ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমৰ ভূমিপুত্ৰ ৬ টা খিলঞ্জীয়া জনগোষ্ঠীৰ প্ৰতি বিজেপি চৰকাৰৰ সীমাহীন বঞ্চনা প্ৰতাৰণাৰ প্ৰতিবাদত উত্তাল হ'ল ৰাজধানী চহৰ দিল্লী। অসমক এখন জনগোষ্ঠীয় ৰাজ্য হিচাপে ঘোষণা কৰা, ভূমিপুত্ৰ জনগোষ্ঠী ক্ৰমে মৰাণ, মটক, তাই আহোম, চুতীয়া, কোঁচ ৰাজবংশী, চাহ জনজাতিক শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰা আদি দাবীৰ সমৰ্থনত সোমবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয়।
খিলঞ্জীয়া এইসমূহ জনগোষ্ঠীৰ নেতৃত্ববাহী জাতীয় সংগঠন ক্ৰমে চুতীয়া জাতি সন্মিলন, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ তাই আহোম ছাত্ৰ সন্থা, সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন অসম, চাহ জনজাতি ছাত্ৰ সন্থা, চাহ জনজাতি মহিলা সমিতিৰ যৌথ উদ্যোগত দিল্লীৰ যন্তৰ মন্তৰ প্ৰাঙ্গনত সোমবাৰে দুপৰীয়া এই প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰাপ্য সাংবিধানিক অধিকাৰ আজুৰি অনাৰ গণতান্ত্ৰিক সংকল্পৰে গঠিত ৬ জনগোষ্ঠী ঐক্য মঞ্চৰ দুই শতাধিক কৰ্মকর্তাই ৰাজধানী চহৰত উপস্থিত হৈ প্ৰাপ্য প্ৰাপ্তিৰ বাবে সুদীর্ঘ সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰে। ছয় জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি দিয়ক , বিজেপি চৰকাৰ গ' বেক, আমাক জনজাতীয় স্বীকৃতি দিয়ক, আমাক প্ৰাপ্য আদায় দিয়ক, ন' এছ টি ন' ৰেষ্ট, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিয়ক, বিজেপিৰ প্ৰতাৰণা প্ৰবঞ্চনা সহি থকা নহ'ব, প্ৰতাৰক বিজেপি মুর্দাবাদ, মিছলিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হায় হায়, মোডী চৰকাৰ হুচীয়াৰ আদি শ্লোগান দি পৰিবেশ উত্তাল কৰে অসমৰ পৰা যোৱা প্ৰতিবাদকাৰীসকলে ।
ঐক্য মঞ্চৰ অন্যতম নেতা তথা চুতীয়া যুৱ সন্মিলনৰ সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াই অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিম বুলি শাসনৰ গাদীত বহা গেৰুৱা দলৰ চৰকাৰে বিগত ১০টা বছৰে এই নিৰ্বাচনোত্তৰ প্ৰতিশ্ৰুতি পালন নকৰিলে বুলি ক্ষোভ প্ৰকাশ কৰে। এয়া গেৰুৱা দলটোৰ ভূমিপুত্ৰসকলৰ প্ৰতি চূড়ান্ত প্ৰতাৰণা বুলি অভিহিত কৰে নেতাজনে।
নিজকে "স্বয়ম্ভূ চুপাৰ চি এম" সজাবলৈ অনিয়মকেই নিয়ম কৰি অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিশ্ব গুৰুৰ আসনত বহিবলৈ সপোন দেখা নৰেন্দ্ৰ মোডীৰ এইক্ষেত্ৰত দায়িত্বহীন আচৰণৰ বাবে এই জনগোষ্ঠীয় ৰাইজ প্ৰাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হোৱা বুলি কয়। চুতীয়াই অহা ২০২৬ চনৰ পূৰ্বে ছয় জনগোষ্ঠীক যদি জনজাতিকৰণ কৰা নহয়, অসমক যদি জনজাতীয় ৰাজ্য ঘোষণা কৰা নহয়, অসমৰ থলুৱা ভূমিপুত্ৰৰ অধিকাৰ সুৰক্ষিত নহয় তেন্তে এনে প্ৰতাৰক দল আৰু চৰকাৰক সময়োচিত প্ৰত্যুত্তৰ অসমৰ থলুৱা প্ৰবঞ্চিত ৰাইজে প্ৰদান কৰিব বুলি সকীয়াই দিয়ে।
নিজে দিয়া প্ৰতিশ্ৰুতি পালনত নির্লজ ভাবে ব্যৰ্থ হোৱা গেৰুৱা দলৰ চৰকাৰে ন্যাৰ্য প্ৰাপ্য বিচৰা সংগ্ৰামখন স্তিমিত কৰিবলৈ বিভাজনমুখী আৰু উচটনিমূলক বক্তব্য দিয়াৰো অভিযোগ উত্থাপন কৰি ২০২৬চনৰ পূৰ্বে ঐক্যমঞ্চৰ দাবীসমূহ পূৰণ নকৰিলে গণতান্ত্ৰিক ভাবে এনে মিছলিয়া চৰকাৰক শাসনৰ পৰা উফৰাই দিবলৈ প্ৰবঞ্চিত ৰাইজ সাজু হোৱা বুলিও চুতীয়াই সকীয়নীমূলক মন্তব্য কৰে ।