আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভজন লাল শৰ্মাই

আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভজন লাল শৰ্মাই
Published on
Updated on

ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ভজন লাল শৰ্মাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাকে ধৰি বহু জ্যেষ্ঠ নেতাই এই শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰিব।

ৰাজ্যখনৰ ৰাজধানীৰ এলবাৰ্ট হলত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ বাবে ইতিমধ্যে নিৰাপত্তা কটকটীয়া কৰি তোলা হৈছে। অনুষ্ঠানটোত বহু সংখ্যক জনতাই অংশ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

আজিৰ এই অনুষ্ঠানতে শপত গ্ৰহণ কৰিব উপ-মুখ্যমন্ত্ৰী দীয়া কুমাৰী আৰু প্ৰেম চান্দ বৈৰৱাই। তিনিওজনক শপত বাক্য পাঠ কৰোৱাব ৰাজ্যপাল কলৰাজ মিশ্ৰাই শপত গ্ৰহণ কৰিব।

উল্লেখ্য যে, ৩ ডিচেম্বৰত ঘোষণা হৈছিল ৰাজস্থান বিধানসভা নিৰ্বাচন। ১৯৯ খন আসনৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল ১১৫ খন আসন। কিন্তু ঘোষণা কৰা নাছিল মুখ্যমন্ত্ৰীৰ নাম। বহু বিতৰ্কৰ অন্তত বিজেপিয়ে ভজন লাল শৰ্মাক বিজেপিৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰে আৰু নিৰ্বাচন জয়ী হোৱাৰ প্ৰায় ১২ দিন পাছত চৰকাৰ গঠন কৰিব বিজেপিয়ে।

আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ভজন লাল শৰ্মাই
মণিপুৰৰ হিংসাত নিহত ৬৪ জনৰ মৃতদেহ চমজাই দিয়া হ'ল পৰিয়ালক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in