লোকসভাত ৰাহুল-মোডীৰ কৰমৰ্দনঃ সুন্দৰ দৃশ্যই আপ্লুত কৰিছে সকলোকে, VIDEO

লোকসভাত ৰাহুল-মোডীৰ কৰমৰ্দনঃ সুন্দৰ দৃশ্যই আপ্লুত কৰিছে সকলোকে, VIDEO
লোকসভাত ৰাহুল-মোডীৰ কৰমৰ্দনঃ সুন্দৰ দৃশ্যই আপ্লুত কৰিছে সকলোকে, VIDEO
Published on
Updated on

ডিজিটেল ডেস্কঃ প্ৰথমবাৰৰ বাবে লোকসভাত আজি অনুষ্ঠিত হ'ল অধ্যক্ষৰ নিৰ্বাচন। ধ্বনি ভোটত ওম বিৰলাই পুনৰবাৰ লোকসভাৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে সংসদত আজি দেখিবলৈ পোৱা গ'ল এক সুন্দৰ দৃশ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সমান্তৰালকৈ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীও সংসদৰ সদস্যৰ আসনত বহি থকা ওম বিৰলাৰ কাষলৈ যায় আৰু প্ৰধানমন্ত্ৰীৰ পাছতেই ওম বিৰলাক শুভেচ্ছা জ্ঞাপন কৰে ৰাহুল গান্ধীয়ে। সমান্তৰালকৈ একে সময়ত প্ৰধানমন্ত্ৰী মোডীকে কৰমৰ্দন কৰি সংসদৰ পৰিবেশেই সলনি কৰি দিয়ে গান্ধীয়ে।

প্ৰতি মুহূৰ্ততে সংসদত সমালোচনাৰে আক্ৰমণ, প্ৰত্যাক্ৰমণৰ চলি থকা এই দুই নেতাৰ মাজত ওম বিৰলাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা কিছু সময়ৰ এই সৌজন্যতা মূলক আচৰণে সংসদত উপস্থিত থকা আটাইকেইটা ৰাজনৈতিক দলৰে সদস্যসকলক আপ্লুত কৰে। এই দৃশ্য আকৌ বন্দীহৈ ৰ'ল কেমেৰাত।

ইয়াৰ পাছতে এতিয়া সামাজিক মাধ্যমত এই সুন্দৰ মুহূৰ্তৰ দৃশ্য ভাইৰেল হৈ পৰাই নহয় এয়াই ভাৰতীয় গণতন্ত্ৰৰ সৌন্দৰ্য বুলি গৌৰৱেৰে উল্লেখ কৰিছে ভিন্ন জনে।

উল্লেখ্য যে, সদনত প্ৰধানমন্ত্ৰী আৰু বিৰোধী দলৰ নেতাই অধ্যক্ষৰ পদৰ বাবে নিৰ্বাচিত সাংসদগৰাকীক তেওঁৰ আসনৰ বাবে আদৰি লৈ যোৱাটো এক নিয়ম। সাংসদ ওম বিৰলা দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে প্ৰথমে তেওঁৰ কাষলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আগবাঢ়ি আহে আৰু তাৰ পিছতে বিৰোধী দলৰ নেতা ৰাহুল গান্ধী তেওঁৰ কাষলৈ আগবাঢ়ি যায়।

প্ৰধানমন্ত্ৰী মোডীয়েও ৰাহুলক ওম বিৰলাৰ কাষলৈ যাবলৈ বাট এৰি দিয়ে। ৰাহুলে ওম বিৰলাক শুভেচ্ছা জনোৱাৰ পাছতে প্ৰধানমন্ত্ৰী মোডীকো কৰমৰ্দন কৰে আৰু ওম বিৰলাক অধ্যক্ষৰ আসনলৈ আদৰি নিয়ে।

সেই মুহূৰ্তৰ ভিডিঅ'ত দেখা গৈছে আগে আগে নিৰ্বাচিত অধ্যক্ষ ওম বিৰলা অধ্যক্ষৰ আসনৰ দিশে আগবাঢ়ি গৈছে আৰু তেওঁৰ পিছে পিছে নৰেন্দ্ৰ মোডী, মোডীৰ পিছত ৰাহুল গান্ধী আৰু তেওঁৰ পিছত সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কিৰেণ ৰিজিজু আগবাঢ়ি গৈছে।

ওম বিৰলাক শুভেচ্ছা জনোৱাৰ লগতে আদৰি নিয়াৰ সময়ত ৰাহুল আৰু মোডীৰ কৰমৰ্দনৰ দৃশ্যক বহুতেই আখ্যা দিছে ঐতিহাসিক আৰু বিৰল। সেই সময়ত ৰাহুল গান্ধীয়ে এটা মিচিকিয়া হাঁহিৰে ওম বিৰলাৰ কাষতে থকা প্ৰধানমন্ত্ৰী মোডীলৈ প্ৰথমে কৰমৰ্দনৰ বাবে হাত আগবঢ়াই দিছিল।

এই দৃশ্য দেখি এনে লাগিছিল যেন এনে এক মুহূৰ্তৰ বাবে সাজু নাছিল নৰেন্দ্ৰ মোডী। তথাপিও মোডীয়ে মুখত এটা হাঁহি লৈ ৰাহুল গান্ধীক কৰমৰ্দন কৰে। ইয়াৰ পিছতে দুয়োৱে আদৰি নিয়ে ওম বিৰলাক।

মন কৰিবলগীয়া যে, ২০১৪  চনৰ পৰা লোকসভাত নাছিল বিৰোধী দলৰ নেতা। বিৰোধী দলৰ দলপতিৰ বাবে প্ৰয়োজনীয় মুঠ আসনৰ ১০ শতাংশ আসন কোনো এটা বিৰোধী ৰাজনৈতিক দলেই ২০১৪ আৰু ২০১৯ ৰ লোকসভা নিৰ্বাচনত লাভ কৰিবলৈ সক্ষম হোৱা নাছিল।

কিন্তু এইবাৰ কংগ্ৰেছে এককভাৱে ৯৯ খন আসন দখল কৰি বিৰোধী দলৰ নেতাৰ পদ লাভ কৰিছে। সংসদত এইবাৰ পূৰ্বতকৈ বহু শিক্তিশালী হৈছে বিৰোধী। ইণ্ডিয়া মিত্ৰজোঁটে ২০০ তকৈ অধিক আসন লাভ কৰাত এইবাৰ সংসদত বিৰোধীৰ ভূমিকা পূৰ্বতকৈ অধিক শক্তিশালী হোৱাৰ ইংগিত দিছে।

স্মৰ্তব্য ৰাহুল গান্ধী বিৰোধী দলৰ নেতা হোৱা গান্ধী পৰিয়ালৰ তৃতীয়জন সদস্য। ইয়াৰ পূৰ্বে তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু তাৰো পূৰ্বে ৰাজীৱ গান্ধীয়ে এই দায়িত্ব পালন কৰিছিল।

ইফালে ৰাহুলে শপত গ্ৰহণৰ সময়ত সংবিধান প্ৰদৰ্শন কৰি যিদৰে সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ কথা পুনৰ এবাৰ দোহাৰিলে সেইদৰেই আজি সংসদত এই সৌজন্যতা প্ৰদৰ্শন কৰি চৰকাৰী পক্ষক বিৰোধীৰ ফালৰ পৰা যোগাত্মক সহযোগিতাৰো এক ইংগিত দিয়ে বুলিও চৰ্চা চলিছে।  

লোকসভাত ৰাহুল-মোডীৰ কৰমৰ্দনঃ সুন্দৰ দৃশ্যই আপ্লুত কৰিছে সকলোকে, VIDEO
ছহিদ কুশল কোঁৱৰ চিকিৎসালয়ৰ ওচৰত যুৱকৰ মৃতদেহ উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in