ISROৰ বিজ্ঞানীক অভিনন্দন জনাই কি ক’লে প্রধানমন্ত্রীয়ে ?

ISROৰ বিজ্ঞানীক অভিনন্দন জনাই কি ক’লে প্রধানমন্ত্রীয়ে ?
Published on
Updated on

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱাই বিদেশৰ পৰা উভতি পোনেপোনে ইছৰোৰ বিজ্ঞানীসকলক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। চন্দ্ৰযান-৩ৰ সফল অভিযানৰ পাছত স্বদেশলৈ উভতি বাংগালুৰুৰ ইছৰো টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্কত (আইএছটিআৰএচি) উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছৰোৰ প্ৰতিগৰাকীৰ কৰ্মকৰ্তাক অভিনন্দন জনায়। এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্রধানমন্ত্রীগৰাকীয়ে কয় যে- ২৩ আগষ্টৰ সেই ঐতিহাসিক দিনটোৰ প্ৰতিটো পল চকুৰ আগত বাৰে বাৰে ভাহি আছে।

"জয় জোৱান, জয় কিষাণ, জয় বিজ্ঞান, জয় অনুসন্ধন," বাক্যৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে- ইছৰোৰ এই সফলতাত উৎফুল্লিত ভাৰতীয়ই সেই ঐতিহাসিক ক্ষণক পাহৰিব নোৱাৰে। কেৱল ভাৰতীয়ই নহয়, বিজ্ঞানত বিশ্বাস কৰা বিশ্বৰ প্ৰতিজন ব্যক্তিৰ বাবেই সেয়া আছিল আটাইতকৈ উৎসাহিত ক্ষণ বুলি উল্লেখ কৰি তেওঁ কয় যে- সেই মুহূৰ্তত প্ৰতিজন ভাৰতীয়ই এই জয়ক নিজৰ জয় হিচাবে অনুভৱ কৰিছিল।

ভাৰতক আজিও বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অভিনন্দন জনোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছৰোয়ে সম্ভৱ কৰি তোলা এই সফলতাৰ বাবে প্ৰতিজন কৰ্মকৰ্তাক অভিনন্দন জ্ঞাপন কৰে। ভাষণত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইছৰোৰ প্ৰতিজন বিজ্ঞানীৰ উচ্চ প্ৰসংশা কৰাৰ পৰিলক্ষিত হয়। লেণ্ডাৰ বিক্ৰম তথা ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰপৃষ্ঠ অৱতৰণ কৰা দৃশ্য চোৱাৰ কথাও ভাষণত উল্লেখ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

তদুপৰি ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে- ইছৰোৰ এই সফলতাৰ বাবেই বিশ্ববাসীয়ে ভাৰতৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ জয়গান গাইছে। এই সফলতা মানৱতাৰ জয় বুলি কৈ চন্দ্ৰযান-৩য়ে উদ্ঘাটন কৰা তথ্যই বিশ্বৰ প্ৰতিখন দেশৰে সহায়ক হিচাবে থিয় দিব বুলি তেওঁ বক্তব্যত সামৰি লয়।

উল্লেখযোগ্য যে, তেওঁ চন্দ্ৰযান-৩য়ে যি স্থানত অৱতৰণ কৰিছে ভাৰতে সেই স্থানৰ নামাকৰণ কৰাৰ সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে। যি স্থানত চন্দ্ৰযান-৩ৰ লেণ্ডাৰে অৱতৰণ কৰিছিল সেই স্থানক "শিৱশক্তি" নামেৰে জনা যাব বুলি ঘোষণা নৰেন্দ্ৰ মোডীৰ। তদুপৰি ২৩ আগষ্ট দিনটোক ৰাষ্ট্রীয় মহাকাশ দিৱস হিচাপে পালন কৰাৰো ঘোষণা প্ৰধানমন্ত্ৰীৰ।

ISROৰ বিজ্ঞানীক অভিনন্দন জনাই কি ক’লে প্রধানমন্ত্রীয়ে ?
স্বদেশত উপস্থিত হৈয়ে ইছৰোৰ বিজ্ঞানীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in