ডিজিটেল ডেস্কঃ অৱশেষত বাতিল হ'ল ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণ। ৫ ৰাজ্যৰ নিৰ্বাচনত ৪ খন ৰাজ্যতে বিধ্বস্ত হোৱা কংগ্ৰেছক বিপৰ্যয়ৰ সময়ত এৰি দক্ষিণ এছিয়াৰ কেইবাখনো দেশৰ ভ্ৰমণলৈ উলোৱা ৰাহুল গান্ধীয়ে সেই ভ্ৰমণ বাতিল কৰি সংসদত উপস্থিত থকাৰ লগতে দলীয় বৈঠকতো অংশগ্ৰহণ কৰিছে।
ইণ্ডোনেছিয়া, ছিংগাপুৰ, মালয়েছিয়া ছফৰলৈ সাজু হৈছিল কংগ্ৰেছৰ যুৱৰাজ
পূৰ্বে আমি প্ৰকাশ কৰা বাতৰিত উল্লেখ কৰিছিলো কিদৰে ৰাহুল গান্ধীয়ে বিদেশ ভ্ৰমণৰ বাবে সাজু হৈছিল। সূত্ৰৰ আধাৰত আমি জনাইছিলো ৮ ডিচেম্বৰত কংগ্ৰেছ সাংসদগৰাকী ইণ্ডোনেছিয়াত উপস্থিত হ'বগৈ বুলি।
কিন্তু তেওঁ এই যাত্ৰা বাতিল কৰি ৮ ডিচেম্বৰত সংসদতেই উপস্থিত থাকিল। উল্লেখ্য যে ৮ ডিচেম্বৰত ইণ্ডোনেছিয়াত উপস্থিত হোৱাৰ কথা আছিল ৰাহুল গান্ধী। তাৰ পাছত তেওঁ ক্ৰমে ছিংগাপুৰ আৰু মালয়েছিয়ালৈ যোৱাৰ কথা আছিল। ইয়াৰোপৰি তেওঁ জাকাৰ্তালৈ গৈ প্ৰায় এটা সপ্তাহৰ অন্তত স্বদেশলৈ ঘূৰি অহাৰ কথা আছিল।
এই ভ্ৰমণৰ সময়ত তেওঁ বিভিন্ন বিশ্ববিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী, শিক্ষাৰ্থীৰ সৈতে মত বিনিময় আদিত লিপ্ত হোৱাৰ কথা আছিল। ইয়াৰ বাবে পূৰ্বেই নিৰ্ধাৰণ কৰা হৈছিল কাৰ্যসূচী।
বিদেশ ভ্ৰমণ বাতিল কৰি সংগ দিলে মহুৱা মৈত্ৰক
শুকুৰবাৰে ৰাহুল গান্ধী উপস্থিত থাকিল সংসদৰ শীতকালীন অধিৱেশনত। সেই দিনাই তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰক 'ধনৰ বিনিয়মত প্ৰশ্ন' অভিযোগ সম্পৰ্কে সংসদৰ এথিক্স কমিটীয়ে প্ৰতিবেদন দাখিল কৰিছিল।
এই প্ৰতিবেদনৰ আধাৰতে ধ্বনি ভোটত মহুৱা মৈত্ৰক সংসদৰ পৰা নিলম্বন কৰা হৈছে। এই সময়ছোৱাত মহুৱা মৈত্ৰৰ সমৰ্থনত সংসদত আছিল ৰাহুল গান্ধী। মহুৱা মৈত্ৰক নিলম্বন কৰাৰ পাছত বিৰোধীয়ে সংসদৰ পৰা বাহৰিলৈ ওলাই আহি প্ৰতিবাদ কৰাৰ সময়ত ৰাহুল গান্ধীয়েও সেই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল।
অংশগ্ৰহণ কৰিছে দলীয় পৰ্যালোচনা সভাত
৩ ডিচেম্বৰত ঘোষণা হৈছে ৪ ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তিশগড় আৰু কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ফলাফল। ৪ ডিচেম্বৰত ঘোষণা হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল।
এই নিৰ্বাচনত কংগ্ৰেছ শাসনত থকা ৰাজস্থান আৰু ছত্তিশগড়ো হেৰুৱালে। মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰাৰ সপোনো ভংগ হ'ল। মিজোৰামত মাত্ৰ এখন আসন লাভেৰে অস্তিত্ব ৰক্ষা কৰিলে। কেৱল কৰ্ণাটকত বি আৰ এছৰ চৰকাৰ আঁতৰাই ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছে।
এনে পৰিস্থিতিত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছে ছত্তিশগড়, মধ্যপ্ৰদেশৰ বিপৰ্যয়ৰ ওপৰত পৰ্যালোচনা বৈঠক। এই বৈঠকত ৰাহুল গান্ধীয়েও অংশগ্ৰহণ কৰিছে।
বিদেশ ভ্ৰমণ বাতিল কৰি এইদৰে বিপদত দলৰ সৈতে থিয় দিয়াৰ বাবে বহু মল্লিকাৰ্জুন খাৰ্গেও সন্তুষ্ট হৈছে। অৱশ্যে পূৰ্বে তেওঁ ৰাহুল গান্ধীয়ে দলৰ বিপৰ্যয়ৰ সময়ত বিদেশ ভ্ৰমণ বিষয়টো সহজভাৱে ল'ব পৰা নাছিল।
ছত্তিশগড় আৰু মধ্যপ্ৰদেশৰ পৰাজয়ে হতাশ কৰিছে কংগ্ৰেছক
কংগ্ৰেছে ৫ ৰাজ্যৰ নিৰ্বাচনত ৫ ৰাজ্যতে বিজয়ী হ'ব বুলি যদিও কৈছিল তথাপিও ৰাজস্থান আৰু মিজোৰামক লৈ অধিক আত্মবিশ্বাসী নাছিল। কিন্তু ছত্তিশগড় আৰু মধ্যপ্ৰদেশত দলটোৱে চৰকাৰ গঠন কৰিব পাৰিব বুলি দৃঢ় বিশ্বাসী আছিল।
ছত্তিশগড়ত বিজেপিৰ চৰকাৰ হ'ব বুলি অৱশ্যে বিজেপিও নিশ্চিত নাছিল। এই ৰাজ্যখন বিজেপিৰ বাবে বনাচ হিচাপে বিবেচিত হৈছে। আনহাতে মধ্যপ্ৰদেশো কংগ্ৰেছে দখল কৰিব পাৰিব বুলি নিশ্চিত আছিল যদিও শেষত ৰাজ্যখনত কংগ্ৰেছ চূড়ান্ত ৰূপত বিপৰ্যয়ৰ সন্মুখীন হয়।
সেয়ে কংগ্ৰেছে এই দুই ৰাজ্যৰ পৰাজয়ক সহজভাৱে লোৱা নাই। মল্লিকাৰ্জুন খাৰ্গেৰ অধ্যক্ষতাত বিশেষভাৱে এই দুই ৰাজ্যৰ পৰাজয়ক লৈ অনুষ্ঠিত হৈছে পৰ্যালোচনা বৈঠক। এই বৈঠকত ৰাহুল গান্ধীৰ উপৰিও মধ্যপ্ৰদেশৰ কংগ্ৰেছ নেতা কমল নাথ, দিগ্বিজয় সিং, দুয়ো ৰাজ্যৰ পৰ্যবেক্ষক আদি উপস্থিত আছিল।
Also Read: 'অহংকাৰী' গম্ভীৰক ইনষ্টাগ্ৰাম পোষ্টত শ্ৰীশান্তে কৰিলে আক্ৰমণ...