বাংগালুৰুত পুষ্প বৃষ্টিৰে প্ৰধানমন্ত্ৰী মোডীক আদৰণি

বিজেপি শাসনৰ পূৰ্বে দেশত চলিছিল লেতেৰা ৰাজনীতি। কিন্তু বিজেপি শাসনলৈ অহাৰ পাছত এনে পৰিস্থিতি সলনি হয়

author-image
Asomiya Pratidin
New Update
বাংগালুৰুত পুষ্প বৃষ্টিৰে প্ৰধানমন্ত্ৰী মোডীক আদৰণি

ডিজিটেল ডেস্কঃ নিৰ্বাচনমুখী কৰ্ণাটকত পুনৰ দ্বৈত ইঞ্জিন স্থাপনৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। কৰ্ণাটকত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে একাধিক প্ৰকল্প উদ্ধোধন কৰে।

ৰাজ্যখনত বিজয় সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত পূৰ্বে শাসনত থকা কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় বিজেপি শাসনৰ পূৰ্বে দেশত চলিছিল লেতেৰা ৰাজনীতি। কিন্তু বিজেপি শাসনলৈ অহাৰ পাছত এনে পৰিস্থিতি সলনি হয়।

বিজয় সংকল্প যাত্ৰাৰ জনসভাত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ বাংগালুৰুত বিশাল ৰোড শ্ব'ত ভাগ লয়। এই অনুষ্ঠানত অগণন লোকে পুষ্প বৃষ্টিৰে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনায়। আনহাতে,বাংগালুৰুত তেওঁ ৪,২৪৯ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা নতুন মেট্ৰ' ৰে'লপথ মুকলি কৰে।

Also Read: কোকৰাঝাৰ লায়নচ ক্লাৱৰ উদ্যোগত চাৰি গৰাকী মহিলাক সম্বৰ্ধনা...

narendra modi