স্বদেশত উপস্থিত হৈয়ে ইছৰোৰ বিজ্ঞানীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

স্বদেশত উপস্থিত হৈয়ে ইছৰোৰ বিজ্ঞানীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ ব্ৰিকছ সন্মিলন সামৰি বিদেশৰ পৰা স্বদেশত উপস্থিত হ'ল প্রধানমন্ত্রী নৰেন্দ্র মোডী। স্বদেশত উপস্থিত হৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে সাক্ষাৎ কৰে ইছৰোৰ বিজ্ঞানীসকলক। 'চন্দ্ৰযান-৩' সফল অভিযানত জড়িত বিজ্ঞানীসকলক স্বচক্ষে অভিনন্দন জনাবলৈ বাংগালুৰুত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী।

উল্লেখ্য যে, দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলন আৰু গ্ৰীচ ভ্ৰমণ কৰি উভতি অহাৰ পিছত বিমানবন্দৰৰ পৰা পোনেপোনে বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কত (আইএছটিআৰএচি) উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। প্ৰধানমন্ত্ৰীগৰাকীক ইছৰোৰ মুৰব্বী এছ সোমনাথ আৰু অন্যান্য বিজ্ঞানীসকলে আইএছটিআৰএচিত আদৰণি জনায়।

"জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধন," বাক্যৰে ভাষণ আৰম্ভ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছৰোৰ বিজ্ঞানীসকলক অভিনন্দন জনোৱাৰ লগতে কয় যে- "কেৱল ভাৰতীয়ই নহয়, বিজ্ঞানত বিশ্বাস কৰা বিশ্বৰ প্ৰতিজন লোকেই ভাৰতৰ সফলতাত উৎসাহিত হৈছে।"

স্বদেশত উপস্থিত হৈয়ে ইছৰোৰ বিজ্ঞানীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
ভাৰতীয় ফুটবল অনুৰাগীলৈ ভাল খবৰঃ আহি আছে নেইমাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in