্ঠ গৱেষণা প্ৰতিষ্ঠান পতিঞ্জলি গৱেষণা প্ৰতিষ্ঠান আছে। য'ত পৰম্পৰাগত চিকিৎসা আৰু সনাতন জ্ঞান পৰম্পৰা সন্দৰ্ভত গৱেষণা চলোৱা হয়। ইয়াত ১০০ ৰো অধিক বিশ্বৰ প্ৰসিদ্ধ বৈজ্ঞানিকে ৩০০০ ৰো অধিক গৱেষণা প্ৰ'টকল অনুসৰণ কৰি গৱেষণা কৰে। আমি বিশ্বৰ প্ৰসিদ্ধ জাৰ্নেলত ৫০০ ৰো অধিক গৱেষণা পত্ৰ প্ৰকাশ পাইছে।
তেওঁলোকৰ মতে চিকিৎসাখণ্ডৰ কিছু তথাকথিত হতাশ চিকিৎসক, যিসকলে আয়ুৰ্বেদ, নেচাৰোপেথিকৰ বিৰোধিতা কৰে তেওঁলোক বৃহৎ সমস্যাৰ সন্মুখীন হৈছে। ছিনথেটিক ঔষধৰ দ্বাৰা ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি, আৰোগ্য কৰিব নোৱাৰি। এয়া এলোপেথিকৰহে সমস্যা। আয়ুৰ্বেদৰ বাবে এই সমস্যা নহয়।
সংস্থাটোৱে পুনৰ কয়, চিকিৎসা ক্ষেত্ৰত বহু আধুনিক চিকিৎসকক দেখিছোঁ, নকল পেচ মেকাৰ স্থাপন কৰি বৃক্ক চুৰি কৰা, অপ্ৰয়োজনীয় ঔষধ প্ৰদান, চিকিৎসা মাফিয়া, ড্ৰাগ মাফিয়া হিচাপে নিৰ্বিচাৰভাৱে পৰীক্ষা কৰি চিকিৎসা অপৰাধ কৰি আহিছে। আমি তেওঁলোকৰ বিৰুদ্ধে যুঁজ দিছো।
প্ৰেছ বিজ্ঞপ্তিটোত তেওঁলোকে চিকিৎসা বিজ্ঞানক আৰু সৎ চিকিৎকক সন্মান কৰাৰ কথা উল্লেখ কৰি কয়, আমি সদায়েই চিকিৎসা বিজ্ঞানৰ সৎ চিকিৎসক আৰু জীৱন ৰক্ষাকাৰী ঔষধ, জুৰুৰীকালীন চিকিৎসা, প্ৰয়োজনীয় অস্ত্ৰোাপচাৰ কৰাসকলক সন্মান কৰি আহিছো আৰু কৰি যাম। সমান্তৰালকৈ আমি বেদ আৰু আয়ুৰ্বেদ, পতঞ্জলিৰ মহৰ্ষি চৰক, মহৰ্ষি সুশ্ৰুত আৰু মহৰ্ষি ধনন্তৰীৰ পৰা লাভ কৰা এলোপেথিৰ উন্নত চিকিৎসাক বৈজ্ঞানিক আৰু প্ৰমাণিকভাৱে উপকাৰ ভাৱনাৰে আগুৱাই লৈ গৈছো, ব্যৱসায়ৰ বাবে নহয়।
Also Read: উচ্চতম ন্যায়ালয়ৰ ৰোষত ৰামদেৱৰ পতঞ্জলিঃ ভৰিব লাগিব কোটি টকাৰ জৰিমণা !