ডিজিটেল ডেস্ক : চলিত বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথমভাগত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ শীৰ্ষনেতা ৰাহুল গানধীৰ বিপক্ষে গুজৰাট আদালতত ৰুজু কৰা হৈছিল এক গোচৰ । এই গোচৰ অনুসৰি, দেশৰ মোডী উপাধিধাৰী লোকসকলক অপমান কৰা বুলি উত্থাপন কৰা গোচৰৰ ভিত্তিত ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰিবলৈ নিৰ্দেশ দিয়াৰ ওপৰিও ২ বছৰৰ বাবে কাৰাদণ্ডৰ নিৰ্দেশো দিয়া হৈছিল ৰাহুল গান্ধীৰ বিপক্ষে । তাৰ লগতে আগন্তুক ৬টা বৰ্ষৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰো যোগ্যতা হেৰুৱালে কংগ্ৰেছী নেতাজনে ।
যাৰ ফলত ৰাহুল গান্ধীক চৰকাৰী আৱাসগৃহ খালী কৰিবলৈও নিৰ্দেশ দিয়া হ'ল । সেই নিৰ্দেশ মৰ্মে ২২ এপ্ৰিললৈ সময় দিয়া হৈছিল নেতাগৰাকীক ।
উল্লেখ্য যে, ১৪ এপ্ৰিলৰ পৰাই ব্যক্তিগত বয়-বস্তু স্থানান্তৰিত কৰি থকা ৰাহুল গান্ধীয়ে আজি অৰ্থাৎ ২২ এপ্ৰিলত আনুষ্ঠানিকভাৱে ত্যাগ কৰিব চৰকাৰী বাসগৃহ । ৱায়ানন্দ সমষ্টিৰ প্ৰাক্তন সাংসদ গৰাকীয়ে আজি লোকসভাৰ সচিবালয়ক গতাই দিব বাসগৃহটো । আনহাতে, শুক্ৰবাৰে চুৰাটৰ চেচন কোৰ্টে ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ নিৰ্দেশৰ বিপৰীতে এই নিৰদেশ স্থগিত ৰখাৰ যি অনুৰোধ আছিল সেই অনুৰোধো প্ৰত্যাখ্যান কৰে ।
সকলো দিশৰ পৰা শলঠেকত পেলোৱা নেতাগৰাকীয়ে এতিয়া কি পদক্ষেপ লয় সেইয়া হ'ব লক্ষণীয় । আনহাতে, এই পদক্ষেপে যে আগন্তুক নিৰ্বাচনত কংগ্ৰেছক পৰোক্ষভাৱে হ'লেও সহায় কৰিব সেইয়া নিশ্চিত । কিয়নো ৰাহুল গান্ধীৰ এই দুৰৱস্থাক লৈ কংগ্ৰেছে পৰৱৰ্তী সময়ত নিৰ্বাচনী প্ৰচাৰ চলোৱাতো ধুৰুপ । তেনেস্থলত ন্যায়ালয়ৰ এই পদক্ষেপে পাকে প্ৰকাৰে বিজেপিকেই ক্ষতিগ্ৰস্ত কৰিব বুলি মত প্ৰকাশ কৰিছে একাংশ সচেতন ব্যক্তিয়ে ।
Also Read: পুনৰ এনকাউণ্টাৰ, ড্ৰাগছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলি...