প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ ল'ব ৰিয়ানে...

প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ ল'ব ৰিয়ানে...
Published on
Updated on

ডিজিটেল ডেস্কঃ আজিৰ পৰা আৰম্ভ হ'ব ভাৰত-জিম্বাবৱেৰ পাঁচখনীয়া টি-২০ শৃংখলা। জিম্বাবৱেত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ ল'ব অসম সন্তান ৰিয়ান পৰাগে। বহু প্রতীক্ষাৰ অন্তত প্রথমবাৰলৈ অসমৰ কোনো পুৰুষ ক্রিকেটাৰে ভাৰতৰ ছিনিয়ৰ দলত স্থান লাভ কৰিছে।

ধাৰাবাহিক উন্নত প্রদর্শনৰ ভিত্তিত ভাৰতীয় দলত সুযোগ পোৱা ৰিয়ান পৰাগে দেশৰ জাৰ্ছিত আজি অভিষেক ঘটোৱাৰ প্রবল সম্ভাৱনা আছে। বি চি চি আইৰ ঘৰুৱা প্রতিযোগিতাৰ লগতে সদ্যসমাপ্ত আই পি এলত দুর্দান্ত প্রদর্শন দাঙি ধৰিছিল ৰিয়ানে। সুন্দৰ প্ৰদৰ্শনৰ ভিত্তিত আত্মবিশ্বাসী হৈ থকা ৰিয়ানে জাতীয় দলৰ হৈও উজলি উঠাৰ লক্ষ্য লৈছে।

শুভমন গীলৰ নেতৃত্বত ৰিয়ানৰ উপৰি আন যুৱ খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি ভাৰতীয় দলত স্থান নিগাজিৰ লক্ষ্যৰে এই শৃংখলাত অৱতীৰ্ণ হ'ব। ৰিয়ানৰ লগতে অভিষেক শর্মাৰো অভিষেক ঘটাৰ সম্ভাৱনা আছে। আনহাতে ছিকন্দৰ ৰাজাৰ নেতৃত্বত ভাৰতীয় দলটোক কঠিন প্রত্যাহ্বান জনাবলৈ সাজু হৈ আছে জিম্বাব'ৱে দলটো। আজি বিয়লি ৪.৩০ বজাৰ পৰা আৰম্ভ হব ভাৰত-জিম্বাবৱেৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচ।

প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অংশ ল'ব ৰিয়ানে...
কোকৰাঝাৰত দুই সুৰা মাফিয়া গ্ৰেপ্তাৰ: পলাতক মূল অভিযুক্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in