উচ্চতম ন্যায়ালয়ত কলকাতাৰ ঘটনাৰ শুনানিঃ কেইবাটাও প্ৰশ্ন ডি ৱাই চন্দ্ৰচূড়ৰ

কলকাতা আৰক্ষী, চৰকাৰ আৰু হাস্পতাল কৰ্তৃপক্ষৰ ভূমিকাক সমালোচনা
উচ্চতম ন্যায়ালয়ত কলকাতাৰ ঘটনাৰ শুনানিঃ কেইবাটাও প্ৰশ্ন ডি ৱাই চন্দ্ৰচূড়ৰ
উচ্চতম ন্যায়ালয়ত কলকাতাৰ ঘটনাৰ শুনানিঃ কেইবাটাও প্ৰশ্ন ডি ৱাই চন্দ্ৰচূড়ৰ
Published on
Updated on

ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত সংঘটিত হোৱা যৌন নিৰ্যাতন আৰু হত্যাৰ ঘটনাৰ গুৰুত্ব উপলব্ধি কৰি উচ্চতম ন্যায়ালয়ে এক নিজাববীয়া গোচৰ ৰুজু কৰি মঙ্গলবাৰে শুনানি গ্ৰহণ কৰিছে। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে।

মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, এনেকুৱা লাগিছে এই অপৰাধৰ বিষয়ে আৰম্ভণিৰ কেইটামান ঘণ্টাতে অৱগত হৈছিল। মেডিকেল কলেজৰ অধ্যক্ষই ইয়াক আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল।

তেওঁ পুনৰ কয়, অধিক যুৱ চিকিৎসকে ৩৬ ঘণ্টালৈকে কাম কৰিব লাগে। আমি কামকাজৰ সুৰক্ষিত এক পৰিবেশ সুনিশ্চিত কৰিবলৈ এক ৰাষ্ট্ৰীয় প্ৰ’টকল তৈয়াৰ কৰিব লাগিব।

উচ্চতম ন্যায়ালয়ে কয়, যদি মহিলা কৰ্মস্থলীলৈ নাযায় আৰু সুৰক্ষিত নহয় তেন্তে তেওঁলোকক আমি সম অধিকাৰৰ পৰা বঞ্চিত কৰা হ’ব।

ন্যায়ালয়ে কলকাতাৰ ভুক্তভোগী চিকিৎসকগৰাকীৰ নাম সংবাদ মাধ্যমত কিদৰে প্ৰচাৰ হ’বলৈ পালে সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰি উদ্বেগ প্ৰকাশ কৰে। তাৰোপৰি উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে, যিহেতু আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ অধ্যক্ষৰ আচৰণো তদন্তৰ আওঁতাত আছিল তাৰ পিছতো তেওঁক লগে লগে অন্য কলেজত কিদৰে নিযুক্তি প্ৰদান কৰিলে? একেদৰে ন্যায়ালয়ে কলকাতা আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে।

ইফালে ঘটনা সন্দৰ্ভত পলমকৈ এফ আই আৰ ৰুজু কৰাক লৈ পশ্চিমবংগৰ চৰকাৰক সমালোচনা কৰিছে ন্যায়ালয়ে। গোচৰটোৰ শুনানিৰ সময়ত উপস্থিত থকা দেশৰ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয়, ৰাজ্যখনত আইনী ব্যৱস্থা সম্পূৰ্ণৰূপে বিফল হৈছে। আৰক্ষীৰ অজ্ঞাতে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালত ৭ হাজাৰ লোকে আহি প্ৰৱেশ কৰিব নোৱাৰে বুলিও তেওঁ ন্যায়ালয়ক জনায়।

উল্লেখ্য যে, আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ ঘটনাৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ এক গোচৰ লৈ মঙ্গলবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ অধ্যক্ষতাত তিনিজনীয়া বিচাৰপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰে।

উচ্চতম ন্যায়ালয়ত কলকাতাৰ ঘটনাৰ শুনানিঃ কেইবাটাও প্ৰশ্ন ডি ৱাই চন্দ্ৰচূড়ৰ
কলকাতাৰ চিকিৎসকৰ‌ হত্যাকাৰীক ফাঁচীৰ দাবীৰে শিলচৰত উত্তাল প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in