অসত্যৰে ভৰি আছে ৰাষ্ট্ৰপতিৰ ভাষণ ! দেশ অঘোষিত জৰুৰী অৱস্থাৰ সন্মুখীন হোৱাৰো অভিযোগ

সমাজবাদী পাৰ্টি, তৃণমূল কংগ্ৰেছ, চি পি আই (এম এল) ৰো সমালোচনা
অসত্যৰে ভৰি আছে ৰাষ্ট্ৰপতিৰ ভাষণ ! দেশ অঘোষিত জৰুৰী অৱস্থাৰ সন্মুখীন হোৱাৰো অভিযোগ
অসত্যৰে ভৰি আছে ৰাষ্ট্ৰপতিৰ ভাষণ ! দেশ অঘোষিত জৰুৰী অৱস্থাৰ সন্মুখীন হোৱাৰো অভিযোগ
Published on
Updated on

ডিজিটেল ডেস্কঃ সংসদৰ যৌথ অধিবেশনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাষণ দিয়াৰ পিছতে এতিয়া বিৰোধী ৰাজনৈতিক দলসমূহে এই ভাষণক সমালোচনা কৰাৰ লগতে শাসকীয় বিজেপিয়ে প্ৰস্তুত কৰি দিয়া ভাষণকেই হুবহু পাঠ কৰাৰ অভিযোগ কৰিছে। তেওঁলোকৰ অভিযোগ এয়া ৰাষ্ট্ৰপতিৰ ভাষণ নহয়, কেন্দ্ৰীয় চৰকাৰৰ অসত্যৰ এক দস্তাবেজ।

ৰাষ্ট্ৰপতিৰ ভাষণত ১৯৭৫ ৰ জৰুৰীকালীন সময়ৰ সন্দৰ্ভত যি কথা উল্লেখ কৰিলে তাক লৈয়ো অসন্তুষ্ট হৈ পৰিছে বিৰোধী। ৰাষ্ট্ৰপতিয়ে নিজৰ ভাষণত কয় যে, ১৯৭৫ চনৰ ২৫ জুনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থা আছিল সংবিধানৰ ওপৰত আক্ৰমণ। যেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল তেতিয়া সমগ্ৰ দেশতে হাহাকাৰ পৰিস্থিতিৰ সূচনা হৈছিল। কিন্তু দেশবাসীয়ে এনে অসাংবিধানিক শক্তিৰ ওপৰত বিজয় সাব্যস্ত কৰিছিল।

জৰুৰীকালীন সময়ত কাৰাবাসলৈ যোৱাসকলৰ বাবে বিজেপিয়ে কি কৰিলে?

ৰাষ্ট্ৰপতিৰ ভাষণৰ পিছতে এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সমাজবাদী পাৰ্টিৰ সাংসদ অখিলেখ সিং যাদৱে প্ৰশ্ন কৰে জৰুৰীকালীন সময়ত যিসকল লোক কাৰাগাৰলৈ গৈছিল তেওঁলোকৰ বাবে বিজেপিয়ে কি কৰিছে? আমি সমাজবাদী পাৰ্টিয়ে তেওঁলোকৰ বাবে সন্মান আৰু পেঞ্চনৰ ব্যৱস্থা কৰিছোঁ।

অখিলেখ যাদৱে পুনৰ ৰাষ্ট্ৰপতিৰ ভাষণক সমালোচনা কৰি কয় যে, শাসনত থকা দলৰ দ্বাৰা ভাৰতৰ অৰ্থনীতিক বিশ্বৰ পঞ্চম বৃহৎ অৰ্থব্যৱস্থা বুলি কোৱা হৈছে। কিন্তু ই দেশৰ কৃষকক সমৃদ্ধিশালী কৰিছেনে? যদি ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থব্যৱস্থা তেন্তে ইমান বৃহৎ সংখ্যক নিবনুৱা কিয় আছে? মূল্যবৃদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ কিয় নাই?

তৃণমূল কংগ্ৰেছেও কৰিলে সমালোচনা

ৰাষ্ট্ৰপতিৰ ভাষণক তৃণমূল কংগ্ৰেছেও সমালোচনা কৰিছে। দলটোৰ বাকপটু সাংসদ মহুৱা মৈত্ৰই কয়, ৰাষ্ট্ৰপতিয়ে নিজৰ ভাষণত এনে এখন স্ক্ৰীপ্ট পঢ়িলে যিখন কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা প্ৰস্তুত কৰা হৈছে।

মহুৱা মৈত্ৰই পুনৰ কয় যে, বিজেপি নেতাসকলে এতিয়াও উপলব্ধি কৰা নাই যে তেওঁলোকৰ সংখ্যাগৰিষ্ঠতা নাই।

ৰাষ্ট্ৰপতিৰ ভাষণ অসত্যৰ দস্তাবেজ

বাওঁপন্থী ৰাজনৈতিক দল চি পি আই (এম এল)য়ে ৰাষ্ট্ৰপতিৰ ভাষণক সমালোচনা কৰি কয় যে, এই ভাষণ সম্পূৰ্ণৰূপে অসত্যৰে ভৰি আছে। ৰাষ্ট্ৰপতিৰ ভাষণ শুনি এনেকুৱা লাগিল যে, তেওঁ চৰকাৰত থকা বিজেপিক একক সংখ্যাগৰিষ্ঠ বুলি কৈ আছে। অথচ এয়া এখন মিত্ৰজোঁটৰ চৰকাৰ।  

দলটোৰ সাংসদ সুদামা প্ৰসাদে সংবাদ মাধ্যমৰ আগত পুনৰ কয় যে, ৰাষ্ট্ৰপতিয়ে মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত কথা ক'ব লাগিছিল কিয়নো মণিপুৰৰ অৱস্থা বহুত বেছি বেয়া। তেওঁ মণিপুৰ প্ৰসংগ উত্থাপনেৰে পুনৰ কয় যে, ১৯৭৫ ত জৰুৰীকালীন অৱস্থা প্ৰথমে ঘোষণা কৰা হৈছিল, তাৰ পিছত কাৰ্যকৰী হৈছিল। কিন্তু এতিয়া অঘোষিত জৰুৰীকালীন অৱস্থা চলি আছে। শাসকীয় দলৰ নেতাই বাৰে বাৰে জৰুৰীকালীন অৱস্থাৰ কথা কৈ আছে কিন্তু এতিয়া দেশে তাতকৈ বেছি জৰুৰী অৱস্থাৰ সৈতে মুাখমুখী হৈছে।

কংগ্ৰেছে ক’লে বিজেপিৰ হাতত কবলৈ একোৱেই নাই

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণত কংগ্ৰেছেও অসন্তুষ্টি প্ৰকাশ কৰিছে। কংগ্ৰেছ নেতা তাৰিক আনৱাৰে কয় যে, জৰুৰীকালীন সময়ৰ পাছতো দেশত বহু কেইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। এই নিৰ্বাচনত বিজেপি পৰাস্ত হৈছে, কংগ্ৰেছ জয়ী হৈছে। তেওঁলোকৰ হাতত ক'বলৈ একো বাকী নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in