ডিজিটেল ডেস্কঃ কুকুৰে কামুৰিলে এতিয়াৰে পৰা লাভ কৰিব আৰ্থিক সাহায্য। ১০ ৰ পৰা ২০ হাজাৰ টকা পৰ্যন্ত আৰ্থিক সাহায্য় পাব ভুক্তভোগীয়ে। ইয়াকে লৈ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে প্ৰদান কৰিছে এক বিশেষ নিৰ্দেশ।
ন্যায়ালয়ে মঙলবাৰে কুকুৰে কামোৰৰ বাবে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰে। বিচাৰপীঠে কয় যে, কুকুৰে কামোৰৰ ফলত যদি দাঁতৰ চিন বহে তেতিয়া প্ৰতিটো দাঁতৰ চিহ্নৰ বাবদ লাভ কৰিব ১০,০০০ টকাৰ সাহায্য। লগতে যদি কুকুৰৰ কামোৰৰ ফলত ছালত আঘাত হয় বা মাংস উঠি যায় কেতিয়া প্ৰতি ০.২ ছেন্টিমিটাৰ আঘাতৰ বাবে ২০,০০ টকা লাভ কৰিব।
উচ্চ ন্যায়ালয়ে পঞ্জাৱ আৰু হাৰিয়ানা চৰকাৰক কুকুৰ কামোৰাৰ ঘটনাত ক্ষতিপূৰণ পৰিশোধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ পাছতে ন্যায়ালয়ে ১৯৩ খন আৱেদন নিষ্পত্তি কৰে। ইয়াৰোপৰি কেন্দ্ৰীয় শাসিত অঞ্চল চণ্ডিগড়কো এনে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে।
কুকুৰৰ ফলত সংঘটিত হোৱা দুৰ্ঘটনা বিষয়ক আবেদনৰ শুনানি কৰি আছিল ন্যায়ালয়ে। তেতিয়াই এই নিৰ্দেশ জাৰি কৰে।
পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে কয় যে মুখ্যত এই ক্ষতিপূৰণ পৰিশোধ কৰাৰ দায়িত্ব ৰাজ্যখনৰ ওপৰত হ'ব। ৰাজ্যই এই ধন কুকুৰৰ সৈতে সম্পৰ্ক থকা সংশ্লিষ্ট ব্যক্তি, সংস্থা বা বিভাগৰ পৰা ল'ব পাৰে।
উল্লেখ্য যে, ৰাস্তাৰ কুকুৰবোৰৰ বাবে বহু সময়ত দুৰ্ঘটনা সংঘটিত হয়। ইয়ে মানৱ জীৱনলৈ সংকট নমাই আনিছে বুলি কয় ন্যায়ালয়ে। যাৰ বাবে এই নিৰ্দেশ জাৰি কৰে ন্য়ায়ালয়ে।
Also Read: চিকিৎসালয়ৰ সন্মুখত ইজৰাইলী টেংকাৰ: চিকিৎসা, খাদ্যৰ অভাৱত মৃত্যু মুখত পৰিছে বহু ৰোগী