লালকিল্লাৰ পৰা মোডীয়ে দিলে দেশবাসীক গেৰাণ্টীঃ হ্ৰাস হ'ব মূল্যবৃদ্ধি...

লালকিল্লাৰ পৰা মোডীয়ে দিলে দেশবাসীক গেৰাণ্টীঃ হ্ৰাস হ'ব মূল্যবৃদ্ধি....
লালকিল্লাৰ পৰা মোডীয়ে দিলে দেশবাসীক গেৰাণ্টীঃ হ্ৰাস হ'ব মূল্যবৃদ্ধি....
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি দশমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিলে। পুৱা ৭ বজাত ৰাজঘাটত উপস্থিত হৈ মহামানৱ মহাত্মা গান্ধীৰ সমাধিত শ্ৰদ্ধা নিবেদন কৰি তেওঁ উপস্থিত হয়গৈ লালকিল্লাত।

ইয়াতেই তেওঁ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে। লালকিল্লাত উপস্থিত হোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীক গাৰ্ড অৱ অনাৰ দিলে ভাৰতীয় বায়ু সেনাই।

লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকল। লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক উদ্দেশ্য কৰি আগবঢ়োৱা ভাষণৰ প্ৰথম ২ মিনিটতে স্থান লাভ কৰিলে মণিপুৰে।

তেওঁ সমগ্ৰ দেশ মণিপুৰৰ সৈতে আছে বুলি মন্তব্য কৰাৰ উপৰিও শান্তিপূৰ্ণভাৱে মণিপুৰৰ সমস্যা সমাধানাৰ চেষ্টা চলিছে বুলিও মন্তব্য কৰে। দেশৰ যুৱ সমাজৰ প্ৰসংগও ভাষণত উল্লেখ কৰি মোডীয়ে যুৱ সমাজকেই দেশৰ শক্তি বুলি অভিহিত কৰে।

সেইবাবে এক হাজাৰ বছৰৰ পৰিকল্পনা কৰাৰ কথাও উল্লেখ কৰে। তেওঁ কয়, বৰ্তমান দেশত যি সিদ্ধান্ত লোৱা হ’ব সেয়াই আগন্তক এক হাজাৰ বছৰৰ পাছত সোণালি ইতিহাস হিচাপে লিখা থাকিব।

তেওঁ লাকিল্লাৰ পৰাই উত্থাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় প্ৰসংগও। তেওঁ কয়, ২০১৪ চনত বিশ্বৰ দশম অৰ্থনীতিৰ দেশ আছিল ভাৰত। ৯ বছৰৰ পাছত আজি ভাৰত পঞ্চম স্থানত আহি উপনীত হৈছে। এই সময়ত ৰাজ্যবোৰক অনুদানৰ পৰিমাণ ২০ লাখ কোটিৰ পৰা বৃদ্ধি কৰি হাজাৰ লাখ কোটি কৰা হৈছে। দেশৰ কৃষকৰ বাবে আঢ়ৈ লাখ কোটি দিছে কেন্দ্ৰই।

লাকিল্লাৰ পৰাই প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক গেৰাণ্টিও দিলে। তেওঁ কয়, প্ৰচুৰ ক্ষমতা লৈ আগবাঢ়িছে ভাৰত। আগন্তুক ৫ বছৰৰ ভিতৰত বিশ্বৰ তৃতীয় স্থানলৈ আগবাঢ়িব ভাৰত। তাৰ মাজতে মূল্যবৃদ্ধি সমস্যা হ্ৰাস কৰাৰ লক্ষ্য থাকিব চৰকাৰৰ।

তেওঁ কয়, ভাৰতে যেতিয়া কিবা এটা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে তেতিয়া সেই সিদ্ধান্ত কাৰ্যকৰী কৰিবই। মহিলাৰ ক্ষমতাৰ কথা উল্লেখ কৰি তেওঁ কয়, দেশজুৰি ২ লাখ মহিলাক লাখপতি কৰাৰ উদ্দেশ্য লাখপতি দিদি প্ৰকল্প ঘোষণা কৰিলে মোডীয়ে। মহিলাৰ বাবে বিশেষ প্ৰশিক্ষণৰ বিষয়েও তেওঁ উল্লেখ কৰিছে।

নাৰী শক্তিৰ নেতৃত্বত ভাৰত আগবাঢ়ি যাব বুলি আত্মবিশ্বাসী প্ৰধানমন্ত্ৰী। যিকোনো মূল্যত ভাৰতৰ অখণ্ডতা ৰক্ষা কৰা হব বুলিও প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ কয়, এয়া নতুন ভাৰত। এই ভাৰতৰ পৰাজয় নহয়, ভাগৰ নালাগে থমকি নৰয়।

লগতে তেওঁ দেশত সন্ত্ৰাসবাদীৰ আক্ৰমণো বহু হ্ৰাস হৈছে বুলি মন্তব্য কৰে। ইফালে লালকিল্লাৰ ভাষণৰ মাজৰ পৰাই তেওঁ কংগ্ৰেছক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয়। তেওঁ পৰিয়ালতন্ত্ৰৰ তুষ্টিকৰণক লৈ কংগ্ৰেছক সমালোচনা কৰে। তেওঁ কয়, এটা পৰিয়ালেই দেশৰ মানুহৰ অধিকাৰ হৰণ কৰিছে।

লালকিল্লাৰ পৰা মোডীয়ে দিলে দেশবাসীক গেৰাণ্টীঃ হ্ৰাস হ'ব মূল্যবৃদ্ধি....
চৰকাৰৰ বিৰুদ্ধে অখিল গগৈৰ বিস্ফোৰক মন্তব্য

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in