ডিজিটেল ডেস্ক : পূজাৰ বতৰত দেশবাসীলৈ আহিল এটা দুখজনক খবৰ। মহাষষ্ঠীৰ দিনাই এই খবৰে জোকাৰণি তুলিলে সমগ্ৰ দেশত। দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে অনাকাঙ্খিতভাৱে আহিল খবৰটি। মানৱদৰদী তথা মহান ব্যক্তিৰ অধিকাৰী ৰতন টাটা আৰু নাই।
জীৱনৰ ৮৬ টা বসন্তত অনন্ত ধামলৈ গতি কৰিলে এইগৰাকী বিশিষ্ট উদ্যোগপতি তথা মানৱদৰদী ৰতন টাটাই। বুধবাৰে নিশা চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উদ্যোগপতিগৰাকী। সোমবাৰৰ পৰা মুম্বাইৰ ব্রীছকেণ্ডি হাস্পতালত চিকিৎসাধীন হৈ থকা ৰতন টাটাই মহাষষ্ঠীৰ দিনা সংসাৰৰ মায়া- মোহ ত্যাগ কৰি অন্তিম নিশ্বাস ত্যাগ কৰে।
দেশৰ নতুন প্ৰজন্মক 'মানুহ' হোৱাৰ প্ৰেৰণা যোগোৱা ৰতন টাটা আছিল সঁচা অৰ্থত এজন প্ৰকৃত মানুহ। তেখেতৰ ব্যক্তিত্বই সৰ্বসাধাৰণৰ বাবে আছিল অসামান্য প্ৰেৰণাৰ সমল। জীৱন যুঁজত যুঁজাৰ চালিকা শক্তি।
তেখেতে জীৱনকালত ভাৰতীয় সমাজ জীৱনলৈ আগবঢ়াইছিল অকুণ্ঠ বৰঙণি। দেশৰ ধনাঢ্য উদ্যোগপতি হৈও কটাইছিল সাধাৰণ জীৱন। তেঁওৰ অকৃত্ৰিম মৰম, স্নেহ তথা উল্লেখযোগ্য বৰঙণিৰ বাবে অসম চৰকাৰে আগবঢ়াইছিল অসমৰ সৰ্বোচ্চ সন্মান ‘অসম বৈভৱ’ বঁটা।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ৰতন টাটাৰ সম্পূৰ্ণ নাম হৈছে ৰতন নৱাল টাটা। তেখেতৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত। ১৯৮১ চনত তেঁও টাটা উদ্যোগৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। দেশৰ বাবে আগবঢ়োৱা অসামান্য অৱদানৰ বাবে তেখেতক ভাৰত চৰকাৰে পদ্মবিভূষণ আৰু পদ্মভূষণ সন্মানেৰে সন্মানিত কৰিছিল।
এনেহেন এগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যু সঁচাকৈয়ে সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি। এই চেগতে মানৱদৰদী ৰতন টাটালৈ জনাইছো একাজলি অশ্ৰুভৰা শ্ৰদ্ধাঞ্জলি।
Also Read: শৰৎ এনে এটা ঋতু, যিটো ঋতুৱে সৃষ্টিৰ বাবে স্ৰষ্টাক অনুপ্ৰেৰণা যোগায় : জয়ন্ত বৰুৱা