কাইলৈৰ পৰা দিল্লীৰ 'দ্য অশোক'ত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লেভ-২০২৪'...

ভূ-ৰাজনীতি, বৈদেশীক সম্পৰ্ক, আভ্যন্তৰীণ অস্থিৰতা, মহিলা, শিশু সুৰক্ষা, সংস্কৃতি, ক্ৰীড়া সকলো বিষয় সামৰি বস্তুনিষ্ঠ আলোচনাৰ বাবে সাজু
কাইলৈৰ পৰা দিল্লীৰ 'দ্য অশোক'ত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লভে-২০২৪'...
কাইলৈৰ পৰা দিল্লীৰ 'দ্য অশোক'ত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লভে-২০২৪'...
Published on
Updated on

ডিজিটেল ডেস্কঃ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা, সম্পদ, সম্ভৱানাক ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰাৰ এক প্ৰয়াসৰ অংশ হিচাপে প্ৰতিদিন মিডিয়া নেটৱৰ্কে পুনৰবাৰে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছে ''দ্য কনক্লেভ-২০২৪''। ৫ অক্টোবৰ শনিবাৰে 'দ্য অশোক'ত পুৱা ১০ বজাত আনুষ্ঠানিকভাৱে এই কনক্লেভ উদ্বোধন কৰিব দেশৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই কনক্লভেত দেশৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভূ-ৰাজনীতিৰ পৰা আৰম্ভ কৰি মিত্ৰজোঁট আৰু নতুন এন ডি এ চৰকাৰৰ সম্ভাৱনা, বৈদেশীক সম্পৰ্কৰ লগতে বৰ্তনাৰ ৰাজনৈতিক পৰিস্থিতি, শিল্প, সংস্কৃতি, পৰিবেশ সুৰক্ষা, মহিলা, শিশুৰ সুৰক্ষা, ক্ৰীড়া আদি ক্ষেত্ৰসমূহক সামৰি কেইবালানিও আলোচনা অনুষ্ঠিত হ'ব।

৫ অক্টোবৰৰ পুৱা ১১-৩- বজাত মহিলা আৰু শিশুৰ সুৰক্ষা সন্দৰ্ভত অনুষ্ঠিত হ'বলগীয়া আলোচনাত অভিজ্ঞতাৰ আধাৰত বস্তুনিষ্ঠ আলোচনা কৰিবলৈ অংশগ্ৰহণ কৰিব নোবেল বিজয়ী সামাজিক কৰ্মী কৈলাশ সত্যাৰ্থীয়ে। ইয়াৰ পাছত ১২-৩০ ত ৰাজনৈতিক বিষয়ৰ এক আলোচনাত অংশগ্ৰহণ কৰিব কংগ্ৰেছৰ সাধাৰণ সম্পাদক শচীন পাইলটে।

তাৰ পাছত ১-৩০ বজাত কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী কিৰেণ ৰিজিজুৰে আন এক ৰাজনৈতিক বিষয়ৰ আলোচনা অনুষ্ঠিত হ'ব। সেই দিনাই বিয়লি ৩-৩০ বজাত জলবায়ু পৰিবৰ্তনৰ ওপৰত বস্তুনিষ্ঠ আলোচনাত অংশগ্ৰহণ কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পূৰ্বৰ সঞ্চালক জতীন্দ্ৰ শৰ্মা, ড০ দীপাংকৰ চহৰীয়া, ড০ মিতুল বৰুৱা, থাম খান হাউছিঙে।

৪-৩০ বজাত মণিপুৰৰ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিব নৱ নিৰ্বাচিত কংগ্ৰেছ সাংসদ বিমল আকৈজামে। সন্ধিয়া ৫-৩০ বজাত ভাৰত আৰু ইয়াৰ চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ ভূ-ৰাজনৈতিক পৰিস্থিতি আৰু ভাৰতৰ বৈদেশিক নীতিৰ সন্দৰ্ভত আলোচনাত অংশগ্ৰহণ কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে।

দ্বিতীয় দিনা পুৱা ৯-৪৫ বজাৰ পৰা আৰম্ভ হ'ব কনক্লেভৰ কাৰ্যসূচী। দ্বিতীয় দিনা ৰাজনৈতিক বিষয়ত অনুষ্ঠিত হ'বলগীয়া প্ৰথম দুখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব ক্ৰমে দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমাই।

দিনৰ ১১-৩০ বজাত অনুষ্ঠিত হ'ব ক্ৰীড়া বিষয়ক এক আলোচনা চক্ৰ। এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ আৰু অৰ্জুন মাডাথিল ৰামচন্দ্ৰনে।

১২-৩০ বজাত বৰ্তমান ভাৰতৰ গণতান্ত্ৰিক আৰু সংবাদ মাধ্যমৰ ভূমিকা সন্দৰ্ভত এক আলোচনাত অংশগ্ৰহণ কৰিব ৰাজনৈতিক কৰ্মী তথা স্বৰাজ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক যুগেন্দ্ৰ যাদৱ, 4PM News ৰ সম্পাদক সঞ্জয় শৰ্মা, পেট্ৰিচিয়া মুখিম আৰু কৰ্মা পাজৰে।

৩-১৫ বজাত ৰাজনৈতিক এক বিষয়ত আলোচনাত বহিব দিলীপ শইকীয়া, প্ৰমোদ বড়ো, অখিল গগৈ আৰু লুৰীণজ্যোতি গগৈ। ৪-৩০ বজাত অন্তিমখন আলোচনা হ'ব সাংস্কৃতিক বিষয়ত। এই আলোচনাত অংশগ্ৰহণ কৰিব জয় বৰুৱা, ডমিনিক ছাংমা আৰু উৎপল বৰপূজাৰী। ৬ বজাত অনুষ্ঠিত হ'ব জয় বৰুৱা আৰু তেওঁৰ বেণ্ডৰ সাংস্কৃতিক অনুষ্ঠান।

কাইলৈৰ পৰা দিল্লীৰ 'দ্য অশোক'ত প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ 'দ্য কনক্লভে-২০২৪'...
মধ্যপ্ৰাচ্যৰ যুদ্ধই সৱল কৰিব ভাৰতৰ অৰ্থনীতি !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in