গঠন হ'ব গ্ৰেটাৰ কোচবিহাৰ ! ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈয়ে অনন্ত মহাৰাজৰ হুংকাৰ...

গঠন হ'ব গ্ৰেটাৰ কোচবিহাৰ ! ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈয়ে অনন্ত মহাৰাজৰ হুংকাৰ...
গঠন হ'ব গ্ৰেটাৰ কোচবিহাৰ ! ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈয়ে অনন্ত মহাৰাজৰ হুংকাৰ...
Published on
Updated on

ডিজিটেল ডেস্কঃ পুনৰ বিভাজনৰ দিশে অসম আৰু বংগ ! ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰিয়েই গ্ৰেটাৰ কোচবিহাৰ গঠনৰ দাবী উত্থাপন কৰিলে অনন্ত মহাৰাজে।

কোচবিহাৰৰ নগেন্দ্ৰ ৰায় ওৰফে অনন্ত মহাৰাজে বিজেপিৰ হৈ ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত এই দাবী উত্থাপন কৰাৰ পাছতে এতিয়া পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ সুখেন্দু শেখৰ ৰায়ে অনন্ত মহাৰাজ আৰু বিজেপিক সালোচনা কৰি কয়, বিজেপিয়ে বিচ্ছন্নতাবাদীৰ পৃষ্ঠপোষকতা কৰিলেও তেওঁলোকৰ বংগ বিভাজনৰ চক্ৰান্ত সফল নহ'ব।

উল্লেখ্য যে, সোমবাৰে ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰিলে অনন্ত মহাৰাজে। ইয়াৰ পাছতে তেওঁ সাংবাদিকৰ আগত কয়, গ্ৰেটাৰ কোচবিহাৰ দাবী উত্থাপন হৈছে। সেই দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ যাব। চৰকাৰৰ যি কৰণীয় সেয়া কৰিব লাগিব। সেই বিষয়ে মই চৰকাৰৰ সৈতে আলোচনা কৰিম।

গ্ৰেটাৰ কোচবিহাৰক যাতে কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে গঠন কৰা হয় সেই দাবী কেন্দ্ৰৰ ওচৰত উত্থাপন কৰিম। সেয়াই সাধাৰণ মানুহে বিচাৰিছে। কেৱল উত্তৰ বংগই নহয়, অসম, বিহাৰৰ লোকেও বিচাৰিছে।

অনন্ত মহাৰাজৰ এই বক্তব্যৰ বিৰোধিতাৰে তৃণমূল কংগ্ৰেছে তেওঁক উভতি ধৰিছে। সুখেন্দু শেখৰ ৰায়ে কয়, মমতা বেনাৰ্জীৰ নেতৃত্বত বঙালী মানুহে বিগত এক দশক ধৰি লোকসভা, বিধানসভা নিৰ্বাচনত বিজেপিক পৰাজয়ৰ সোৱাদ দিছে। সেয়ে বিজেপিয়ে বংগ, অসম, বিহাৰ ভাগ কৰাৰ চক্ৰান্ত সফল কৰাৰ বাবে বিচ্ছন্নতাবাদীৰ পৃষ্ঠপোষকতা কৰিছে।

কে এল অ’ নামৰ নিষিদ্ধ ঘোষিত সংগঠনৰ এজন পলাতক নেতাক অসমত আশ্ৰয় দিয়া হৈছে বুলি জানিব পৰা গৈছে। তেওঁ বিভাজনকাৰী শক্তিক অস্ত্ৰ প্ৰশিক্ষণ দিছে। সেয়া যিয়েই নকৰক কিয় বংগৰ মানুহে বিজেপিৰ এই জঘণ্য খেলক নস্যাৎ কৰিবলৈ একত্ৰিত হৈছে।

তেওঁলোকে বংগ ভংগৰ যিকোনো চক্ৰান্তকেই যুঁজ কৰি প্ৰতিহত কৰিব। উল্লেখ্য যে, গ্ৰেটাৰ কোচবিহাৰ আন্দোলনৰ নেতা অনন্ত মহাৰাজক ৰাজ্যসভাৰ প্ৰাৰ্থী কৰাৰ পাছতেই সংসদত তেওঁ বংগ ভংগৰ বিষয়ে উত্থাপন কৰিব নেকি বুলি প্ৰশ্ন কৰা হৈছিল।

সেই প্ৰশ্নৰ উত্তৰত অনন্ত মহাৰাজে কোচবিহাৰ বংগৰ অংশ নহয় বুলি যুক্তি দি কৈছিল- বংগ ভংগ কৰাৰ কথা ক’ৰ পৰা আহিল?  কোনে বংগ ভংগৰ কৰিবলৈ কৈছে মই নাজানো। কোচবিহাৰ এখন ৰাজ্য। সেই ৰাজ্য পুনৰ গঠন কৰাৰ কথাহে কৈছো।

আৰু পঢ়কঃ

গঠন হ'ব গ্ৰেটাৰ কোচবিহাৰ ! ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈয়ে অনন্ত মহাৰাজৰ হুংকাৰ...
লখিমপুৰত নিয়ন্ত্রণ হেৰুৱাই বাসগৃহত সোমাল বাহন

গ্ৰেটাৰ কোচবিহাৰৰ কথা কৈছো। ১৯৪৭ চনৰ ১৮ জুলাই যেতিয়া ব্ৰিটিছ পাৰ্লিয়ামেণ্টত ভাৰত স্বাধীন আইন বিল পাছ হৈছিল। সেই আইনৰ সাত, এক (বি) নামেৰে এটা ধাৰা আছে।সেই ধাৰাৰ আধাৰত আমাৰ মহাৰাজৰ লগত যিমান ভূমি ব্ৰিটিছে দখল কৰিছিল সেই সমস্ত ভূমি মহাৰাজক চুক্তি সমাপণ কৰি ঘূৰাই দিয়া হৈছিল।

তেতিয়াৰ পৰা কোচবিহাৰ গ্ৰেটাৰ কোচবিহাৰ হৈছে। সেই গ্ৰেটাৰ কোচবিহাৰকে পুনৰ গঠন কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছো। ইফালে তৃণমূল কংগ্ৰেছৰ নেতা সুখেন্দু ৰায়ে বংগ ভংগৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ প্ৰসংগত পুনৰ কয়, মহাৰাষ্ট্ৰৰ বিদৰ্ভ, গুজৰাটৰ সৌৰাষ্ট্ৰ, অসমৰ বড়োলেণ্ড, কাৰ্বি আংলং, উত্তৰ প্ৰদেশৰ বুন্দেলখণ্ড আৰু পশ্চিমাঞ্চলকে ধৰি এতিয়াও প্ৰায় ২০ খন নতুন ৰাজ্য গঠনৰ দাবী উত্থাপন হৈ আছে।

গতিকে সেই ৰাজ্যসমূহ গঠনৰ দাবীৰ মাজত কেৱল গ্ৰেটাৰ কোচবিহাৰ গঠনৰ কৌশলক কোনো কাৰণতে মানি নলয়। বংগ ভংগৰ দাবী উত্থাপন কৰা অনন্ত মহাৰাজক তেওঁ প্ৰকাৰন্তৰে লৰ্ড কাৰ্জনৰ প্ৰেতাত্মা আৰু বিজেপি চৰকাৰক পৈশাচিক আখ্যা দি কোনো কাৰণতে এই কাৰ্য মানি লোৱা নহ'ব আৰু ২০২৪ত বিজেপি ইয়াৰ বাবে পুনৰ পৰাজিত হ'ব বুলিও কয়। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ এই পৰিকল্পনাক বাস্তৱায়িত কৰাত বাধা দিবলৈ এতিয়াও খুদিৰাম, প্ৰীতিলতা, মাতংগীনি সাজু হৈ আছে বুলিও দাবী কৰে।

আৰু পঢ়কঃ

গঠন হ'ব গ্ৰেটাৰ কোচবিহাৰ ! ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লৈয়ে অনন্ত মহাৰাজৰ হুংকাৰ...
নিশা জামুগুৰিহাটত ট্ৰাকৰ মুখামুখি সংঘৰ্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in