ডিজিটেল সংবাদ,বেকাজানঃ মণিপুৰ ভ্ৰমণৰ অন্তিম দিনা কিছু সময় পূৰ্বে ইম্ফলৰ ৰাজ ভৱনত মণিপুৰৰ ৰাজ্যপাল অনুছুইয়া উইকেক সাক্ষাৎ কৰে এআইচিচিৰ নেতা ৰাহুল গান্ধীয়ে। তেওঁ মণিপুৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত বিগত দুটা দিনত বিভিন্ন আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি লাভ কেতবোৰ অভিজ্ঞতা ৰাজ্যপাল গৰাকী অৱগত কৰে।
ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে মণিপুৰৰ বৰ্তমানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আলোচনাত গুৰুত্ব আৰোপ কৰি মণিপুৰৰ সকলোকে শান্তিৰ কথা ক’বলৈ আৰু শান্তিৰ দিশত আগবাঢ়ি যাবলৈ আহ্বান জনায়। নতুন দিল্লীলৈ যোৱাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীয়ে গভীৰ দুখ প্ৰকাশ কৰি মণিপুৰবাসীলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰে।তেওঁ কয় যে, ‘মণিপুৰৰ জনসাধাৰণৰ দুখত অংশ ল'বলৈ মই ইয়ালৈ আহিছিলো।
মণিপুৰৰ লগতে ভাৰতৰ সকলো জনসাধাৰণৰ বাবেও ই অত্যন্ত দুখজনক ঘটনা। এই ভ্ৰমণৰ সময়ত ৰাহুল গান্ধীয়ে পাহাৰ আৰু উপত্যকা দুয়োটা অঞ্চলতে স্থাপন কৰা সাহায্য শিবিৰ পৰিদৰ্শন কৰে, য’ত তেওঁ ক্ষতিগ্ৰস্ত জনগোষ্ঠীৰ সৈতে মত বিনিময় কৰে।
বিশেষকৈ খাদ্য আৰু ঔষধৰ দৰে মৌলিক সুবিধাৰ অভাৱৰ সন্দৰ্ভত তেওঁলোকৰ অভিযোগসমূহ তেওঁ শুনে। তেওঁ চৰকাৰলৈ অনুৰোধ জনাই কয় যে, শিবিৰসমূহত থকা মৌলিক সুবিধাসমূহ উন্নত কৰিব লাগিব। ঔষধ যোগান ধৰাৰ প্ৰয়োজন। শান্তিক অগ্ৰাধিকাৰ দিবলৈ সকলো ৰাইজক আহ্বান জনাই ৰাহুল গান্ধীয়ে হিংসাৰ ফলত কোনো কাৰ্যকৰী সমাধান নহ’ব বুলি জোৰ দিয়ে। তেওঁ কয় যে শান্তি হৈছে আগুৱাই যোৱাৰ পথ।
দুমাহজোৰা সংকটৰ মাজত প্ৰধানমন্ত্ৰী মোডীৰ মৌনতাৰ বিষয়ে সোধাত তেওঁ কোনো ধৰণৰ মন্তব্য প্ৰদান নকৰিলে। তেওঁ কয় যে, তেওঁৰ এই ভ্ৰমণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত নহয়, বৰঞ্চ শান্তি আৰু সম্প্ৰীতি গঢ়ি তোলাৰ আন্তৰিক প্ৰচেষ্টাহে। ৰাজ্যলৈ শান্তি আনিবলৈ আহিছিলো। মণিপুৰৰ সকলো মানুহকে ভাল পাওঁ। আমি ইয়াত শান্তি আনিব লাগিব।
Also Read: নগাঁও আৰক্ষীৰ জালত অধ্যক্ষ : শীৰ্ষ আৰক্ষী বিষয়াক কৰ্ম খতিয়ান নিদিয়ে সহকাৰী পৰিদৰ্শকে