মোৰ বাবে ৰাজনীতি নহয়, জাতি ৰক্ষা কৰাহে গুৰুত্বপূৰ্ণঃ প্রদ্যুৎ মাণিক্য দেৱ বাৰ্মা

ওবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩।

author-image
Asomiya Pratidin
New Update
মোৰ বাবে ৰাজনীতি নহয়, জাতি ৰক্ষা কৰাহে গুৰুত্বপূৰ্ণঃ প্রদ্যুৎ মাণিক্য দেৱ বাৰ্মা

ডিজিটেল ডেস্কঃ দেওবাৰে পুৱা ১০.৩০ বজাৰ পৰা দিল্লীস্থিত অশোক হোটেলত অনুষ্ঠিত হৈছে সাদিন-প্ৰতিদিন গোষ্ঠীৰ কনক্লেভ-২০২৩। আজিৰ তৃতীয়টো আলোচনা চক্ৰৰ বিষয়বস্তু- ‘আইডেনটিটি কুৱেষ্টঃ আনৰেভেলিং দ্য এথনিক টাপেষ্ট্রি অৱ নৰ্থ-ইষ্ট ইণ্ডিয়া’। এই আলোচনাত উপস্থিত থাকে প্রদ্যুৎ মাণিক্য দেৱ বাৰ্মা, সঞ্জয় হাজৰিকা, সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সমুৱেল বি জেৱৰা।

শোনিত কুমাৰ ভূঞাই আঁত ধৰা অনুষ্ঠানটিত টিপ্ৰা মাথাৰ অধ্যক্ষক প্ৰশ্ন কৰে যে, আপুনি পৃথক ত্ৰিপুৰাৰ বাবে দাবী কৰি আছে। এয়া সমস্যাৰ সমাধান নেকি? আপুনি ভাৱে নেকি যে পৃথক ৰাজ্যই ত্ৰিপুৰাবাসীৰ সমস্যা সমমাধান কৰিব?

উত্তৰত তেওঁ কয় যে, এয়া মোৰ দৃষ্টিভংগী। সমাধানৰ বাবে যদি আপোনাৰ দৃষ্টি ভংগী আছে কব পাৰে।আমি ত্ৰিপুৰাৰ থলুৱা স্থানীয় লোকসকলৰ অৱস্থা উন্নত কৰিবলৈ ৭৬ বছৰ অপেক্ষা কৰিছো। ৭৬ বছৰত বিভিন্ন চৰকাৰ আহিছে কিন্তু আমাৰ থলুৱা লোকৰ সমস্যা সমাধান নহ'ল। ইয়াৰ সলনি বাংলাদেশৰ পৰা অধিক সংখ্যক লোক সীমান্তপাৰ হৈ আহি আছে । খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰা হোৱা নাই।

আমি এইবোৰৰ পৰা বুজি পাইছিলো যে প্ৰশাসনিক ক্ষমতা আমাৰ হাতত নাই। যাৰ বাবে আমি প্ৰাশাসনিক ক্ষমতাৰ বাবে যুঁজি আছো।

এতিয়া যেতিয়া মানুহে কয়, এখন পৃথক ৰাজ্যৰ বিষয়ে চিন্তা কৰাটো এটা সপোন। এই ক্ষেত্ৰত মই কব বিচাৰো যে মই এই সপোন উদ্ভাৱন কৰা নাছিল। এই সপোন আহিছিল যেতিয়া ভাৰতৰ সংবিধানত, অনুচ্ছেদ ২ আৰু ৩লিখা হৈছিল। আপুনি সেইটো আঁতৰাওক, মোৰ সপোন শেষ হ'ব। কিন্তু, যেতিয়ালৈকে কব, 'আপোনাৰ দাবী কৰাৰ অধিকাৰ আছে'- তেতিয়ালৈকে মই দাবী কৰিম।

কিন্তু মোৰ মূল উদ্দেশ্য এখন পৃথক ৰাজ্য সৃষ্টি কৰা নহয়। উদ্দেশ্য হ'ল, ত্ৰিপুৰাৰ খিলঞ্জীয়া লোক বা টিপ্ৰাচা বুলি কোৱা স্থানীয় লোকসকলৰ সুৰক্ষা আৰু সাংস্কৃতিক পৰিচয় নিশ্চিত কৰা। যদি ভাল বিচৰাতো ভুল হয় তেন্তে এই ভুল মই বাৰে বাৰে কৰিব সাজু। যদি বৃহত্তৰ একতা, বৃহত্তৰ আত্মীকৰণৰ নামত ইমান দীঘলীয়া সময় ধৰি জীয়াই থকা আমাৰ সমগ্ৰ সম্প্ৰদায়ক ধ্বংস কৰে তেন্তে ইয়াক গ্ৰহণ কৰিবলৈ সাজু নহয়।

ত্ৰিপুৰাৰ থলুৱা লোকসকলে সম্পূৰ্ণৰূপে মাত মাতিব লাগিব কিয়নো সকলোৰে কথা কোৱাৰ অধিকাৰ আছে। যদি আপোনালোকৰ ওচৰত কিবা সমাধান আছে তেন্তে দিয়ক। কিন্তু আমাক আমাৰ অধিকাৰ সুৰক্ষিত নকৰিবলৈ, আমাৰ পৰৱৰ্তী প্ৰজন্মৰ বিষয়ে চিন্তা নকৰিবলৈ ক'ব নোৱাৰে। এটা সম্প্ৰদায়ৰ ভাষা, সংস্কৃতিক হত্যা কৰাৰ অধিকাৰ কাৰো নাই।

সীমান্তৰ মানুহখিনিক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি কয় তেওঁ।লগতে কয় যে , প্ৰথমে কংগ্ৰেছে আৰু এতিয়া বিজেপিয়ে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে। হিন্দু হিচাপে হিন্দু বেংগলীখিনিৰ সমস্যা, দুখখিনি অনুভৱ কৰে বুলি কয়। কিন্তু উত্তৰ-পূৱত অধিক জনসংখ্যা আছে। ইয়াৰ বহু বাংলাদেশী। গতিকে 'কা'ৰ নামত ইয়াত আকৌ কিয় মানুহ জাপি দিব লাগে। তাৰ সলনি গুজৰাট, ৰাজস্থান আদিত ৰাখিব পাৰে।

অৰুণাচল প্ৰদেশ, মিজোৰাম আদি ঠাইত বাহিৰৰ পৰা মানুহ আহিব নিদিয়ে। তাত বহু ঠাই আছে কিন্তু তাত 'কা' তালৈ যোৱা নাই। কিন্তু কেৱল অসম, ত্ৰিপুৰাৰ লগতহে বেয়া কৰি আছে।

তেওঁ কয় যে, মোৰ বাবে দল গুৰুত্বপূৰ্ণ নহয়। জাতি গুৰুত্বপূৰ্ণ। যদি নিজে নিজৰ জাতি ৰক্ষা কৰো তেন্তে জাতিয়ে সদায় মনত ৰাখিব। সকলোৱে নেহেৰুৰ সপোন, মোডীৰ সপোনৰ কথা কয়। আমাৰ সপোনৰ কথা কোনে ক'ব। মোৰ বাবে ৰাজনীতি গুৰুত্বপূৰ্ণ কেতিয়াও নাছিল। গতিকে জাতি ৰক্ষা কৰাতো প্ৰয়োজনীয়।

Also Read: একতা আংশিকভাৱে বৈচিত্ৰ্যৰ পৰা আহে: সঞ্জয় হাজৰিকা

tripura