দুই এদিনতে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলিব ইডিৰ অভিযান !

দুবাহু মেলি ইডিলৈ অপেক্ষা কৰিছে ৰাহুলে
দুই এদিনতে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলিব ইডিৰ অভিযান !
দুই এদিনতে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলিব ইডিৰ অভিযান !
Published on
Updated on

ডিজিটেল ডেস্কঃ এইবাৰ ৰাহুল গান্ধীৰ ঘৰত চলিব ইডিৰ অভিযান! বিৰোধী দলপতিগৰাকীয়ে সংসদত দিয়া চক্ৰবেহু ভাষণৰ বাবেই তেওঁৰ বাসগৃহত চলিব ইডিৰ অভিযান। এই সন্দেহ ব্যক্ত কৰিছে খোদ ৰাহুল গান্ধীয়ে।

শুকুৰবাৰে ৰাহুল গান্ধীয়ে দাবী কৰিছে ২৯ জুলাইত তেওঁ সংসদত দিয়া চক্ৰবেহু ভাষণৰ বাবে ইডিয়ে তেওঁৰ বিৰুদ্ধে অভিযান চলাবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছে। কংগ্ৰেছ সাংসদগৰাকীয়ে কৈছে ইডিৰ ভিতৰৰ মানুহে তেওঁক এই বিষয়ে খবৰ দিয়াৰ পাছৰে পৰাতেওঁ ইয়াৰ বাবে দুবাহু মেলি অপেক্ষা কৰি আছে।

এক্সৰ জৰিয়তে ৰাহুল গান্ধীয়ে কৈছে- আপাতদৃষ্টিত, দুই এজনে মোৰ চক্ৰবেহু ভাষণ ভাল নাপালে। ইডিৰ ভিতৰৰসকলে মোক কৈছে এটা অভিযানৰ পৰিকল্পনা কৰা হৈছে। তেওঁ ইডিক মেনচন কৰিয়েই লিখিছে- খোলা বাহুৰে অপেক্ষা কৰি আছোঁ।

উল্লেখ্য যে, সংসদৰ বাজেট অধিবেশনৰ বিতৰ্কত প্ৰায় ৪৫ মিনিটৰ এটা ভাষণত ৰাহুল গান্ধীয়ে কুৰুক্ষেত্ৰৰ মহাভাৰতৰ কিদৰে চক্ৰবেহুত অভিমন্যুক হত্যা কৰা হৈছিল সেই বিষয়ে উদাহৰণ দি বৰ্তমানো চক্ৰবেহু ৰচনা কৰা বুলি উল্লেখ কৰিছিল।

ৰাহুল নিজৰ ভাষণত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি কৈছিল মোডীৰ কাৰ্যাকালত মন্ত্ৰীৰ পৰা আৰম্ভ কৰি কৃষক, ভোটাৰ নিবনুৱা সকলোৱেই ভীতিগ্ৰস্ত হৈ আছে। হাজাৰ বছৰ পূৰ্বে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অভিমন্যু নামৰ এজন যুৱকক চক্ৰবেহুত বন্দী কৰি ৬ জনে মিলি হত্যা কৰিছিল। মই সেই চক্ৰবেহুক লৈ কিছু অধ্যয়ন কৰিছোঁ। জানিবলৈ পাৰিছোঁ এই চক্ৰবেহুৰ আন এটা নাম পদ্মবেহু। পদমু ফুলৰ দৰেই আঁকাৰ হোৱাৰ বাবেই ইয়াক পদ্মবেহু বুলি কোৱা হয়।

তেওঁ সেই প্ৰসংগতে পুনৰ কৈছিল- একবিংশ শতিকাত এক নতুন চক্ৰবেহু তৈয়াৰ কৰা হৈছে। এইটোও পদুম ফুলৰ আঁকাৰৰ। প্ৰধানমন্ত্ৰীয়ে ইয়াক নিজৰ বুকুত লৈ ফুৰে। এই চক্ৰবেহু ব্যৱহাৰ কৰা হৈছে দেশৰ কৃষকসকলৰ বিৰুদ্ধে, মধ্যমীয়া ব্যৱসায়ী, অগ্নিবীৰ, শিক্ষাৰ্থী, নিবনুৱা যুৱকসকলৰ বিৰুদ্ধে। আজিৰ এই চক্ৰবেহুতো দ্ৰোণাচাৰ্য, কৰ্ণ, কৃতবৰ্মা, শকুনি, কৃপাচাৰ্য, অশ্বত্থমাৰ দৰে ৬ জন আছে। বৰ্তমান এই চৰিত্ৰসমূহ হৈছে নৰেন্দ্ৰ মোডী, অমিত শ্বাহ, মোহন ভগৱত, অজিত ডোভাল, আম্বানী আৰু আদানি।

এইদৰেই সংসদৰ ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ পাছতেই বিজেপি নেতাসকলেও তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এই চক্ৰবেহু ভাষণৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই ৰাহুল গান্ধীয়ে এইদৰে তেওঁৰ বিৰুদ্ধে ইডিৰ অভিযান চলাৰ সম্ভাৱনা ব্যক্ত কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

দুই এদিনতে ৰাহুল গান্ধীৰ বিৰুদ্ধে চলিব ইডিৰ অভিযান !
অভিমন্যুক চক্ৰবেহুত বন্দী কৰাৰ দৰেই বিজিপি চৰকাৰে সমগ্ৰ দেশক বন্দী কৰিছে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in