ডিজিটেল ডেস্কঃ দেশত সঘনাই ঘটিবলৈ লৈছে ৰেল দুৰ্ঘটনা। শেহতীয়াকৈ শুকুৰবাৰে নিশা পুনৰ এক ৰেল দুৰ্ঘটনা সংঘটিত হয়। নিশা প্ৰায় ২.৩০ বজাত কানপুৰ-ভীমসেনত 19168 নম্বৰৰ সাবৰমতী এক্সপ্ৰেছ ৰে’লখন লাইনচ্যুত হৈ পৰে ।
জানিব পৰা গৈছে যে ৰে’লখনৰ ২২টা দবা ৰেলপথৰ পৰা বাগৰি গৈছে । দুৰ্ঘটনাটোত কোনো ধৰণৰ লোকৰ বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই । ৰে’ল বিভাগে জানিবলৈ দিয়া অনুসৰি ৰে’লখনৰ ইঞ্জিনটোৱে ব’ল্ডাৰত খুন্দা মৰাৰ ফলত ইঞ্জিনৰ কেটল গাৰ্ডটো বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ।
ৰে’লখনৰ চালকগৰাকীয়ে কয় কোনো বোল্ডাৰত ইঞ্জিনৰ আগফালৰ অংশই খুন্দা মাৰিছিল যাৰ ফলত এই অংশটো বেয়াকৈ ক্ষতিগ্ৰস্ত হৈ বেঁকা হৈ পৰিছে ।ৰে’লৱে বিভাগে জনোৱা অনুসৰি এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ বাবেই ৭খন ৰে’ল বাতিল আৰু ৩খন ৰে’লৰ গতিপথ সলনি কৰা হৈছে ।
ৰে’লৱেই তলত দিয়া হেল্পলাইন নম্বৰসমূহ জাৰি কৰিছে:- প্ৰয়াগৰাজ: 0532-2408128, 0532-2407353, কানপুৰ: 0512-2323018, 0512-2323015, মিৰ্জাপুৰ: 054422200097, ইটাৱা 7525001249, টুণ্ডলা: 73249959702, আহমেদাবাদ: 07922113977, বেনাৰস চহৰ: 8303994411, গোৰখপুৰ: 0551-2208088 ।
Also Read: Withdrawal of services- আজি পুৱা ৬বজাৰ পৰা দেশজুৰি চিকিৎসকৰ কৰ্মবিৰতি...