ভোটগ্ৰহণৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ...

ভোটগ্ৰহণৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ...
ভোটগ্ৰহণৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ...
Published on
Updated on

 ডিজিটেল ডেস্কঃ ১৭ নৱেম্বৰত ছত্তিশগড় বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। এই ভোটগ্ৰহণলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে বিজেপিৰ এগৰাকী প্ৰাৰ্থিৰ পৰা উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ ধন।

ৰাজ্যখনৰ কোৰবা জিলাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এখন গাঁৱৰ পৰা বিজেপিৰ এগৰাকী প্ৰাৰ্থিৰ পৰা জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ ধনখিনি। জানিব পৰা মতে জব্দ হোৱা নগদ ধনখিনিৰ পৰিমাণ ১১.৫০ লাখ টকা।

আৰক্ষীয়ে জনোৱা অনুসৰি এই বিজেপি প্ৰাৰ্থিগৰাকীৰ নাম ৰামদয়াল উইকে। তেওঁ পালি তানাখৰ বিধানসভা আসনৰ পৰা বিজেপিৰ টিকটত প্ৰতদ্বন্দিতা কৰিছে। তেওঁৰ ব্যৱহাৰ কৰা বাহনখনৰ পৰা উদ্ধাৰ হৈছে এই নগদ ধনখিনি। সেই সময়ত বাহনখনত আছিল ৰাম দয়াল উইকেও।

উল্লেখ্য, ১৭ নৱেম্বৰ, বৃহস্পতিবাৰে ছত্তিশগড় বিধানসভাৰ ৭০ খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। ৯ টা ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হোৱাৰ বিপৰীতে বাকীবোৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব।

ভোটগ্ৰহণৰ পূৰ্বে বিজেপি প্ৰাৰ্থীৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ...
প্ৰশ্ন নকৰিব- আধুনিক ক্ৰিকেটত বিৰাটেই শ্ৰেষ্ঠ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in