ৰে'ল দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, মূল্যবৃদ্ধিত জুৰুলা দেশত চৰকাৰ ৰক্ষাত ব্যস্ত প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী মোডীক সমালোচনা ৰাহুল গান্ধীৰ
ৰে'ল দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, মূল্যবৃদ্ধিত জুৰুলা দেশত চৰকাৰ ৰক্ষাত ব্যস্ত প্ৰধানমন্ত্ৰী
ৰে'ল দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, মূল্যবৃদ্ধিত জুৰুলা দেশত চৰকাৰ ৰক্ষাত ব্যস্ত প্ৰধানমন্ত্ৰী
Published on
Updated on

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ হৈছে সংসদৰ বিশেষ অধিৱেশন। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত গঠন হোৱা এন ডি এৰ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ এই প্ৰথমখন অধিৱেশনৰ সময়তে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰীগৰাকীক আক্ৰমণ লক্ষ্য কৰি লৈছে।

আমেঠিৰ সাংসদগৰাকীয়ে অভিযোগ কৰিছে, নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰে সংবিধানৰ ওপৰত আক্ৰমণ কৰিব বিচাৰিছে। সামাজিক মাধ্যম এক্সত ৰাহুলে লিখিছে এন ডি এৰ চৰকাৰৰ প্ৰথম ১৫ টা দিনত ৰে'ল দুৰ্ঘটনা, কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ, ৰে'লত ৰে'ল যাত্ৰীৰ দুৰ্দশা, নীট কেলেংকাৰী, নীট পিজিৰ কাকত বাতিল, ইউ জি চি নেটৰ কাকত ফাদিল, গাখীৰ, দালি, গেছ, টোল আদিৰ মূল্যবৃদ্ধি, জুই, পানীৰ সংকট আৰু গ্ৰীষ্ম প্ৰবাহৰ ব্যৱস্থাৰ অভাৱত মৃত্যু হৈছে।

প্ৰধানমন্ত্ৰী মোডীয়ে কেৱল তেওঁৰ চৰকাৰ ৰক্ষা কৰাতহে ব্যস্ত থকাৰ অভিযোগ তুলি পুনৰ লিখিছে নৰেন্দ্ৰ মোডীয়ে তেওঁৰ চৰকাৰক বেকফুটত ৰক্ষা কৰাত ব্যস্ত হৈ আছে। নৰেন্দ্ৰ মোডীজী আৰু তেওঁৰ চৰকাৰৰ দ্বাৰা সংবিধানৰ ওপৰত হোৱা আক্ৰমণ আমাৰ বাবে গ্ৰহণযোগ্য নহয়।আমি কোনো পৰিস্থিতিত এনে হ'বলৈ নিদিওঁ।

সংসদত বিৰোধী শক্তিশালী বুলি উল্লেখ কৰি ৰাহুলে পুনৰ কয়, ভাৰতৰ শক্তিশালী বিৰোধীয়ে চৰকাৰৰ ওপৰত চাপ অব্যাহত ৰাখিব। জনসাধাৰণৰ হৈ মাত মাতিব আৰু প্ৰধানমন্ত্ৰীক দায়বদ্ধতাৰ পৰা আঁতৰিবলৈ নিদিয়ে।

মন কৰিবলগীয়া যে, অষ্টাদশ লোকসভাৰ প্ৰথমখন বিশেষ অধিবেশনৰ প্ৰথমটো দিনৰ পৰাই বিৰোধী কংগ্ৰেছ তথা বিৰোধী গোট ইণ্ডিয়াৰ সদস্যসকলে সংসদৰ চৌহদৰ প্ৰতিবাদ অব্যাহত কৰিছে।

ইণ্ডিয়া গোটৰ সাংসদসকলে হাতত সংবিধানৰ প্ৰতিলিপি লৈ সংসদলৈ গৈছে। অৱশ্যে কংগ্ৰেছ আৰু বিৰোধীৰ এনে অভিযোগক নস্যাত কৰিছে চৰকাৰী পক্ষই। কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালে কৈছে, বিৰোধীৰ হাতত কোনো সমস্যা নাই সেয়ে এনে অভিযোগ কৰিছে। মোডীজীয়ে সংবিধান সলনি নকৰে।

ৰে'ল দুৰ্ঘটনা, সন্ত্ৰাসবাদী আক্ৰমণ, মূল্যবৃদ্ধিত জুৰুলা দেশত চৰকাৰ ৰক্ষাত ব্যস্ত প্ৰধানমন্ত্ৰী
এখন দেশ! নবজে হুইচেল, নকয় ট্ৰেফিকে ৰ'ব, পথত কিন্তু ঠিকেই চলে গাড়ী মটৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in