RG Kar Protest: প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ সন্মুখত হঠাৎ উপস্থিত মমতা...
RG Kar Protest: প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ সন্মুখত হঠাৎ উপস্থিত মমতা...

RG Kar Protest: প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ সন্মুখত হঠাৎ উপস্থিত মমতা...

মুখ্যমন্ত্ৰী নহয়, আপোনালোকৰ দিদি হিচাপে কাষলৈ আহিছো, সকলো দাবী বিবেচনা কৰা হ'ব- মমতা বেনাৰ্জী
Published on

ডিজিটেল ডেস্কঃ কলকাতাৰ প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ সন্মুখত আজি হঠাৎ উপস্থিত হয় গৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (CM Mamata Banerjee)। আৰ জি কৰ মেডিকেল কলেজ হাস্পাতলত সংঘটিত হোৱা চিকিৎসক ছাত্ৰীৰ যৌন নিৰ্যাতন আৰু হত্যাকাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পাছৰে পৰা কনিষ্ঠ চিকিৎসকসকলে বিভিন্ন দাবীৰে প্ৰতিবাদ অব্যাহত ৰাখিছে। এই প্ৰতিবাদে ৩৪ দিন অতিক্ৰম কৰিছে। সম্ভৱতঃ দেশত কনিষ্ঠ চিকিৎসকৰ এয়াই আটাইতকৈ দীঘলীয়া প্ৰতিবাদ।

কনিষ্ঠ চিকিৎসকৰ এনে প্ৰতিবাদত যোৱা দিনসমূহ উত্তাল হৈ আছে চুবুৰীয়া পশ্চিমবংগ (West Bengal) । তাৰ মাজতে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কনিষ্ঠ চিকিৎসকৰ সৈতে আলোচনাত বহিবলৈ সাজু হৈছিল যদিও তেওঁলোকে মমতাৰ এই আলোচনাৰ আহ্বান প্ৰত্যাখ্যান কৰি আহিছে।

বৃহস্পতিবাৰে আলোচনাৰ বাবে সকলো প্ৰস্তুতি চলাই মমতা বেনাৰ্জীয়ে চিকিৎসকসকলৰ বাবে প্ৰায় দুঘণ্টাৰো অধিক সময় অপেক্ষা কৰিছিল। কিন্তু তেওঁৰ সৈতে আলোচনাত বহিবলৈ কোনো চিকিৎসক সেই স্থানত উপস্থিত নহ'ল।

এইদৰেই স্বাস্থ্যভৱনৰ সন্মুখত যোৱা মঙ্গলবাৰৰ পৰা অৱস্থান কৰা কনিষ্ঠ চিকিৎসকসকলৰ সৈতে বিগত তিনিদিন আলোচনাৰ চেষ্টা চলায়ো ব্যৰ্থ হৈছে মমতা।সেয়ে আজি নিজেই গৈ প্ৰতিবাদস্থলীত উপস্থিত হৈ মমতা বেনাৰ্জীয়ে কনিষ্ঠি চিকিৎসকসকলৰ মুখামুখি হয়। এই সময়ত তেওঁৰ সৈতে আছিল পশ্চিমবংগৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰো (DGP Rajeev Kumar)।

অৱশ্যে মমতা বেনাৰ্জীক সন্মুখত দেখি বিভিন্ন শ্লোগান দি হুলস্থুলীয়া পৰিবেশৰ সূচনা কৰে। তেওঁলোকে মমতা বেনাৰ্জীৰ কোনো কথাই শুনিবলৈ নবিচাৰে। ফলত হাতত মাইক লৈয়ো তেওঁ ২ মিনিটৰো অধিক সময় মৌন হৈ থাকে। তাৰ পিছতে হুলস্থুলৰ মাজতে কনিষ্ঠ চিকিৎসকলক সম্বোধন কৰে।

মমতা বেনাৰ্জীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ কয়, ''নিৰাপত্তাজনিত বহু নিষেধাজ্ঞা থকাৰ পাছতো মই আপোনালোকৰ কাষলৈ আহিছো। আপোনালোকৰ আন্দোলনক সমৰ্থন জনাইছো। মই আপোনালোকৰ দুখ বুজি পাওঁ। ময়ো ছাত্ৰ আন্দোলনৰ মাজৰ পৰাই উঠি আহিছো।''

তেওঁ পুনৰ কয়, ''শুকুৰবাৰৰ নিশাৰ পৰা বৰষুণ অব্যাহত আছে। আপোনালোক যিদৰে বহি আছে সেয়া দেখি মোৰ কষ্ট হৈছে। যোৱা ৩৪ দিন ধৰি ময়ো নিশাৰ পিছত নিশা শুবলৈ পৰা নাই। আপোনালোক পথত থাকিলে আমিও পহৰা দিয়াৰ দৰে উজাগৰে থাকিবলগীয়া হয়।''

তেওঁ আন্দোলনকাৰীৰ দাবীসমূহ চৰকাৰে বিবেচনা কৰিছে বুলি আশ্বাস প্ৰদান কৰি কয়, ''যদি আপোনালোকে কৰ্মস্থলীলৈ ঘূৰি আহিব বিচাৰে তেন্তে মই প্ৰতিশ্ৰুতি দিছো আপোনালোকৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰিম। মই অকলে চৰকাৰ চলোৱা নাই। মুখ্য সচিব, গৃহমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে আপোনালোকৰ দাবীসমূহ আলোচনা কৰিম। যিসকল দোষী সেই সকলোৱে শাস্তি পাব। চি বি আইক অনুৰোধ কৰিছো দ্ৰুততাৰে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰক। দোষীৰ ফাঁচী হওঁক। কোনো দোষী থাকিলে আমি নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিম। এই কথা ক'বলৈকে মই আপোনালোকৰ কাষলৈ আহিছো।''

তেওঁ কয়, ''আপোনালোক মোৰ ঘৰৰ ভাই, ভনী। মই কোনো অন্যায় হ'বলৈ নিদিও। সকলো চিকিৎসালয়ৰ ৰোগী কল্যাণ সমিতি নতুনকৈ গঠন কৰা হ'ব। তাত কনিষ্ঠ চিকিৎসক, জ্যেষ্ঠ চিকিৎসক, নাৰ্ছ, আৰক্ষী সকলো থাকিব।

তেওঁ কনিষ্ঠ চিকিৎসকসকলক কৰ্মস্থলীলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনায়। মমতাই কয়, ''আপোনালোক কৰ্মক্ষেত্ৰলৈ ঘূৰি আহক। আপোনালোকৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নহ'ব। উচ্চতম ন্যায়ালয় (Supreme Court of India)ত গোচৰ চলি আছে। কোনো পদক্ষেপ আপোনালোকৰ বিৰুদ্ধে লোৱা নহ'ব। মুখ্যমন্ত্ৰী হিচাপে মই এইখিনি আশ্বাস দিব পাৰো। আন্দোলন সতীৰ্থ হিচাপে, আপোনালোকৰ জ্যেষ্ঠ বাইদেউ হিচাপে আহিছো। আমাক সময় দিয়ক, সকলো সঠিক হ'ব।''

স্মৰ্তব্য, ৯ আগষ্টত সংঘটিত হোৱা আৰ জি কৰ মেডিকেল কলেজ (RG Kar Medial College Hospital Incident) কাণ্ডৰ পাছতে কৰ্মবিৰতিত আছে কনিষ্ঠ চিকিৎসকসকল। তেওঁলোকৰ দাবী ভুক্তভোগী চিকিৎসকগৰাকীৰ ন্যায়, দোষীৰ ফাঁচী আৰু চৰকাৰী চিকিৎসালয়ত নিৰাপত্তা সুনিশ্চিতকৰণ। এই চিকিৎসকসকলেই চৰকাৰী চিকিৎসালয়ৰ দুৰ্নীতিৰ বিষয়টোও উত্থাপন কৰিছে।

আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ আৰ্থিক দুৰ্নীতিৰ বিষয়টোও আলোচনাৰ মাজলৈ অহাত ৰাজ্যখনৰ প্ৰতিখন চৰকাৰী চিকিৎসালয়ৰ দুৰ্নীতিৰ বিষয়টোও চৰ্চা হৈছে। কলকাতা উচ্চ ন্যায়ালয়(Kolkata High Court)ৰ নিৰ্দেশতে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ আৰ্থিক দুৰ্নীতিৰ দিশটোৰ চি বি আইয়ে তদন্ত কৰিছে।

ইতিমধ্যে চি বি আইয়ে আৰ জি কৰ মেডিকেল কলেজ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক গ্ৰেপ্তাৰ কৰিছে। তাৰোপৰি চিকিৎসালয়খনত দাদগিৰী কৰাৰ বাবেই অভীক দে, বিৰুপাক্ষ বিশ্বাস নামৰ দুজন চিকিৎসকক আই এম এমে নিলম্বন কৰিছে।

RG Kar Protest: প্ৰতিবাদী কনিষ্ঠ চিকিৎসকৰ সন্মুখত হঠাৎ উপস্থিত মমতা...
Sonapur Eviction: কচুতলীৰ উচ্ছেদ স্থলীত বীৰ লাচিত সেনাৰ প্ৰত্যাক্ৰমণৰ হুংকাৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in