অসমসহ দেশৰ ৯ ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা...

সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছাৰ খালী হোৱা আসনত হ'ব নিৰ্বাচন

author-image
Asomiya Pratidin
New Update
অসমসহ দেশৰ ৯ ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা...

অসমসহ দেশৰ ৯ ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা...

ডিজিটেল ডেস্কঃ অসম সহ দেশৰ মুঠ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা। অহা ৩ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব এই ৰাজ্য কেইখনৰ ৰাজ্যসভাৰ নিৰ্বাচন।

উল্লেখ্য যে, সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত অসমৰ দুগৰাকী ৰাজ্যসভা সাংসদে প্ৰতিদ্বন্দিতা কৰি লোকসভালৈ নিৰ্বাচিত হৈ গৈছে। ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱাল আৰু নৱ গঠিত কাজিৰঙা লোকসভা সমষ্টিৰ পৰা কামাখ্যা প্ৰসাদ তাছা সাংসদ হিচাপে লোকসভালৈ নিৰ্বাচিত হৈ যোৱাত এই দুই আসন খালী হৈছে।

ইয়াৰে কামাখ্যা প্ৰসাদ তাছাৰ আসনখনৰ কাৰ্যকাল ১৪ জুন ২০২৫ লৈ আৰু সৰ্বানন্দ সোণোৱালৰ আসনখনৰ কাৰ্যকাল ৯ এপ্ৰিল ২০২৬ পৰ্যন্ত। অসমৰ এই দুই আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।

ইয়াৰ বাবে মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ আগষ্ট নিৰ্ধাৰণ কৰা হৈছে। ইফালে অসমৰ উপৰিও বিহাৰৰ দুখন, হাৰিয়ানাৰ এখন, মধ্যপ্ৰদেশৰ এখন, মহাৰাষ্ট্ৰৰ দুখন, ৰাজস্থান, ত্ৰিপুৰা, তেলেংগানা আৰু ওডিষ্যাৰ এখনকৈ আসনত অনুষ্ঠিত হ'ব ৰাজ্যসভাৰ নিৰ্বাচন।

Also Read: ভূ-মাফিয়াৰ অত্যাচাৰত নিৰাপত্তাহীনতাত গহপুৰৰ এটা শিক্ষক পৰিয়াল...

নিৰ্বাচন আয়োগ নিৰ্বাচন ৰাজ্যসভা