গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ দ্বিতীয় দিনত ২.৩৭ লাখ কোটি টকাৰ বিনিয়োগৰ অভিলেখ...

গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ দ্বিতীয় দিনত ২.৩৭ লাখ কোটি টকাৰ বিনিয়োগৰ অভিলেখ...
গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ দ্বিতীয় দিনত ২.৩৭ লাখ কোটি টকাৰ বিনিয়োগৰ অভিলেখ...
Published on
Updated on

ডিজিটেল সংবাদ মুম্বাইঃ মুম্বাইত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ সামুদ্ৰিক সন্মিলন গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিট (জিএমআইএছ), ২০২৩ ৰ দ্বিতীয় দিনা ২.৩৭ লাখ কোটি টকাৰ বৃহৎ বিনিয়োগৰ অভিলেখ সৃষ্টিহৈছে। আজিৰ দিনটোত সামুদ্ৰিক খণ্ডৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংশ যেনে বন্দৰ উন্নয়ন আৰু আধুনিকীকৰণ, সেউজ হাইড্ৰজেন আৰু এমোনিয়া, বন্দৰ নেতৃত্বাধীন উন্নয়ন, ব্যৱসায়-বাণিজ্য, জাহাজ নিৰ্মাণ, জ্ঞানৰ আদান-প্ৰদান আৰু বন্দৰ সংযোগৰ ক্ষেত্ৰত প্ৰায় ৭০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীদ্বয় শ্ৰীপদ নায়েক আৰু শান্তনু ঠাকুৰৰ উপস্থিতিত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইটালী, তাঞ্জানিয়া আৰু শ্ৰীলংকাৰ মন্ত্ৰীসকলৰ সৈতে মন্ত্ৰী পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠকতো মিলিত হয়, য'ত তেওঁলোকে দেশসমূহৰ মাজত সামুদ্ৰিক সম্পৰ্ক অধিক শক্তিশালী আৰু গভীৰ কৰাৰ বাবে একাধিক বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে।

বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানৰ পাছত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আজি গ্লোবেল মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২৩ ত ২.৩৭ লাখ কোটি টকাৰ বিনিয়োগেৰে অভিলেখ সংখ্যক ৭০ খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। ইয়ে দেশৰ বহনক্ষম উন্নয়নত এক নতুন যুগৰ সূচনা কৰিব। ভাৰতত সামুদ্ৰিক খণ্ডই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে।

ই ভাৰতৰ বাবে সেউজ স্থিৰতা পৰিবহণৰ দিশে যাত্ৰা কৰাৰ পথ প্ৰশস্ত কৰিছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত ভাৰতে যোৱা ৯ বছৰত বহুমুখী আৰু সৰ্বাংগীণ বিকাশ লাভ কৰিছে । সামুদ্ৰিক খণ্ডও ইয়াৰ ব্যতিক্ৰম নহয়। মোদীজীৰ বলিষ্ঠ নেতৃত্বত ভাৰতে বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিত পৰিণত হৈছে।"

ৰাষ্ট্ৰীয় জলপথ ২ (ব্ৰহ্মপুত্ৰ) ৰ জৰিয়তে সামুদ্ৰিক বাণিজ্য আৰু সামুদ্ৰিক সংযোগ বৃদ্ধিৰ উদ্দেশ্যে আজি মুম্বাইত ইণ্ডিয়া বাংলাদেশ চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী (আই বি চি চি আই) আৰু এটু জেড এক্সিটৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়।এই চুক্তিয়ে ভাৰতৰ উত্তৰ- পূব অঞ্চলৰ বিভিন্ন গন্তব্যস্থান আৰু বাংলাদেশৰ মাজত বিভিন্ন সামগ্ৰী পৰিবহণৰ সম্ভাৱনীয়তা অন্বেষণ কৰাৰ পৰিকাঠামো নিৰ্ধাৰণ কৰিব।

এই প্ৰচেষ্টাই ভাৰতত পৰিচালিত বন্দৰসমূহ ব্যৱহাৰ কৰি ভাৰত, বাংলাদেশ আৰু কাষৰীয়া দেশৰ পৰা ভূটানলৈ জাহাজেৰে আমদানি কৰিবলগীয়া বাণিজ্যৰ পৰ্যাপ্ত পৰিমাণৰ সুবিধা প্ৰদান কৰি সহায় আগবঢ়াব।

গ্লোবেল মেৰিটাইম ইণ্ডিয়া ছামিটৰ দ্বিতীয় দিনত ২.৩৭ লাখ কোটি টকাৰ বিনিয়োগৰ অভিলেখ...
পল্লৱী কলিতালৈ 'ধনটি হীৰা সোঁৱৰণী নবীন গ্ৰাম্য সাংবাদিকতা বঁটা-২০২৩'...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in