মহাৰাষ্ট্ৰত ৭৬ হাজাৰ কোট টকা ব্যয়ৰে ৱধাবন বন্দৰৰ আধাৰশিলা স্থাপন মোডীৰ

এই প্ৰকল্পই ১২ লাখ লোকক সংস্থাপন দিব- সৰ্বানন্দ সোণোৱাল

author-image
Asomiya Pratidin
New Update
মহাৰাষ্ট্ৰত ৭৬ হাজাৰ কোট টকা ব্যয়ৰে ৱধাবন বন্দৰৰ আধাৰশিলা স্থাপন মোডীৰ

ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ পালঘৰত প্ৰায় ৭৬,০০০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'বলগীয়া ৱধাবন বন্দৰৰ আধাৰশিলা স্থাপন কৰে। এই অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালেও অংশগ্রহণ কৰে।

প্রধানমন্ত্রীয়ে একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰেআৰু আধাৰশিলা স্থাপন কৰে। তেখেতে প্রায় ১,৫৬০ কোটি টকাৰ ২১৮টা মীনপালন প্ৰকল্পৰ শুভ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রায় ০৬০ কোটি টকা ব্যয়েৰে জাহাজ যোগাযোগ আৰু সহযোগিতা প্ৰণালীৰ ৰাষ্ট্ৰীয় বোল আউটৰো শুভাৰম্ভ কৰে।

প্রধানমন্ত্রীয়ে মাছ ধৰা বন্দৰ, মাছৰ অৱতৰণ কেন্দ্ৰ আৰু মাছৰ বজাৰ নিৰ্মাণৰ উন্নীতকৰণ আৰু আধুনিকীকৰণকে ধৰি গুৰুত্বপূৰ্ণ মীন আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেখেতে মাছমৰীয়া হিতাধিকাৰীসকলক ট্রেন্সপণ্ডাৰ ছেট আৰু কিষাণ ক্রেডিট কার্ড প্রদান কৰে।

ৰাজ্য আৰু দেশৰ উন্নয়নৰ যাত্ৰাত এই দিনটো ঐতিহাসিক বুলি অভিহিত কৰি প্রধানমন্ত্রীয়ে ভাষণত কয়, "আমাৰ চৰকাৰে যোৱা ১০ বছৰত মহাৰাষ্ট্ৰৰ বিকাশৰ বাবে বিভিন্ন গুৰুত্বপূর্ণ পদক্ষেপ গ্রহণ কৰিছে আৰু ভাৰতৰ উন্নয়নৰ যাত্রাক শক্তিশালী কৰিছে।"

ৰাজ্যখনৰ ঐতিহাসিক সামুদ্রিক বাণিজ্যৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ''ৰাজ্যখনৰ উপকূলীয় অঞ্চলৰ বাবে যথেষ্ট সুযোগ-সম্ভাৱনা নিহিত হৈ আছে। "ৱধাবন বন্দৰ দেশৰ সৰ্ববৃহৎ কন্টেইনাৰ বন্দৰ হ'ব আৰু ইয়াক বিশ্বৰ গভীৰ পানী বন্দৰৰ ভিতৰতো গণ্য কৰা হ'ব। ই মহাৰাষ্ট্ৰ আৰু সমগ্ৰ ভাৰতৰ বাবে বাণিজ্যিক আৰু ঔদ্যোগিক বিকাশৰ কেন্দ্রবিন্দু হৈ পৰিব"। ভাষণত প্রধানমন্ত্রীয়ে এই যুগান্তকাৰী বন্দৰ প্ৰকল্পৰ বাবে পালঘৰ, মহাৰাষ্ট্ৰ আৰু সমগ্র দেশৰ জনসাধাৰণক অভিনন্দন আপন কবে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে ভাষণ প্রসংগত কয়, "আজি আমাৰ দেশৰ বাবে এক ঐতিহাসিক দিন। স্বাধীনোত্তৰ ভাৰতৰ সবাতোকৈ বৃহৎ বন্দৰ মহাৰাষ্ট্ৰৰ ৱধাবনত নির্মিত হ'বলৈ গৈ আছে। আজি মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই বন্দৰৰ আধাৰশিলা স্থাপনেৰে দেশৰ বন্দৰ তথা সামুদ্রিক খণ্ডত এক নতুন দিগন্তৰ সূচনা কৰিলে। মাননীয় প্রধানমন্ত্রী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত বিগত ১০টা বছৰত আমাৰ দেশখনে বিকাশৰ এক নতুন শিখৰত উপনীত হৈছে আৰু দেশৰ অৰ্থনীতিয়ে বিশ্বৰ বৃহৎ পাঁচ অৰ্থনীতিৰ ভিতৰত স্থান লাভ কৰিছে আৰু ২০৩০ চনৰ ভিতৰত বিশ্বৰ তিনি বৃহৎ অর্থনীতিৰ ভিতৰত ভাৰতৰ অর্থনীতিকো অন্তর্ভুক্ত কৰাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে।

তেওঁ কয়, ৱধাবন বন্দৰটো মহাৰাষ্ট্ৰৰ জনতাৰ প্ৰতি মোদী ডাঙৰীয়াৰ এক অনন্য উপহাৰ, ৰাষ্ট্ৰ হিতৰ অতুলনীয় নিদর্শন। এখন আত্মনিৰ্ভৰ তথা সমৃদ্ধিশালী ভাৰত গঢ়াৰ দিশত এই বন্দৰৰ অৰিহণা উল্লেখযোগ্য হিচাপে পৰিগণিত হ'ব। ই যুৱপ্ৰজন্মৰ বাবে বহু সংস্থাপন মুকলি কৰিব। বিশ্বৰ ১০টা বৃহৎ কন্টেইনাৰ হেগুলিং বন্দৰৰ তালিকাত অন্তর্ভুক্ত হ'বলগীয়া ৱধাবন বন্দৰে প্ৰায় ১২ লাখ নিযুক্তিৰ পথ প্রশস্ত কৰিব। বন্দৰটোৰ নিৰ্মাণৰ সময়ত প্রায় ১ লাখ লোকবো নিযুক্তি সম্ভৱ হব। এই বন্দৰৰ নির্মাণে মহাৰাষ্ট্ৰৰ পালঘৰ অঞ্চলক আকর্ষণীয় পর্যটনস্থলীৰূপেও গঢ়ি তুলিব। এই কার্যত সক্রিয়ভারে সহযোগিতা আগবঢ়োৱাৰ বাবে মহাৰাষ্ট্ৰ চৰকাৰ আৰু মহাৰাষ্ট্ৰবাসীক বিশেষ ধন্যবাদ জনাইছোঁ। দেশৰ বন্দৰ, জাহাজ পৰিবহণ আৰু সামুদ্রিক খণ্ডৰ পাৰদৰ্শিতা অধিক বৃদ্ধিৰে এই বন্দৰ প্ৰকল্পই ভৱিষ্যতে দেশৰ অৰ্থনৈতিক শক্তি বৃদ্ধি কৰিব। এই বন্দৰ প্ৰকল্পই দেশৰ ৰপ্তানিৰ ধাৰা সুদৃঢ় কৰাতো অৰিহণা যোগাব।"

উত্তৰ-পূব সামুদ্রিক দক্ষতা বিকাশ কেন্দ্ৰৰ জৰিয়তে প্রশিক্ষণ লাভেৰে বন্দৰ তথা সামুদ্রিক খণ্ডত প্রতিষ্ঠিত হ'বলৈ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱপ্ৰজন্মকো আহ্বান জনায় সোণোৱালে। যিহেতু বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা সামুদ্রিক খণ্ডত ব্যাপক সংস্থাপনৰ পথ সৃষ্টি হৈ আছে, গতিকে এই খণ্ডত নিজকে সুপ্রশিক্ষিত আৰু দক্ষ কৰি তুলি নিযুক্তিৰ সম্ভাৱনা অন্বেষণ কৰিবলৈ যুৱচামক সোণোৱালে আহ্বান জনায়।

অনুষ্ঠানত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি ৰি ৰাধাকৃষ্ণণ, মুখ্যমন্ত্ৰী একনাথ সিন্দে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফা়নাভিছ, কেন্দ্ৰীয় মীন পালন, পশুপালন আৰু দুগ্ধপালন মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং উপস্থিত থাকে।

Also Read: ৰাজনৈতিক আশীৰ্বাদ নে নিজা দক্ষতা, কাৰ বলত ICC ৰো অধ্যক্ষ হ'ল জয় শ্বাহ?

নৰেন্দ্ৰ মোডী মহাৰাষ্ট্ৰ সৰ্বানন্দ সোণোৱাল