নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অ'বিচি সমাজলৈ মনত পৰিল মোডীৰঃ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই বৃহৎ আঁচনি...

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অ'বিচি সমাজলৈ মনত পৰিল মোডীৰঃ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই বৃহৎ আঁচনি...
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অ'বিচি সমাজলৈ মনত পৰিল মোডীৰঃ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই বৃহৎ আঁচনি...
Published on
Updated on

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অ’বিচি ভোটাৰৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আগন্তুক মাহৰ পৰা বিশ্বকৰ্মা কৌশল যোজনা প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। ১৫ আগষ্টত পতাকা উত্তোলন কৰি লালকিল্লাৰ পৰা আগবঢ়োৱা ভাষণত তেওঁ আগন্তুক বিশ্বকৰ্মা পূজাৰ দিনাই ১৩/১৫ হাজাৰ কোটি টকাৰ এই প্ৰকল্প আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।

আনহাতে যোৱা বাজেটত এই আঁচনিৰ বিষয়ে উল্লেখ কৰা হৈছিল। অৱশ্যে বিৰোধীয়ে প্ৰধানমন্ত্ৰীৰ এই আঁচনিক সমালোচনাৰ লক্ষ্য কৰি লৈছে। বিৰোধীৰ মতে চৰকাৰৰ কাৰ্যকাল শেষ হোৱাৰ সময়ছোৱাত কাৰিকৰ সমাজৰ কথা মনত পৰিছে প্ৰধানমন্ত্ৰী মোডীৰ। এয়া কেৱল ভোট ক্ৰয় কৰাৰ লক্ষ্য।

উল্লেখ্য যে, দেশৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যক লোকেই অ’বিচি সম্প্ৰদায়ৰ। এই সম্প্ৰদায়ৰ এক বৃহৎ অংশই শিল্পকৰ্ম, সোণাৰী, ৰাজমিস্ত্ৰী আদিৰ কাম কৰে। সেয়ে প্ৰধানমন্ত্ৰী মোডীয়ে এই আঁচনি আৰম্ভ কৰাৰ কথা উল্লেখ কৰি কয়- বিশ্বকৰ্মা কৌশল যোজনাৰ পৰা মূলতঃ লাভ হ'ব অ'বিচিৰ যিসকলে শিল্পকৰ্মৰ কাম কৰে, সেই সমাজৰ মানুহৰ।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছে, কোটি কোটি হাতে যদি স্বপ্ন পূৰণৰ লক্ষ্যৰে কাম কৰে তেনে আমি আমাৰ লক্ষ্যত উপনীত হম। আমি ১০০০ বছৰ গোলামী সহ্য কৰিছো। সেয়ে আগন্তুক এবছৰত ভাৰতক সমৃদ্ধ কৰিব লাগিব।

স্মৰ্তব্য যে, ২০২৪ ত আছে লোকসভা নিৰ্বাচন। সেয়ে বিৰোধী শিবিৰে প্ৰধানমন্ত্ৰীৰ এই ঘষোণা সন্দৰ্ভত কয়, অ'বিচি সমাজৰ সমৰ্থন পাবলৈ নিৰ্বাচনলৈ ছমাহ থকাৰ সময়ত অ'বিচি কাৰিকৰ সমাজক সাহায্য দিয়াৰ আঁচনিৰ সিদ্ধান্ত লৈছে মোডীয়ে। যাতে এইলোকসকলক পোনপটিয়াকৈ বিত্তীয় সাহায্য প্ৰদান কৰিব পৰা যায়।

অৱশ্যে চৰকাৰৰ মতে অ'বিচি সম্প্ৰদায়ৰ উপৰিও অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু মহিলাসকলেও এই আঁচনিৰ পৰা লাভান্বিত হ'ব। বিশ্বকৰ্মা কৌশল যোজনা আঁচনিৰ জৰিয়তে আৰ্থিক সাহায্য লাভৰ উপৰিও কাৰিকৰ অৰ্থাৎ শিল্পীসকলে প্ৰশিক্ষণ, আধুনিক প্ৰযুক্তি, সামগ্ৰীৰ প্ৰচাৰ আদিৰ বিষয়েও প্ৰশিক্ষণ লাভ কৰিব বুলি চলিত বছৰৰ বাজেট ভাষণত নিৰ্মলা সীতাৰমণে উল্লেখ কৰিছিল।

অ'বিচিৰ উপৰিও নিম্ন আৰু মধ্যবিত্ত সমাজৰ যিসকলে চহৰৰ জুপুৰি, কলনী বা ভাড়া ঘৰত থাকে তেওঁলোকে যাতে নিজৰ ঘৰ নিৰ্মাণ আৰু ক্ৰয় কৰিব পাৰে তাৰ বাবে সহজ ঋণ দিয়াৰ প্ৰকল্পৰ কথাও জনাইছে মোডীয়ে। আগন্তুক ছেপ্টেম্বৰ মাহৰৰ পৰা আৰম্ভ হ'ব এই প্ৰকল্প।   

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অ'বিচি সমাজলৈ মনত পৰিল মোডীৰঃ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব এই বৃহৎ আঁচনি...
৫ লাখ টকীয়া এটা শৌচালয় নিৰ্মাণতো অতুল বৰাৰ সমষ্টিত চলে কমিছনৰ অংক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in