লালকিল্লাত মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰীৰ ভাষণ

সমগ্ৰ দেশ ন ন পৰিকল্পনাৰে আগবাঢ়ি গৈছে। ভাৰতৰ ওপৰত সমগ্ৰ বিশ্বৰে আস্থা বাঢ়িছে
লালকিল্লাত মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰীৰ ভাষণ
Published on
Updated on

ডিজিটেল ডেস্ক : আজি ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস। দেশজুৰি পালন কৰা হৈছে স্বাধীনতা দিৱস। সৰ্বত্ৰ উৰুছে ত্ৰিৰংগ পতাকা। লালাকিল্লাত দশমবাৰৰ বাবে উৰিলে ত্ৰিৰংগ পতাকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উৰুৱালে ত্ৰিৰংগা পতাকা।

৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে তেওঁ দেশবাসীক শুভেচ্ছা জনায়। আনহাতে লালকিল্লাত স্বাধীনতা দিৱসৰ এই ক্ষণত প্ৰধানমন্ত্ৰী মোডীয়ে মণিপুৰ প্ৰসংগত কেতবোৰ ভাষণ প্ৰদান কৰে।

দেশবাসীকলৈ সম্বোধন কৰা ভাষণত তেওঁ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ সকলোৱে ব্যাথিত বুলি মন্তব্য কৰে। তেওঁ কয়- ' মণিপুৰলৈ শান্তি ঘূৰি আহিছে। মহিলাসকলৰ ওপৰত হোৱা অত্যাচাৰত আমি ব্যাথিত।'

মণিপুৰত সংঘটিত গোষ্ঠীগত হিংসা সন্দৰ্ভত তেওঁ শান্তিৰে সকলো সমস্যাৰ সমাধান কৰা হ'ব বুলি উল্লেখ কৰে। লগতে তেওঁ কয় যে সমগ্ৰ দেশ মণিপুৰৰ লগত আছে। চিন্তাৰ কোনো কাৰণ নাই।

ইফালে অৰ্থনৈতিক দিশৰ পৰা ভাৰত বিশ্ব অৰ্থনীতিত পঞ্চম স্থানলৈ উন্নীত হোৱাৰ কথা উল্লেখ কৰে। লগতে অহা ৫বছৰত ভাৰত বিশ্ব অৰ্থনীতিত তৃতীয় স্থানত উপনীত হ'ব বুলি প্ৰধানমন্ত্ৰী মোডীয়ে উল্লেখ কৰে। সমগ্ৰ দেশ ন ন পৰিকল্পনাৰে আগবাঢ়ি গৈছে। ভাৰতৰ ওপৰত সমগ্ৰ বিশ্বৰে আস্থা বাঢ়িছে বুলি তেওঁ বক্তব্য ৰাখে।

লালকিল্লাত মণিপুৰ প্ৰসংগত প্ৰধানমন্ত্ৰীৰ ভাষণ
আজি ভাৰতৰ ৭৭ সংখ্যক স্বাধীনতা দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in