অসুস্থ পদপথৰ কুকুৰক সুস্থ কৰিবলৈ ৰতন টাটাই দিলে আহ্বানঃ মুম্বাইবাসীয়ে দিলে সহাৰি

অসুস্থ পদপথৰ কুকুৰক সুস্থ কৰিবলৈ ৰতন টাটাই দিলে আহ্বানঃ মুম্বাইবাসীয়ে দিলে সহাৰি
Published on
Updated on

ডিজিটেল ডেস্কঃ মানৱ দৰদী বুলিয়েই প্ৰখ্যাত টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটা। আন পুঁজিপতিৰ দৰে কেৱল ধন উপাৰ্জনকেই লক্ষ্য হিচাপে নলৈ টাটা গ্ৰুপে সামাজিক দায়িত্ববোধৰ পৰিচয় দি বিভিন্ন কাম হাতত লৈছে।

এক বিশাল ব্যৱসায়ীক সাম্ৰাজ্যৰ অধিকাৰী ৰতন টাটা যিদৰে সামাজিকভাৱে দায়বদ্ধ ঠিক সেইদৰে তেওঁৰ পশু প্ৰেমো অতুলনীয়। বিশেষকৈ কুকুৰৰ প্ৰতি আছে তেওঁৰ অন্তৰত যথেষ্ট মৰম।

যিদৰে নিজৰ পোহনীয়া কুকুৰৰ প্ৰতি তেওঁৰ আছে অফুৰন্ত মৰম ঠিক সেইদৰেই সমানে মৰম আছে পদপথৰ কুকুৰৰ প্ৰতিও। এই কথা পুনৰ এবাৰ প্ৰমাণ পোৱা গ'ল টাটা গ্ৰুপৰ অধ্যক্ষগৰাকীৰ এটা আহ্বানত।

শেহতীয়াকৈ ৰতন টাটাই পদপথৰ পৰা এটা কুকুৰ উদ্ধাৰ কৰিছিল। এই কুকুৰটোৰ বয়স ৭ মাহ। গুৰুতৰভাৱে অসুস্থ কুকুৰটো মূলতঃ জ্বৰ আৰু ৰক্তহীনতাত ভূগি আছিল। কুকুৰটোৰ সুস্থ কৰি তুলিবলৈ প্ৰয়োজন ৰক্তৰ। সেয়ে ৰতন টাটাই এই কুকুৰটোৰ বাবে প্ৰয়োজনীয় ৰক্ত বিচাৰি মুম্বাইবাসীৰ পৰা সহায় বিচাৰিলে।

ৰতন টাটাৰ কুকুৰৰ প্ৰতি আছে অগাধ মৰম। তেওঁৰ বাসগৃহত আছে বহু পোহনীয়া কুকুৰ। ইয়াৰোপৰি তেওঁ পদপথৰ কুকুৰৰ বাবেও প্ৰায়ে বিভিন্ন পদক্ষে গ্ৰহণ কৰিছে।এইবাৰো তাৰ ব্যতিক্ৰম নহ'ল।

শেহতীয়াকৈ তেওঁ ইনষ্টাগ্ৰমত পদপথৰ পৰা উদ্ধাৰ কৰা কুকুৰটোৰ ফটো আপলোড কৰি মুম্বাই বাসীৰ পৰা সহায় বিচৰাৰ পাছতেই তেওঁৰ এই আহ্বানৰ প্ৰতি ভিন্নজনে সহাৰি দিয়াও পৰিলক্ষিত হ'ল। মুম্বাইৰ বহু কেইজন লোকে তেওঁলোকৰ পোহনীয়া কুকুৰ লগত লৈ আহি টাটাই উদ্ধাৰ কৰা কুকুৰটোৰ বাবে তেজৰ যোগান ধৰিছে।

এইসকল লোকক টাটাই ধন্যবাদ জনাবলৈও পাহৰা নাই। তেওঁ ইনষ্টাগ্ৰামতে তেজৰ যোগান ধৰা পোহনীয়া কুকুৰ কেইটাৰ লগতে তেওঁলোকৰ গৰাকীৰো ফটো আপলোড কৰি ৰাজহুৱাভাৱে ধন্যবাদ জনাইছে।

ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত কুকুৰৰ ছবি পোষ্ট কৰিছিল ৰতন টাটাই। ২০২১ ৰ ২৪ ছেপ্টেম্বৰত এখন ছবি টুইটাৰত পোষ্ট কৰি নেটিজেনৰ হৃদয় জয় কৰিছিল। ধাৰাসাৰ বৰষুণৰ মাজত এজন ব্যক্তিয়ে নিজৰ ছাদৰ তলত এটি পদপথৰ কুকুৰক আশ্ৰয় দিছিল। এই দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। পাছত জানিব পৰা গৈছিল সেই ব্যক্তিজন আছিল ৰতন টাটা।

অসুস্থ পদপথৰ কুকুৰক সুস্থ কৰিবলৈ ৰতন টাটাই দিলে আহ্বানঃ মুম্বাইবাসীয়ে দিলে সহাৰি
প্ৰায় ৫ মাহৰ মূৰত জামিন পালে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in