ডিজিটেল ডেস্কঃ ৱায়নাডত আজি উপস্থিত হয় কংগ্ৰেছ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধী আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধী। মঙ্গলবাৰে ৱায়নাডত সংঘটিত হোৱা ভয়াৱহ ভূমিস্খলনৰ পাছত বুধবাৰেই সেই স্থানলৈ ৰাহুল গান্ধী যোৱাৰ কথা আছিল যদিও বুধবাৰে সেয়া সম্ভৱ নোহোৱাত ৰাহুল আৰু প্ৰিয়ংকা বৰষুণৰ মাজতেই আজি গৈ সেই স্থানত উপস্থিত হয়।
ভূমিস্খলনৰ পাছতেই ৰাহুল গান্ধীয়ে কথা দিছিল যিমান পাৰি সোনকালে তেওঁ সেই স্থানত গৈ উপস্থিত হ'ব। ৱায়নাডবাসীক দিয়া সেই কথা ৰাখিলে ৰাহুলে। আজি বান আৰু ভূমিস্খলনত বিধ্বস্ত ৱায়নাডত সকলো প্ৰত্যাহ্বান আঁতৰাই ৰাহুল-প্ৰিয়ংকা উপস্থিত হোৱাৰ পিছতে ক্ষতিগ্ৰস্ত লোকসকলৰ কাষলৈ যায়।
বৰষুণ আৰু ভূমিস্খলনৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন গাঁৱৰ অন্যতম চুৰালমালালৈ গৈ ৰাহুলে প্ৰকৃতিয়ে কিদৰে তাণ্ডৱ চলাইছে সেয়া স্বচক্ষে প্ৰত্যক্ষ কৰে। উল্লেখ্য যে ৰাহুল গান্ধী ৱায়নাডৰ প্ৰাক্তন সাংসদ। তেওঁ এইবাৰ ৱায়নাডৰ উপৰিও ৰায়বেৰলীৰ পৰা নিৰ্বাচিত হোৱাত ৱায়নাড সমষ্টি এৰি দিয়ে। এই সমষ্টিৰ উপ-নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ হৈ প্ৰিয়ংকা গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰাৰ কথা।
আজি ৱায়নাডত উপস্থিত হোৱাৰ পিছতে তেওঁলোকে ক্ষতিগ্ৰস্ত পৰিয়ালৰ সৈতে কথা-বতৰা পতাৰ উপৰিও উদ্ধাৰ কাৰ্যৰ বুজ ল'বলৈ সেই স্থানত থকা প্ৰশাসনিক বিষয়াৰ সৈতেও আলোচনাত মিলিত হয়।
যোৱা ৩০ জুলাই, মঙ্গলবাৰে ধাৰাসাৰ বৰষুণৰ মাজতে ৱায়নাডৰ চুৰালমালা, মুণ্ডাকাই, অট্টামালা, নুলপুঝুৰ আদি গাওঁ ভূমিস্খলনৰ ফলত ধ্বংস হৈছে। ৱায়নাডৰ পৰ্যটনৰ কেন্দ্ৰ আছিল এই গাওঁসমূহ। এতিয়া ধ্বংস্তূপলৈ পৰিণত হোৱা এই গাওঁসমূহত মৃতকৰ সংখ্যা ২৭৬ জনলৈ বৃদ্ধি পাইছে। ২০০ ৰো অধিক লোক এতিয়াও ধ্বংসস্তূপৰ মাজতে আৱদ্ধ হৈ আছে অথবা সন্ধানহীন হৈ আছে।
বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে বৃহস্পতিবাৰেও ৱায়নাডত ধাৰাসাৰ বৰষুণ অহাৰ কথা। সেই অনুসৰিয়েই আজিৰ দিনটোত ৱায়নাডত বৰষুণ অহা পৰিলক্ষিত হৈছে। এই বৰষুণে উদ্ধাৰ কাৰ্যত বাধাৰ সৃষ্টি কৰিছে।
Priyanka and I were scheduled to visit Wayanad tomorrow to meet with families affected by the landslide and take stock of the situation.
However, due to incessant rains and adverse weather conditions we have been informed by authorities that we will not be able to land.
I…— Rahul Gandhi (@RahulGandhi) July 30, 2024
Also Read: একেই কাহিনী, জীৱন সংগ্ৰামঃ ব্ৰঞ্জ জয় কৰা স্বপ্নীলে ক'লে ধোনীয়েই তেওঁৰ আদৰ্শ