ডিজিটেল ডেস্কঃ ছত্তিশগড়ত অব্যাহত আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ৰাজ্যখনৰ মুঠ সাতখন জিলাৰ ২০ টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। এই ভোটগ্ৰহণৰ মাজতে কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ দাবী ৰাজ্যখনত পুনৰ গঠন হ'ব কংগ্ৰেছৰ চৰকাৰ।
২০১৮ ত বিজেপিক পৰাভূত কৰি প্ৰথমবাৰৰ বাবে ক্ষমতালৈ অহা কংগ্ৰেছে ৰাজ্যখনত পুনৰ ক্ষমতা ধৰি ৰখাৰ দাবী কৰিছে যদিও বিভিন্ন সমীক্ষাই বিজেপিয়ে ২০১৮ ৰ তুলনাত কিছু ভাল ফলাফল দেখুৱাব পাৰিব বুলি ধাৰণা কৰিছে।
প্ৰিয়ংকা গান্ধীয়ে আজি কয়, ছত্তিশগড়ৰ ভাতৃ,ভগ্নীয়ে বিশ্বাস কৰিছে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিসমূহক। আমি ছত্তিশগড়ক এক উন্নয়ন মডেললৈ ৰূপান্তৰ কৰিছো।
ইয়াৰোপৰি তেওঁ কয়, ছত্তিশগড়ৰ ভাতৃ, ভগ্নীসকলে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত বিশ্বাস কৰিছে। আমি এয়া কৰি দেখুৱাইছো। তেওঁ কয় ছত্তিশগড়ত আকৌ এবাৰ কংগ্ৰেছৰ বিশ্বাসৰ চৰকাৰ গঠন হ'ব।
উল্লেখ্য যে, ছত্তিশগড়ত আজি প্ৰথম পৰ্যায়ত অনুষ্ঠিত হোৱা ২০ টা সমষ্টিৰ ১৯ টাতে আছে কংগ্ৰেছৰ বিধায়ক। নক্সাল অধ্যুষিত অঞ্চল হ'লেও এইবাৰ পূৰ্বে ভোটকেন্দ্ৰ নথকা গ্ৰামাঞ্চলটো স্থাপন কৰা হৈছে ভোটগ্ৰহণ কেন্দ্ৰ। সোমবাৰে সন্ধিয়া আৰু আজি পুৱা আই ই ডি বিস্ফোৰণ হৈছে যদিও ৰাজ্য ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে ভোটাৰসকল।
Also Read: LIVE UPDATES: মিজোৰামত এই পৰ্যন্ত প্ৰায় ৭০ শতাংশ ভোটাধিকাৰ সাব্যস্ত...