ডিজিটেল ডেস্কঃ অৱেশষত মুখৰ মাত ওলাল প্ৰধানমন্ত্ৰী নেৰেন্দ্ৰ মোডীৰ। ২০০ ৰো অধিক লোকৰ মৃত্যু, ৫০ হাজাৰৰো অধিক লোক গৃহহীন হোৱাৰ অন্তত সম্পূৰ্ণ ৭৮ দিন অতিক্ৰম কৰাৰ পাছত মণিপুৰ প্ৰসংগত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
সংসদৰ বাৰ্ষাকালীন অধিৱেশনৰ প্ৰাকমুহূৰ্তত সৰ্বদলীয় বৈঠকত বিৰোধীয়ে মণিপুৰ প্ৰসংগত আলোচনা আৰু প্ৰধানমন্ত্ৰী মোডীৰ পৰা বিবৃতি দাবী কৰাৰ পাছত আজি মুখ খুলিলে মোডীয়ে। শেহতীয়াকৈ ভাইৰেল হৈ পৰা মণিপুৰৰ দুগৰাকী মহিলাৰ ভিডিঅ’ই যে কেন্দ্ৰ আৰু ৰাজ্য উভয়কে মণিপুৰ প্ৰসংগত 'উলংগ' কৰিলে সেই কথা ইতিমধ্যে প্ৰমাণ হৈছে।
ঘটনা প্ৰসংগত প্ৰধানমন্ত্ৰী মোডীয়ে ক’লে- মণিপুৰৰ মাতৃ-জীয়ৰীৰ অসন্মান যোনে কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ’ব। মহিলাৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।
উল্লেখ্য যে, ৩ মে’ত আৰম্ভ হোৱা মণিপুৰৰ সংঘৰ্ষ এতিয়াও সমাপ্ত হোৱা নাই। এতিয়াও মণিপুৰ জ্বলিয়েই আছে। হাজাৰ হাজাৰ সেনা, আৰক্ষীয়েও নিয়ন্ত্ৰণ কৰিব পৰা নাই ৰাজ্যখনৰ হিংসাত্মক পৰিস্থিতি।
যাৰ বাবে সুদীৰ্ঘ দিন ধৰি নীৰৱতা অৱলম্বন কৰি অহা প্ৰধানমন্ত্ৰী মোডীক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে মোডীৰ এই আচৰণত ক্ষোভিত হৈ পৰাৰ লগতে সমালোচনা কৰি আহিছে।
আজিৰে পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিৱশনটো মণিপুৰ প্ৰসংগই স্থান লাভ কৰিছে। এনে পৰিস্থিতিত এই হিংসাত্মক ঘটনা আৰম্ভ হোৱাৰ ৭৮ দিনৰ পাছত নৰেন্দ্ৰ মোডীয়ে মুখ খোলাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।
বুধবাৰে পোহৰলৈ অহা দুই কুকি মহিলাক উলংগ কৰি পেৰেড কৰা ভিডিঅ’ প্ৰসংগত মোডীয়ে কলে, এই ঘটনাই সমগ্ৰ দেশৰ মূৰ তল হৈছে। মণিপুৰৰ মাতৃ-জীয়ৰীক যিসকলে অসন্মান কৰিছে তেওঁলোকে ৰেহাই নাপাব।
মহিলাৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হব। সকলো মুখ্যমন্ত্ৰীকে অনুৰোধ জনাইছো তেওঁলোকে যাতে নিজ নিজ ৰাজ্যৰ আইন-শৃংখলা অটুট ৰাখে।
PM Narendra Modi says, "My heart is filled with pain and anger. The incident from Manipur that has come before us is shameful for any civilised society. I urge all the CMs to further strengthen law & order in their states - especially for the security of women and take the… pic.twitter.com/SKLTtpAjuo
— ANI (@ANI) July 20, 2023
Also Read: মণিপুৰৰ ভাইৰেল ভিডিঅ'ই 'উলংগ' কৰিছে চৰকাৰকো ! শীঘ্ৰেই ভিডিঅ' আঁতৰোৱাৰ নিৰ্দেশ...