অসমসহ ৯ ৰাজ্যৰ ১১ খন ৰাজ্যসভা আসনতে বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...
অসমসহ ৯ ৰাজ্যৰ ১১ খন ৰাজ্যসভা আসনতে বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...

অসমসহ ৯ ৰাজ্যৰ ১১ খন ৰাজ্যসভা আসনতে বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...

একমাত্ৰ ত্ৰিপুৰাৰ আসনতহে হ'ব নিৰ্বাচন
Published on

ডিজিটেল ডেস্কঃ অসমৰ লগতে মুঠ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হৈছে ১১ গৰাকী প্ৰাৰ্থী। মঙ্গলবাৰে নিৰ্বাচন আয়োগে পূৰ্বৰ মন্ত্ৰী উপেন্দ্ৰ কুশৱাহ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অভিষেক মনু সিংভি, কেন্দ্ৰীয় মন্ত্ৰী ৰবনীত সিং বিট্টু আৰু জৰ্জ কুৰিয়েনক বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিছে।

উল্লেখ্য যে, অসম, বিহাৰৰ দুখনকৈ, হাৰিয়ানাৰ এখন, মধ্যপ্ৰদেশৰ এখন, মহাৰাষ্ট্ৰৰ দুখন, ৰাজস্থান, ত্ৰিপুৰা, তেলেংগানা আৰু ওডিষ্যাৰ এখনকৈ আসনত ৩ ছেপ্টেম্বৰত ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছিল। ইয়াৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন নিৰ্ধাৰণ কৰা হৈছিল ২৬ আগষ্ট। ইয়াৰে কেইবাখনো আসন লোকসভা নিৰ্বাচনৰ পাছতে খালী হৈ পৰিছিল।

সেই অনুসৰি ৯ ৰাজ্যৰ ১১ খন আসনতে বিনা প্ৰতিদ্বন্দিতাৰে প্ৰাৰ্থী বিজয়ী হোৱাটো নিশ্চিত হৈছে। এতিয়া কেৱল ৩ ছেপ্টেম্বৰত মাত্ৰ এখন আসনৰ বাবেহে অনুষ্ঠিত হ'ব নিৰ্বাচন।

মঙ্গলবাৰে নিৰ্বাচন আয়োগে বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাসকলৰ নাম ঘোষণা কৰিছে। সেই অনুসৰি হাৰিয়ানাত বিজেপিৰ কিৰণ চৌধুৰী, ওড়িষ্যাত মমতা মহন্ত, বিহাৰত মমন কুমাৰ মিশ্ৰ।

ইয়াৰ পূৰ্বে সোমবাৰে চাৰিগৰাকী প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হৈছিল। যাৰ ভিতৰত আছিল মহাৰাষ্ট্ৰত বিজেপিৰ ধৈৰ্যশীল পাটিল, এন চি পিৰ নিতিন পাটিল, অসমৰ ৰামেশ্বৰ তেলী আৰু মিছনৰঞ্জন দাস।

উল্লেখ্য যে, কেৱল মাত্ৰ ত্ৰিপুৰাৰ এখন আসনৰ বাবেহে ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব নিৰ্বাচন। ৰাজ্যখনত বিজেপি ,সভাপতি ৰাজীৱ ভট্টাচাৰ্যী আৰু চি পি এমৰ পূৰ্বৰ বিধায়ক সুধান দাসৰ মাজত অনুষ্ঠিত হ'ব এই নিৰ্বাচন।

ঘোষিত ফলাফল অনুসৰি ১১ খন আসনৰ ভিতৰত বিজেপিৰ ৮ গৰাকী সদস্য, সহযোগী দলৰ দুজন সদস্য পুনৰ নিৰ্বাচিত হোৱাত ৰাজ্যসভাত এন ডি এৰ সদস্যৰ সংখ্যা ১১২ লৈ বৃদ্ধি পালে। ২৪৫ জনীয়া উচ্চসদনত বৰ্তমান ২৪০ গৰাকী সদস্য আছে। ইয়াৰে ৬ গৰাকী মনোনীত সদস্যৰ সমৰ্থনৰ পাছতো বিজেপি তথা এন ডি এ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব পৰা নাই।

অসমসহ ৯ ৰাজ্যৰ ১১ খন ৰাজ্যসভা আসনতে বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী...
বৰহোলা মহাবিদ্যালয়ৰ ৯৯ লাখ টকীয়া শ্ৰেণী কোঠা নিৰ্মাণত দুৰ্নীতি
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in