Advertisment

ঝাৰখণ্ডত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমানত বিজুতি...

ঝাৰখণ্ডৰ পৰা দিল্লী অভিমুখে উৰণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমানখন এক যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়। ফলত তেওঁৰ দিল্লীলৈ উভতনি যাত্ৰাত কিছু বিলম্ব হ'ব।

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী মোডীৰ বিমানত বিজুতি

ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ পৰা দিল্লী অভিমুখে উৰণৰ সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমানখন এক যান্ত্ৰিক বিজুতিৰ সন্মুখীন হয়। ফলত তেওঁৰ দিল্লীলৈ উভতনি যাত্ৰাত কিছু বিলম্ব হ'ব।

Advertisment

বিমানখনৰ বিজুতি সমাধান নোহোৱালৈকে প্ৰধানমন্ত্ৰীগৰাকী ঝাৰখণ্ডতেই থাকিব। ফলত তেওঁৰ গোটেই কৰ্মসূচীত বহু পৰিৰবৰ্তন হৈছে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰীগৰাকীয়ে ঝাৰখণ্ডৰ জনজাতি গৌৰৱ দিৱস উপলক্ষে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

আদিবাসী নেতা ভগৱান বীৰছা মুণ্ডাৰ অৱদানক সোঁৱৰণ কৰি অনুষ্ঠিত কৰা হৈছিল এই অনুষ্ঠান। এই অনুষ্ঠান ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰো এক অংশ আছিল।

ৰাজ্যখনত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে ১৩ নৱেম্বৰত সম্পন্ন হৈ গৈছে। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২০ নৱেম্বৰত অনুষ্ঠিত হব। আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ চৰকাৰক সমালোচনাৰ লক্ষ্য কৰি লয়। তেওঁ অভিযোগ কৰে পূৰ্বৰ চৰকাৰে আদিবাসী সম্প্ৰদায়ৰ প্ৰতি অবহেলা কৰিছে।

ইফালে গাড্ডাত আকৌ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ হেলিকপ্টাৰো ৪৫ মিনিট বিলম্ব হয়। তেওঁৰ এনে বিলম্ব হোৱাৰ কাৰণ বিমান চলাচল নিয়ন্ত্ৰণ অনুমতিৰ সমস্যা। কংগ্ৰেছে দলে অভিযোগ কৰি কয়, উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাহুল গান্ধীৰ যাত্ৰা বিলম্ব কৰা হৈছে। প্ৰধানমন্ত্ৰী মোডীৰ দেৱগড় ৰেলীক প্ৰধান্য দিয়েই তেওঁলোকে ৰাহুল গান্ধীৰ বিমান ওৰণত এইদৰে বাধা প্ৰদান কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ঝাৰখণ্ড