ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভাৰ বিশেষ অধিবেশনৰ আজিৰ দিনটোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে দুয়োখন সদনকে সম্বোধন কৰি ভাষণ প্ৰদান কৰে। বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন নীতি, পদক্ষেপ, জৰুৰীকালীন সময়কে ধৰি বিভিন্ন বিষয় সামৰি প্ৰদান কৰা এই ভাষণত স্থান পালে প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ ঘটনায়েও।
ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণত কয়, চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টা হৈছে দেশৰ যুৱ প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা বিকাশ কৰিবলৈ এক উচিত সুযোগ প্ৰদান কৰা। চৰকাৰী নিযুক্তি অথবা পৰীক্ষা যিয়েই নহওঁক যিকোন কাৰণতে ইয়াত প্ৰতিবন্ধতা আহিব নালাগে।
তেওঁ পুনৰ কয় এইবোৰত (পৰীক্ষা) বিশুদ্ধতা আৰু স্বচ্ছতা অতি গুৰুত্বপূৰ্ণ। শেহতীয়াকৈ কিছুমান পৰীক্ষাত প্ৰশ্ন কাকত ফাদিলৰ ঘটনা তদন্ত কৰিবলৈ আৰু দোষীক দৃষ্টান্তমূলক শাস্তি নিশ্চিত কৰিবলৈ মোৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ইয়াৰ পূৰ্বেও আমি দেখিছোঁ এখন ৰাজ্যত প্ৰশ্ন কাকত ফাদিল হোৱাৰ ঘটনা ঘটিছে। এইবাৰ দল বা ৰাজনীতিৰ উৰ্ধত থাকি সমগ্ৰ দেশতে দৃঢ় ব্যৱস্থা লোৱাৰ প্ৰয়োজন আছে।
তেওঁ লগতে কয়, সংসদেও পৰীক্ষাত হোৱা খেলিমেলিৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰিছে। মোৰ চৰকাৰে পৰীক্ষাৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহক তেওঁলোকৰ কাম কৰাৰ ধৰণ শুধৰণি কৰাৰ দিশত কাম কৰি আছে।
উল্লেখ্য যে, এইবাৰ দেশৰ মেডিকেল প্ৰৱেশ পৰীক্ষা নীট-ইউ জিত ব্যাপক খেলিমেলি হোৱাৰ লগতে নেট পৰীক্ষাৰো প্ৰশ্ন কাকত ফাদিল হোৱাত পৰীক্ষা বাতিল কৰিছে নেচনেল টেষ্টিং এজেঞ্চিয়ে। নীট কেলেংকাৰীক লৈ এতিয়াও দেশ উত্তাল হৈ আছে।
সংসদৰ অধিবেশন আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে বিৰোধীয়ে নীট কেলেংকাৰীৰ তদন্ত দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ ভূমিকাক সমালোচনা কৰি তেওঁ এই পদৰ বাবে যোগ্য নহয় বুলি কৈ বিৰোধীয়ে তেওঁৰ পদত্যাগো দাবী কৰিছে।
এনে সময়তে ৰাষ্ট্ৰপতিৰ ভাষণত নীট, নেট পৰীক্ষাৰ নাম উল্লেখ নকৰাকৈ প্ৰশ্ন কাকত ফাদিলৰ সবিষয়টোৱে স্থান লাভ কৰাৰ বিষয়টো যথেষ্ট তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে।
LIVE: President Droupadi Murmu addresses both Houses of the Parliament https://t.co/4hNviAsCmv
— President of India (@rashtrapatibhvn) June 27, 2024
Also Read: নাপালে অনুশীলনৰ সুযোগ, নাপালে শুবলৈঃ টোপনিৰ জালতে ছেমি ফাইনেল খেলিলে আফগানিস্তানে