৭১ হাজাৰ যুৱক-যুৱতীক আজি প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰণ কৰিব নিযুক্তিপত্ৰ...

৭১ হাজাৰ যুৱক-যুৱতীক আজি প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰণ কৰিব নিযুক্তিপত্ৰ...

author-image
Asomiya Pratidin
New Update
৭১ হাজাৰ যুৱক-যুৱতীক আজি প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰণ কৰিব নিযুক্তিপত্ৰ...

৭১ হাজাৰ যুৱক-যুৱতীক আজি প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰণ কৰিব নিযুক্তিপত্ৰ...

ডিজিটেল ডেস্কঃ ৭১ হাজাৰ নিবৱনুৱাই আজি লাভ কৰিব সংস্থাপন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰোজগাৰ মেলাৰ জৰিয়তে আজি বিতৰণ কৰিব নিযুক্তিপত্ৰ।

পুৱা ১০-৩০ বজাত ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ বিভিন্ন পদত নিৰ্বাচিত এই যুৱক-যুৱতীসকলক নিযুক্তি প্ৰত্ৰ বিতৰণ কৰিব। সেই অনুসৰি গুৱাহাটী, শিলিগুৰি আৰু ডিমাপুৰত অনুষ্ঠিত হ’ব ৰোজগাৰ মেলা।

গুৱাহাটীত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰ্চুৱেলী এই অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পাছত গুৱাহাটীত সৰ্বানন্দ সোণোৱালে বিতৰণ কৰিব নিযুক্তিপত্ৰ।

সেইদৰে ডিমাপুৰত নিযুক্তিপত্ৰ প্ৰদান কৰিব আন এগৰাকী কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। শিলিগুৰিত অনুষ্ঠিত নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰিয় ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমাণিক।

আজিৰ এই ৰোজগাৰ মেলাত গুৱাহাটীত মুঠ ২০৭ গৰাকী, ডিমাপুৰত ২১৭ গৰাকী আৰু শিলিগুৰিত ২২৫ গৰাকীক নিযুক্তি প্ৰদান কৰা হ’ব।

Also Read: আৰক্ষীৰ জিম্মাত কয়দীৰ মৃত্যু...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সৰ্বানন্দ সোণোৱাল ৰোজগাৰ মেলা