তৎপৰ সেনাঃ প্ৰধানমন্ত্ৰী মোডীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে সেনাৰ হাতত ধৰাশায়ী সন্ত্ৰাসবাদী...

তৎপৰ সেনাঃ প্ৰধানমন্ত্ৰী মোডীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে সেনাৰ হাতত ধৰাশায়ী সন্ত্ৰাসবাদী...
Published on
Updated on

ডিজিটেল ডেস্কঃ আগন্তুক জম্মু কাশ্মীৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতি তংগত। নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত শনিবাৰে জম্মু কাশ্মীৰলৈ ৰাওনা হব প্ৰধানমন্ত্ৰী মোডী। যোৱা ৪২ বছৰত প্ৰথমবাৰৰ বাবে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণৰ উদ্দেশ্যে জম্মু কাশ্মীৰত উপস্থিত হব দেশৰ প্ৰধানমন্ত্ৰী গৰাকী। লগতে ৪২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে কাশ্মীৰত এক সমাৱেশত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে।

ৰাজ্যৰ ডোডা অঞ্চলত এখন নিৰ্বাচনী সভা সম্বোধন কৰিব মোডীয়ে। সেয়ে প্ৰধানমন্ত্ৰীৰ আগমণত নিৰাপত্তা ব্যৱস্থাক লৈও তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ তথা প্ৰশাসন। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ১৮ ছেপ্টেম্বৰত জম্মু কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া অনুষ্ঠিত হব। দ্বিতীয় পৰ্যায়ৰ ভোটদান হব ২৫ ছেপ্টেম্বৰত লগতে অক্টোবৰ মাহত হব তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া।

লক্ষ্যণীয় যে, মোডীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে শুকুৰবাৰে জম্মু-কাশ্মীৰৰ কঠুৱাত সেনাৰ হাতত ধৰাশায়ী হৈছে দুই সন্ত্ৰাসবাদী। ইয়াৰোপৰি বাৰামুলাত শনিবাৰে পুৱাই সেনাৰ গুলীত মৃত্যু হয় এটা সন্ত্ৰাসবাদীৰ। যোৱা শুকুৰবাৰে এই সন্ত্ৰাসবাদীৰ আক্ৰমণতে শ্বহীদ হৈছিল দুই সেনা জোৱানৰ।

এই ঘটনা সংঘটিত হোৱা ২৪ঘন্টাৰ ভিতৰতে সেনা বাহিনীয়ে চলোৱা অভিযানত নিহত হয় এই সন্ত্ৰাসবাদীটো। প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে সন্ত্ৰাসবাদীক লৈ অভিযান চলাইছে প্ৰশাসন তথা সেনা বাহিনীয়ে।

তৎপৰ সেনাঃ প্ৰধানমন্ত্ৰী মোডীৰ কাশ্মীৰ ভ্ৰমণৰ পূৰ্বে সেনাৰ হাতত ধৰাশায়ী সন্ত্ৰাসবাদী...
নৱগ্ৰহত শেষকৃত্য সম্পন্ন সাহিত্যচাৰ্য উপেন্দ্ৰ নাথ শৰ্মাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in