ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি ওপজাদিন : প্ৰধানমন্ত্ৰীসহ বিভিন্নজনে জনালে শুভেচ্ছা

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি ওপজাদিন : প্ৰধানমন্ত্ৰীসহ বিভিন্নজনে জনালে শুভেচ্ছা
Published on
Updated on

ডিজিটেল ডেস্ক : ভাৰতৰ বৰ্তমান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি ওপজাদিন। ১৯৫৮চনৰ আজিৰ দিনটোতেই জন্মলাভ কৰিছিল দ্ৰৌপদী মুৰ্মৱে।

দ্ৰৌপদী মুৰ্মুৰ আজিৰ এই উল্লেখযোগ্য দিনটো ৰাষ্ট্ৰপতি ভৱনতে পালন কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ ৬৬ সংখ্যক জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সামাজিক মাধ্যমযোগে শুভেচ্ছা জনায়। ইয়াৰোপৰি অমিত শ্বাহৰ লগতে বিজেপি নেতৃতবৰ্গ তথা বিভিন্নজনে ৰাষ্ট্ৰপতি মুৰ্মুক শুভেচ্ছা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰী মোডীয়ে শুভেচ্ছা জনাই কয়- ‘ৰাষ্ট্ৰপতিজীক জন্মদিনৰ উষ্ম শুভেচ্ছা জনাইছো। আমাৰ দেশৰ প্ৰতি তেওঁৰ দৃষ্টান্তমূলক সেৱা আৰু সমৰ্পণে আমাক সকলোকে অনুপ্ৰাণিত কৰে।

তেখেতৰ জীৱন যাত্ৰাই কোটি কোটি লোকক আশা প্ৰদান কৰে। ভাৰতে তেখেতৰ অক্লান্ত প্ৰচেষ্টা আৰু দূৰদৰ্শী নেতৃত্বৰ বাবে সদায় তেঁওৰ প্ৰতি কৃতজ্ঞ থাকিব। শেষত তেঁওৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।‘ 

ৰাষ্ট্ৰপতিগৰাকীৰ এই শুভক্ষণত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো শুভেচ্ছা জ্ঞাপন কৰে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আজি ওপজাদিন : প্ৰধানমন্ত্ৰীসহ বিভিন্নজনে জনালে শুভেচ্ছা
একেখন মেচতে চাৰিগৰাকীৰ শতকঃ চিন্নাস্বামীত ৰাণৰ বৰষুণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in