ডিজিটেল ডেস্ক: কংগ্ৰেছৰ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা নকৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। সূত্ৰ অনুসৰি, অশোক গেহলটে মুখ্যমন্ত্ৰীৰ পদ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰিছিল। যাৰ বাবে ক্ষোভিত দলৰ উচ্চ পৰ্যায়ৰ বিষয়া সকল।
অন্যহাতে কংগ্ৰেছেও সভাপতি পদৰ বাবে আন এটা বিকল্পৰ কথা চিন্তা কৰি আছে। জানিব পৰা মতে , মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথো সভাপতি পদত প্ৰতিদ্বন্দিতা নকৰে।
উল্লেখ্য যে, অশোক গেহলট কংগ্ৰেছৰ সভাপতি হ'লে ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ পদ খালী হ'লহেতেন। তেতিয়া সেই পদৰ বাবে দলৰ হাইকমাণ্ডৰ শচীন পাইলটৰ নাম আগত ৰাখিছিল। কিন্তু অশোক গেহলটক সমৰ্থন কৰা বিধায়ক সকলে কোনো পৰিস্থিতিত শচীন পাইলটক মুখ্যমন্ত্ৰী হিচাপে গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এনে পৰিস্থিতিত বহুতো দলৰ বিধায়কে একেলগে পদত্যাগ কৰাৰ সিদ্ধান্তও কৰিছিল।
দেওবাৰে নিশা ৰাজস্থানত কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক মুখ্যমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু গেহলটৰ সমৰ্থনত থকা বহু বিধায়ক বৈঠকত উপস্থিত নাছিল। তাৰপাছতেই মন্ত্ৰী শান্তি ধাৰিৱালৰ বাংলোত এখন সভা অনুষ্ঠিত কৰিছিল আৰু পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
এই ঘটনাৰ পাছতেই দলৰ বিধায়ক সকলৰ সৈতে উচ্চ নেতৃবৰ্গই কথা পতাৰ চেষ্টা কৰিছিল যদিও তেওঁলোকে নিজৰ সিদ্ধান্তত অটল আছিল । কোনো পধ্য়েই শচীন পাইলটক মুখ্যমন্ত্ৰীৰ পদ দিয়াৰ কথা মানি ল'ব পৰা নাছিল। অন্যহাতে একাংশ বিধায়কে যুৱ নেতা শচীন পাইলটক মুখ্যমন্ত্ৰীৰ ৰূপত বিচাৰিছে।
যাৰ বাবে এতিয়া ৰাজস্থানৰ ৰাজনৈতিক অৱস্থা অতিকৈ সংকটজনক পৰিস্থিতিত আছে। এফালে দলৰ ভাৰত জোড়ো যাত্ৰা আৰু আনফালে এনে পুতৌ লগা পৰিস্থিতিয়ে দলৰ দুৰ্বলতাৰ কথা প্ৰকাশ কৰিছে।