কলকাতাৰ চিকিৎসকৰ‌ হত্যাকাৰীক ফাঁচীৰ দাবীৰে শিলচৰত উত্তাল প্ৰতিবাদ...
কলকাতাৰ চিকিৎসকৰ‌ হত্যাকাৰীক ফাঁচীৰ দাবীৰে শিলচৰত উত্তাল প্ৰতিবাদ...

কলকাতাৰ চিকিৎসকৰ‌ হত্যাকাৰীক ফাঁচীৰ দাবীৰে শিলচৰত উত্তাল প্ৰতিবাদ...

অসমৰ পৰা হাজাৰ হাজাৰ এ বি ভি পিৰ সদস্যই কলকাতালৈ গৈ প্ৰতিবাদ কৰাৰো হুংকাৰ
Published on

ডিজিটেল সংবাদ শিলচৰ: কলকতাৰ আৰ জি কৰ মেডিকেল কলেজৰ চিকিৎসকক হত্যাৰ প্ৰতিবাদ অব্যাহত আছে। শিলচৰতো ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। ৩১ বছৰীয়া যুৱতী চিকিৎসকগৰাকীৰ হত্যাকাৰীৰ শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়া, মৃত চিকিৎসকগৰাকীক ন্যায় প্ৰদান কৰাৰ দাবীৰে বিভিন্ন শ্লোগান দি সোমবাৰে সন্ধিয়া শিলচৰৰ পথ উত্তাল হৈ পৰে।

শিলচৰৰ কেইবাটাও ছাত্ৰ সংগঠনে হত্যাকাৰীৰ ফাঁচীৰ দাবীৰে বাহিৰ কৰা এই প্ৰতিবাদী সমদলত স্থানীয় ৰাইজেও সহযোগিতা আগবঢ়ায়। হাতত ম'মৰ শিখা লৈ প্ৰতিবাদ কৰা যুৱ সংগঠন কেইটাই ৰাংগিৰখাৰীৰ পৰা চহৰৰ ৩ কিলোমিটাৰ পথ পৰিক্ৰমা কৰি পাৰ্ক ৰোডৰ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত সমবেত হয়।

পাৰ্ক ৰোডৰ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ তলত বিক্ষোভ প্ৰদৰ্শন কৰি যুৱ সংগঠন কেইটাই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পদত্যাগো দাবী কৰে। তাৰোপৰি তেওঁলোকে সোমবাৰে ৰাখী বন্ধন উৎসৱো বৰ্জন কৰে।

ইফালে, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে দেশৰ মাতৃ, ভগ্নীসকলক ৰক্ষা কৰিবলৈ হাতত অস্ত্ৰ তুলি ল'বলৈ যুৱ সমাজক আহ্বান জনায়। কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ চিকিৎসকগৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে অসমৰ পৰা হাজাৰ হাজাৰ এ বি ভি পিৰ ছাত্ৰ কলকতালৈ গৈ তীব্ৰ আন্দোলন কৰাৰো হুংকাৰ দিয়ে ছাত্ৰ সংগঠনটোৱে।

কলকাতাৰ চিকিৎসকৰ‌ হত্যাকাৰীক ফাঁচীৰ দাবীৰে শিলচৰত উত্তাল প্ৰতিবাদ...
চিৰাঙত দুষ্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ উদ্ধাৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in