ডিজিটেল ডেস্কঃ চলিত ছেপ্টেম্বৰ মাহতেই মাৰ্কিন যুক্তৰাষ্ট্ৰ ভ্ৰমণ কৰিব নৰেন্দ্ৰ মোডীয়ে। খবৰ অনুসৰি ২১ ছেপ্টেম্বৰত আমেৰিকালৈ যাব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী। তেওঁৰ এই ভ্ৰমণ সূচী ২৩ ছেপ্টেম্বৰলৈকে নিৰ্ধাৰণ কৰা হৈছে।
এই সময়ছোৱাত তেওঁ কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধিৱেশনত তেওঁ ভাষণ ৰাখিব বুলিও জানিব পৰা গৈছে। মন কৰিবলগীয়া যে, মোডীৰ এই আমেৰিকা ভ্ৰমণ হ'ব অতি গুৰুত্বপূৰ্ণ। কিয়নো অহা নৱেম্বৰত ৰাষ্ট্ৰখনত আছে ৰাষ্ট্ৰপতি নিৰ্বাচন।
বিদেশ মন্ত্ৰণালয়ৰ ফালৰ পৰা জনোৱা মতে নৰেন্দ্ৰ মোডীয়ে ডেলাৱেৰৰ উইলমিংটনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ দ্বাৰা আহ্বান কৰা কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ আন সদস্য ৰাষ্ট্ৰসমূহ হৈছে ক্ৰমে আমেৰিকা যুক্ত ৰাষ্ট্ৰ, জাপান আৰু অষ্ট্ৰেলিয়া।
এই সন্মিলত যোৱা এটা বছৰত তেওঁলোকে কি কি কাম কৰিলে সেই সম্পৰ্কে পৰ্যালোচনা কৰিব। তাৰোপৰি চাৰিওখন দেশৰ ৰাষ্ট্ৰ প্ৰধানে ভাৰত-প্ৰশান্ত মহাসাগৰীয়য় অঞ্চলৰ ভৱিষ্যত সম্পৰ্কে আলোচনা কৰিব। পৰৱৰ্তী বৰ্ষত ভাৰতে এই সন্মিলন অনুষ্ঠিত কৰিব।
ইয়াৰ পিছত ২৩ ছেপ্টেম্বৰত নিউয়ৰ্কত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত ভাষণ দিব নৰেন্দ্ৰ মোডীয়ে। তেওঁ ২২ ছেপ্টম্বৰত প্ৰৱাসী ভাৰতীয় সকলৰ সৈতে এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।
এই সময়তে তেওঁ কেইবাটাও আমেৰিকান কোম্পানীৰ মুখ্য কাৰ্যবাহীৰ সৈতে বৈঠকত মিলিত হ'ব। এই বৈঠকৰ মূল উদ্দেশ্য হৈছে বিনিয়োগ। এই কোম্পানী সমূহৰ সৈতে তেওঁ এ আই, কোৱাণ্টাম কম্পিউটিং, ছেমি কণ্ডাক্টৰ, বায় টেকনলজী আদিত ইণ্ডো-মাৰ্কিন যৌথ প্ৰকল্পৰ বিষয়ে আলোচনা কৰিব।
Also Read: Indian Hockey Team: চীনক পৰাস্ত কৰি পুনৰ এবাৰ এছিয়ান চেম্পিয়ন ভাৰত...