ৰাজ্যসভাত জয়া বচ্চন, জগদীপ ধনখড়ৰ মাজত বিতৰ্কঃ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ..

শাসক-বিৰোধীৰ হুলস্থুলিয়া পৰিবেশ
ৰাজ্যসভাত জয়া বচ্চন, জগদীপ ধনখড়ৰ মাজত বিতৰ্কঃ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ..
ৰাজ্যসভাত জয়া বচ্চন, জগদীপ ধনখড়ৰ মাজত বিতৰ্কঃ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ..
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ সমাজবাদী পাৰ্টিৰ সাংসদ জয়া বচ্চন আৰু অধ্যক্ষ জগদীপ ধনখড়ৰ মাজত চলিত অধিবেশনত যথেষ্ট বিতৰ্ক হৈছে। দুয়োগৰাকীৰ মাজত চলা কথাৰ কটাকটিৰ মাজতে উচ্চ সদনখনত হুলস্থুলীয়া পৰিবেশৰো সৃষ্টি হৈছে।

শুকুৰবাৰে উচ্চ সদনত জয়া বচ্চনে অধ্যক্ষ জদগীপ ধনখড়ক লৈ কৰা মন্তব্যক কেন্দ্ৰ কৰি পুনৰ শাসক-বিৰোধীৰ মাজত এক হুলস্থুলীয়া পৰিবেশৰ সূচনা হয়। খৰ্গহস্ত হৈ পৰে অধ্যক্ষগৰাকী।

দুয়োৰে মাজৰ বিতৰ্কই এনে পৰ্যায় পাইগৈ যে, আক্ৰমণ ব্যক্তিগত পৰ্যন্তও হয়। তাৰ মাজতে জগদীপ ধনখড়ে জয়া বচ্চনক উদ্দেশ্যি সন্মান কেৱল আপোনাৰেই নহয়, আনৰো থাকে বুলি কোৱাৰ লগে লগেই সদন উত্তপ্ত হৈ পৰে।  

আজি সদনত জয়া বচ্চনে জগদীপ ধনখড়ক উদ্দেশ্যি নিজৰ ভাষণত কয়, ছাৰ মই এগৰাকী শিল্পী। শাৰীৰিক ভংগী, ভাবধাৰা বুজি পাওঁ। কিন্তু ক্ষমা কৰিব আপোনাৰ কথাৰ সুৰ অধ্যক্ষ হোৱাৰ যোগ্য নহয়।

জয়া বচ্চনে পুনৰ তেওঁক উদ্দেশ্যি কয় , 'ছাৰ আমি সতীৰ্থ। আপুনি যদিও তাত আসনত বহি আছে আৰু মোৰ মনত আছে যেতিয়া মই স্কুললৈ গৈছিলো....’। জয়া বচ্চনৰ এই বাক্য সম্পূৰ্ণ হ’বলৈ নাপাওঁতেই অধ্যক্ষ ধনখড়ে কয়, জয়াজী আপুনি বহুত সন্মান অৰ্জন কৰিছে। আপুনি জানে এগৰাকী অভিনেতা এগৰাকী পৰিচালকৰ অধীন হয়। আপুনি তাত সেইবোৰ নেদেখে যিবোৰ মই ইয়াৰ পৰা (অধ্যক্ষৰ আসনৰ পৰা) দেখোঁ।

অধ্যক্ষগৰাকীয়ে পুনৰ কয়, মই সেইবোৰ কথাক পুনৰাবৃত্তি কৰিবলৈ নিবিচাৰোঁ। মোক স্কুলিংৰ কথা নালাগে। মই সেইজন ব্যক্তি যিয়ে সীমাৰ বাহিৰলৈকো গৈছোঁ, আপুনি মোৰ কথাৰ সুৰৰ কথা ক’বলৈ আহে?

জগদীপ ধনখড়ৰ এনে তীক্ষ্ণ বাক্যৰ বিৰোধিতাৰে বিৰোধীয়ে সদন উত্তপ্ত কৰি তোলাৰ বিপৰীতে শাসক পক্ষই অধ্যক্ষৰ সমৰ্থনত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে। তাৰ মাজতেই অধ্যক্ষগৰাকীয়ে পুনৰ জয়া বচ্চনক উদ্দেশ্যি কয়, আপুনি যিয়েই নহওঁক, চেলিব্ৰেটি হ’ব পাৰে, কিন্তু আপুনি মৰ্যাদা বুজি পাব লাগিব। এনেকুৱা পৰিচয় নিদিব যে কেৱল আপোনাৰহে সন্মান আছে।

উল্লেখ্য যে, এইবাৰ ৰাজ্যসভাত অধ্যক্ষ জদগীপ ধনখড় আৰু জয়া বচ্চনৰ মাজত যথেষ্ট বিতৰ্ক হৈছে। এজনে আনজনক উদ্দেশ্য কৰি কোৱা কথাক হুলস্থুলীয়া পৰিবেশৰ সূচনা হৈছে।

জয়া বচ্চনক অধ্যক্ষই জয়া অমিতাভ বচ্চন বুলি কোৱাৰ বাবেও জয়া বচ্চনে আপত্তি দৰ্শাইছে। এই আপত্তিৰ বিপৰীতে জগদীপ ধনখড়ে তেওঁক ৰাজ্যসভাত দাখিল কৰা তেওঁৰ পৰিচয় পত্ৰত নাম সলনি কৰিবলৈয়ো আহ্বান কৰিছে। ৰাজ্যসভাত জমা দিয়া নথিত তেওঁৰ নাম জয়া অমিতাভ বচ্চন লিখা আছে বাবেই তেওঁ সেই নামেৰেই তেওঁক সম্বোধন কৰিছে বুলিও যুক্তি দিছে।

অধ্যক্ষৰ এনে যুক্তিক সমালোচনা কৰিছে জয়া বচ্চনে। তেওঁ স্পষ্টকৈ কয়, পূৰ্বে এনে হোৱা নাছিল। এইবাৰহে তেওঁৰ নাম এইদৰে লোৱা হৈছে। তেওঁ অধ্যক্ষৰ এনে কাৰ্যক নাটকো আখ্যা দিছে।

ৰাজ্যসভাত জয়া বচ্চন, জগদীপ ধনখড়ৰ মাজত বিতৰ্কঃ ব্যক্তিগত পৰ্যায়ত আক্ৰমণ..
নেতাৰ আঁৰত হেৰাল সাহিত্য, সংস্কৃতিৰ জ্যোতিষ্কঃ 'বুদ্ধ' নিজেই এক আদৰ্শ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in