১৮ ছেপ্টেম্বৰৰ পৰা লোকসভাৰ বিশেষ বৈঠক

প্ৰতীকি ফটো
প্ৰতীকি ফটো
Published on
Updated on

ডিজিটেল ডেস্কঃ ১৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব লোকসভাৰ বিশেষ বৈঠক। ২২ ছেপ্টেম্বৰলৈকে চলিব এই বিশেষ বৈঠক। কেন্দ্রীয় মন্ত্রী প্রহ্লাদ যোশীয়ে জনাই এই কথা।

উক্ত কেইদিনত পাঁচখন সভা হ'ব। যোশীয়ে কৈছে যে অমৃত কালৰ সময়ত সংসদত এক অৰ্থপূৰ্ণ আলোচনা আৰু বিতৰ্ক আশা কৰা হৈছে।চৰকাৰৰ তৰফৰ পৰা এই সন্দৰ্ভথ এতিয়ালৈকে একো কোৱা নাই। এই বিশেষ অধিৱেশনখন নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব নে নাই সেয়াও স্পষ্ট নহয়। অৱশ্যে এই বৈঠক পুৰণি ভৱনত অনুষ্ঠিত হ'ব বুলি আশা কৰা হৈছে।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে টুইট কৰি কয় যে সংসদৰ বিশেষ অধিৱেশন ১৮ ৰ পৰা ২২ ছেপ্টেম্বৰৰ ভিতৰত অনুষ্ঠিত হ'ব। ইয়াত ৫ খন বৈঠকৰ সৈতে। অমৃত কালৰ সময়ত অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনত মই সংসদত এক অৰ্থপূৰ্ণ আলোচনা আৰু বিতৰ্কৰ বাবে অপেক্ষা কৰি আছো।

এই বৈঠকত অমৃত কাল উদযাপন আৰু ভাৰতক 'উন্নত ৰাষ্ট্ৰ' হিচাপে অন্তৰ্ভুক্ত কৰা কাৰ্যসূচী থকাৰ সম্ভাৱনা আছে। কোনো গুৰুত্বপূৰ্ণ বিধেয়ক গৃহীত হোৱাৰ কোনো ইংগিত অৱশ্যে নাই।

প্ৰতীকি ফটো
কিশোৰীক যৌন নিৰ্যাতন! নিলম্বন তিনিচুকীয়া জিলা আয়ুক্তৰ কৰ্মচাৰী ৱাজিদ হুছেইনক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in